অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে ।অসম চৰকাৰে দেওহাঁহ কিমান চনত ৰাজ্যিক পক্ষী হিচাপে ঘােষণা কৰে।
ৰাজ্যিক পক্ষী দেওহাঁহ । দেওহাঁহ অসমৰ ৰাজ্যিক পক্ষী। বগা ডেউকাযুক্ত দেওহাঁশহ, হাঁহৰ আটাইতকৈ ডাঙৰ প্রজাতিবােৰৰ এটা। ইয়াৰ গাটো ক'লা, ঠোটটো বগা হলেও তাত ক’লা ফোট আছে। ইয়াৰ ডেউকাত বগা দাগ কিছুমান আছে, যাৰ বাবে তাক ইংৰাজীত ‘হােৱাইট উইংড উড ডাক’ বুলি কোৱা হয়। ইয়াৰ । মাতটো অদ্ভুত, বহুতে দেও-ভূতৰ মাত বুলি ভয়াে খায়, সেইবাবে ইয়াক দেওহাঁহ নামেৰে জনা। যায়। দোকমােকালি আৰু সন্ধিয়া সময়ত এইবিধ হাঁহ বেছি সক্রিয় হৈ থাকে। ইহঁতে শস্যৰ গুটি, পাচলি, মাছ আৰু আন সৰু জীৱ, পানীত থকা পতংগ, কুমজেলেকুৱা, মকৰা আদি খায় | মাইকী দেওহাঁহে ১৬টা মানলৈকে কণী পাৰিব পাৰে। ঐতিহাসিকভাৱে দেওহাঁহক উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত পােৱা গৈছিল। পাছে আবাসভূমিৰ অৱলুপ্তি আৰু চিকাৰৰ বাবে সম্প্রতি এনে হাঁহৰ সংখ্যা দ্রুত হাৰত কমি আহিছে। দেওহাঁহবর্তমানে ইন্টাৰনেছনেল ইউনিয়ন ফৰ কনজাৰভেছন অব নেচাৰৰ (International Union for Conservation of Nature, সংক্ষেপে IUCN) বিপন্ন প্রাণীৰ ৰঙা তালিকা’ত স্থান লাভ কৰিছে। ২০০২ চনত এনে হাঁহৰ সংখ্যা ৮০০ মান হ’ব। বুলি ধাৰণা কৰা হৈছিল। তাঁৰে ৪৫০টা মান দেওহাঁহৰ বাসভূমি আছিল অসম। অসমত এতিয়া এনে দেওহাঁহ ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই বন্যপ্রাণী অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পােৱা যায়। অসম চৰকাৰে ২০০৩ চনৰ ৪ এপ্রিলত দেওহাঁহক ৰাজ্যিক পক্ষী। হিচাপে ঘােষণা কৰে।।
Read more.....👇👇👇👇
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ