অসমৰ ৰাজনৈতিক বুৰঞ্জী |। ৰাজনৈতিক বুৰঞ্জী | asamar rajnoitik buranj


ৰাজনৈতিক বুৰঞ্জী


 ৰাজনৈতিক বুৰঞ্জী । কামৰূপত বর্মন বংশ প্রতিষ্ঠাৰ পৰা পুৰণি কামৰূপ ৰাজ্যৰ প্ৰকৃত ৰাজনৈতিক বুৰঞ্জী আৰম্ভ হয়। প্রাচীন কামৰূপ ৰাজ্যৰ যিসকল ৰজাৰ বিষয়ে নির্ভৰযােগ্য ঐতিহাসিক সমল পােৱা গৈছে, তেওঁলােকৰ ভিতৰত পুষ্যবর্মনেই (৩৫০-৩৮০খ্রীঃ) প্রথম আৰু সেয়ে তেওঁক অসমৰ প্রথম ঐতিহাসিক ৰজা বােলা হয়। পুষ্যবৰ্মনৰ পাছত ক্রমে সমুদ্রবর্মন (আনুমানিক ৩৮০-৪০৫/৪১০ খ্রীঃ), বলবর্মন (আনুমানিক ৪০৫-৪২০ খ্রীঃ), কল্যাণ বর্মন (৪২০-৪৪০), গণপতি বর্মন (৪৪০-৪৫০), মহেন্দ্র বর্মন (৪৫০-৪৮৫), নাৰায়ণ বর্মন (৪৮৫-৫১০), ভূতি বর্মন (৫১০-৫৫০), চন্দ্রমুখ বর্মন (৫৫০-৫৬৫), স্থিত বর্মন (৫৬৫-৫৮৫), সুস্থিত বর্মন (৫৮৫-৫৯৩) আৰু সুপ্রতিষ্ঠিত বৰ্মনে (৫৯৩-৫৯৪) কামৰূপ শাসন কৰাৰ পাছত সুপ্রতিষ্ঠিত বৰ্মনৰ দ্বিতীয় পুত্র ভাস্কৰ বৰ্মন (৫৯৪-৬৫০) কামৰূপৰ ৰজা হয়। ভাস্কৰ বৰ্মনেই বর্মন বংশৰ শ্ৰেষ্ঠ নৃপতি। ভাস্কৰ বৰ্মনৰ দিনতে ৬৪০ খ্রীষ্টাব্দত চীনা পৰিব্রাজক হিউ-এন-ছাং কামৰূপলৈ আহে আৰু তেওঁৰ গ্ৰন্থ ‘চি-ইউ-কি’ত কামৰূপৰ বিষয়ে এটি বহুমূলীয়া টোকা লিপিবদ্ধ কৰে। সিংহাসনত আৰােহণ কৰিয়েই ভাস্কৰ বৰ্মনে নতুন চন 'ভাস্কৰাব্দ’ বা ‘কামৰূপী চন প্ৰৱৰ্তন কৰে। ভাস্কৰ বৰ্মন আছিল অবিবাহিত আৰু সেয়ে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন বুলি জনাজাত। অবিবাহিত আৰু নিঃসন্তান হােৱা বাবে ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে (আনুমানিক ৬৫০ খ্রীঃ) বর্মন বংশৰ ইতি পৰে।


ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী নথকাত কামৰূপৰ সিংহাসন লৈ যুঁজ-বাগৰ আৰম্ভ হয় আৰু অৱশেষত শালস্তম্ভ নামৰ এজন বিষয়াই কামৰূপৰ সিংহাসন অধিকাৰ কৰে আৰু নিজৰ নাম অনুসৰি ‘শালস্তম্ভ’ নামেৰে এটি নতুন ৰাজবংশ প্রতিষ্ঠা কৰে। শালস্তম্ভৰ পাছত এই বংশৰ কুৰিজন ৰজাই কামৰূপত ৰাজত্ব কৰে আৰু ইয়াৰ শেষ ৰজাজনৰ নাম আছিল ত্যাগাসিংহ (আনুমানিক ৯৭০-৯৯০ খ্রীঃ)। |

 ত্যাগসিংহ অপুত্রক হােৱাত শালস্তম্ভ বংশৰে ব্ৰহ্মপাল (আঃ ৯৯০-১০১০) কামৰূপৰ ৰজা হয় আৰু পালবংশৰ পাতনি মেলে। ইয়াৰ পাছত ক্ৰমে ৰত্নপাল (আঃ ১০১০-১০৪, ইন্দ্রপাল (১০৪০-১০৬৫), গােপাল (১০৬৫-১০৮০), হর্ষপাল (১০৮০-১০৯৫) আৰু ধর্মপাল (১০৯৫-১১২০) কামৰূপৰ ৰজা হয়। ৰজা হৈ ধর্মপালে কামৰূপৰ ৰাজধানা প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে। বর্তমানৰ উত্তৰ গুৱাহাটীয়েই সম্ভৱত তেতিয়াৰ কামৰূপ নগৰ আছিল। ধর্মপালৰ মৃত্যুত তেওঁৰ পুত্র জয়পাল (১১২০-১১৩৮) কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুতেই পাল বংশৰ যৱনিকা পৰে।।




ইয়াৰ পাছত ভিংগদেৱ (১১৩৮-১১৫০), বৈদ্যদেৱ, ৰায়ৰীদেৱ, উদয়কর্ণ, বল্লভদেৱ, ৰু আৰু সন্ধ্যা (১২৫০-১২৭০) নামৰ কেইবাজনাে ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। সন্ধ্যা মােগল আক্রমণৰ পৰা ৰক্ষা পাবলৈ কামৰূপৰ ৰাজধানী কামৰূপ নগৰৰ পৰা পাৰ কমতাপুৰলৈ তুলি নিয়ে। তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰূপ-কমতা হল আৰু ইয়াৰ অধিপতি বা ৰজাক বােলা হ’ল কমতেশ্বৰ বা কামেশ্বৰ।




সন্ধ্যাৰ পাছত সিন্ধুৰায় (১২৭০-১২৮৫), ৰূপনাৰায়ণ (১২৮৫-১৩০০), সিংহধ্বজ (১৩০০ ১৩০৫), প্রতাপধ্বজ (১৩০৫-১৩২৫), ধর্মনাৰায়ণ (১৩২৫-১৩৩০), দুর্লভনাৰায়ণ (১৩৩০১৩৫০) আৰু ইন্দ্ৰনাৰায়ণ (১৩৫০-১৩৬৫) কমতাৰ ৰজা হয়। সম্ভৱতঃ ইন্দ্ৰনাৰায়ণেই এই। বংশৰ শেষ ৰজা আছিল। | চতুর্দশ শতিকাৰ শেষৰফালে আৰিমত্ত নামৰ এজন ৰজাই গৌড় (পূর্বৰ কমতা ৰাজ্যৰ উত্তৰ অঞ্চল) শাসন কৰিছিল। আৰিমত্তৰ পাছত ৰত্নসিংহ, শ্ৰতৰংগ আৰু মৃগাংক নামৰ তিনিজন ৰজাই গৌড় শাসন কৰে। মৃগাংকৰ পাছত ভূঞাসকলৰ নীলধ্বজ নামৰ এজন। ভূঞাই গৌড়ৰ সিংহাসন দখল কৰি কমতাত এক নতুন ৰাজবংশৰ পাতনি মেলে। ইয়েই খেন। বা খান বা শেন বংশ। পঞ্চদশ শতিকাৰ শেষৰ ফালে মােগলসকলৰ আক্ৰমণত কমতা ৰাজ্য ধ্বংস হয় আৰু লগে লগে খেনবংশী ৰাজত্বৰৰ ওৰ পৰে। মােগলৰ এই আক্রমণৰ বাবে অহা বহু মুছলমান কামৰূপত ৰৈ যায় আৰু সম্ভৱতঃ এওঁলােকেই অসমৰ প্রথম মুছলমান অধিবাসী। . 


 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ








Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form