অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
পণ্ডিত টেঙাই মহন ইংৰাজী ১৭১৫ চনত চৰাইদেউত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত জন্ম গ্রহণ কৰিছিল। তিনিজন ককায়েক-ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু।। | আহােম ৰাজত্বৰ শেষৰ ফালে সচেতন আৰু বুদ্ধিজীৱী আহােমসকল এক মহা সংকটত পৰিছিল। কাৰণটো হ'ল- আহােম দৰবাৰত বিভিন্ন কাৰণত আহােম ভাষাৰ পৰিৱর্তে অসমীয়া ভাষাই লাহে লাহে প্ৰসাৰ লাভ কৰিছিল। আনহাতে আহােম ভাষাই ক্রমান্বয়ে অৱহেলিত হােৱাৰ লগতে দৈনন্দিন কথা-বতৰৰ পৰা আঁতৰি যাবলৈ ধৰিলে। এনে, স্থলত সচেতন-বুদ্ধিজীৱী আহােমসকলে চিন্তিত হৈ পৰিল এইবুলি যে এসময়ত আহােম ভাষাটো একেবাৰে লুপ্ত হৈ যায়, তেতিয়া অসমৰ এটা জীয়া সভ্যতা অসমৰ ইতিহাসৰ পৰা নিঃশেষ হৈ যাব। কাৰণ আহােমসকল অসমলৈ আহোঁতেই সাহিত্য,
,বুৰঞ্জী ধৰ্ম, নৈতিকতা, জ্যোতিষ, দর্শন আদি বিষয়ৰ অনেক পুথি-পাজি লগত লৈ আহিছিল। তদুপৰি পাছৰ আহােম ৰাজত্ব কালতাে বিভিন্ন বিষয়ৰ অনেক গ্রন্থ ৰচনা হৈছিল। যিবিলাক এটা সময়লৈকে কেৱল আহােম ভাষাতে ৰচনা কৰা হৈছিল। আহােম সভ্যতা-সংস্কৃতিৰ সকলাে কথা এই পুথি, পাজিবােৰতেই লিপিবদ্ধ হৈ পৰিছিল। ভৱিষ্যত প্রজন্মই যাতে আহােম ভাষাটো শিকিব পাৰে তাৰ বাবে তেওঁ এখন আহােম অভিধান প্রণয়নৰ কাম হাতত লয়। কাৰণ ভাষাটো জীয়াই ৰাখিবলৈ। প্রথমে ধৰি ৰাখিব লাগিব ভাষাটোৰ শব্দবোৰ। আনহাতে ভাষা-বর্ণ নির্বিশেষে সকলােৱে যাতে। ভাষাটো শিকিব পাৰে সেই উদ্দেশ্যে তেওঁ এই কাম হাতত লয়। ১৭৭৫ চনত, গৌৰীনাথ সিংহৰ । ৰাজত্বৰ শেষৰ ফালে তেওঁ বৰ কাকত হু মুং পুথি’ নামৰ এখন অভিধান পুথি ৰচনা কৰে। সাঁচি পাতত লিখা এই পুথিখনত ৪২-খিলা পাত আছিল। ইয়াৰ জোখ আছিল ৪০x১০ ছেমি.। প্রতি পৃষ্ঠাত ৮-৯ টাকৈ শাৰী আছে। ইয়াত প্রতিটো আহােম শব্দৰ বিপৰীতে সম্ভাব্য সকলাে অসমীয়া অর্থ সন্নিবিষ্ট আছে। প্রতিটো শব্দৰ বিপৰীতে ‘চাম বা’ শব্দটো দিয়া হৈছে। ইয়াৰ অৰ্থ হ’ল ‘ববালে। উদাহৰণ স্বৰূপে কা চাম বা কাউৰীক’ (কাউৰীক কা বােলে)। ‘কা চাম বা যাবৰ’ (যােৱাক কা। বােলে), ‘খা চাম বা খেৰক’ (খেৰক খা বােলে) আদি। এনেকৈ শব্দবােৰ সন্নিবিষ্ট কৰিছে। অসমীয়া। শব্দবােৰৰ শেষত ক আৰু ৰ বৰ্ণ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ কাৰণ হল- ‘ক’ বর্ণ দিয়াবিলাক বিশেষ্য আৰু ৰ’ বর্ণ দিয়া বিলাক ক্রিয়া।
১৯১২ চনত কোঁচ বিহাৰৰ কৈলাশ চন্দ্র সেন নামৰ ব্যক্তি এজনৰ পৰা হেমচন্দ্র গােস্বামীদেৱে টেঙাই মহনে লিখা ‘বৰ কাকত হু-মুং’ পুথিখন উদ্ধাৰ কৰি বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত জমা দিয়ে। প্রকাশৰ উদ্দেশ্যে ১৯৩২ চনত নন্দনাথ ফুকনদেৱে এই পুথিখনৰ সম্পাদনাৰ কাম হাতত লয়। টেঙাই মহনে লিখি থৈ যােৱা বৰ কাকত হু-মুং’ পুথিখনৰ সম্পাদিত ৰূপটোৱেই হ'ল অসম বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ দ্বাৰা ১৯৬৪ চনত প্ৰকাশ কৰা আহােম লেকচিকন বৰ অভ্র খণ্ডটো।। | ‘বৰ কাকত হু-মুং’-অৰ উপৰিও লিপিবদ্ধ কৰা দুকুৰিৰাে অধিক পুথি পােৱা গৈছে। টেঙাই মহনেই। হ’ল অসমৰ প্রথম অভিধান প্রণেতা। তেখেতক আহােম ভাষাৰ পুথিৰ ভাঙনিৰ বাবে ইংৰাজ চাহাবে বিলাতলৈ লৈ গৈছিল বুলি জনা যায়। এই মহান অভিধানিকজনৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ খুৱাঙত মৃত্যু হয়।
* অসমৰ প্রথম অভিধান প্রণেতা কোন আছিল ?
উত্তৰ :- অসমৰ প্রথম অভিধান প্রণেতা
টেঙাই মহন ।
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ