অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
ভাষা।
অসমৰ প্রধান ভাষা আৰু সাহিত্য অসমীয়া। অসম নামৰ পৰা উৎপত্তি হােৱা বুলিয়েই অসমৰ। ভাষাটোক ‘অসমীয়া’ আখ্যা দিয়া হৈছে। ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাকেইটাৰ ভিতৰত অসমীয়া ভাষা অন্যতম। অসমীয়া ভাষা ভাৰতীয় আর্য গােষ্ঠীৰ ভাষা। প্রাচীন ভাৰতীয় আর্য।ভাষাবিশেষেই ক্রম পৰিৱর্তনৰ মাজেদি আহি খ্রীষ্টীয় দশম-একাদশ শতিকামানত অসমীয়া ল’বলৈ আৰম্ভ কৰে। ১৮৩৬ চনত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল খ্রীষ্ট ধর্ম প্রচাৰক লৈ শিৱসাগৰত ভৰি দিয়াৰ পাছত তেওঁলােকৰ চেষ্টাত শিৱসাগৰ তথা উজনি অসমৰ অসমৰ আন অঞ্চলৰ উপ-ভাষাৰ ওপৰত প্রাধান্য লাভ কৰে আৰু সময়ত ইয়েই ৰাজ্যখনৰ মান্য। ভাষাৰূপে স্বীকৃতি লাভ কৰে। অসমত প্রচলিত আন ভাষাবােৰ হ’লঃ- ইংৰাজী, হিন্দী, বাংলা, বড়াে, কাবি, মিচিং, ৰাভা, দেউৰী, নেপালী আদি।
• অসমৰ মৌখিক সাহিত্য
লােকগীত
অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি হিচাপে প্রাচীন লােকগীতবােৰকে ধৰিব। পাৰি। অসমীয়া ভাষাৰ লােকগীতবােৰৰ এটা বিশেষত্ব আছে যে, এইবােৰক সাধাৰণতে গীত নুবুলি ‘নাম’ বােলা হয়। আন কথাত ক'বলৈ গ'লে, নাম আৰু গীত, এই দুয়ােটা বহু সময়ত সমার্থক হৈ একধৰণৰ গীতৰ অৰ্থত ব্যৱহাৰ হয়। অসমীয়া লােকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাই নাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি। অন্যান্য লােকগীতৰ ভিতৰত ফুলকোৱৰ-মণিকোৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰি, দেহবিচাৰ গীত, টোকাৰী গীত, ঐনিতম, মহােহাে গীত, জনা গাভৰুৰ গীত, শান্তি বাৰমাহীৰ গীত, বনঘােষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি উল্লেখযােগ্য। এইসমূহ লােকগীতৰ ৰচনা কাল ষষ্ঠ শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি বুৰঞ্জীবিদসকলে। অনুমান কৰিছে।
• প্রবচন আৰু ফকৰা-যােজনা
অসমীয়া মৌখিক সাহিত্যৰ আন এবিধ উল্লেখযােগ্য ৰচনা হ’ল প্রবচন আৰু ফকৰা-যােজনাসমূহ। অসমীয়া ভাষাত ডাক পুৰুষৰ নামত চলিত বা জড়িত প্রবচনসমূহেই আটাইতকৈ প্রাচীন এনেধৰণৰ মৌখিক সাহিত্য। ডাকৰ বচনবােৰৰ ভাষাৰ মনােগ্রাহিতা আৰু প্ৰকাশিকা শক্তি চমকপ্রদ। দৈনন্দিন জীৱনৰ নানান মূল্যৱান দিহা। ডাকৰ বচনবােৰত পােৱা যায়।
ফকৰা-যােজনাসমূহকো প্রবচনৰ সমার্থক বুলি বহু ক্ষেত্ৰত ধৰা হয়। দহৰ জ্ঞান, এক বাণী (The wisdom of many and the wit of one), এয়ে ফকৰা-যােজনাৰ মূল কথা। অসমীয়া ফকৰাবােৰ সাধাৰণতে গূঢ়ার্থক, ছন্দোবদ্ধ আৰু আপাত বক্তব্যৰ অন্তৰালত একোটা নিগঢ় অর্থ সােমাই থাকে। যােজনাবিলাকত এফাকি কথা পূৰাবলৈ আন এফাকি কথা যােগ কৰি দিয়া হয়। ফকৰা-যােজনাবােৰত শব্দৰ স্পষ্টতা আৰু অৰ্থৰ আধিক্য মন। কৰিবলগীয়া। এইবিলাকৰ সহায়েৰে চমু কথাৰেই বহুত কথা ক'ব পৰা যায়। ফকৰাযােজনাসমূহৰ ৰচনাৰ সময় নির্ণয় কৰা টান যদিও বুৰঞ্জীৰ ঘটনাৰ উল্লেখ থকা বা বৈষ্ণৱ প্রতি সদাচাৰ সম্পৰ্কীয় বচনসমূহৰ মােটামুটি সময় নির্ণয় কৰিব পৰা যায়। প্রবচন আৰু। সকৰা-যােজনাৰ উপৰি সাঁথৰ, সাধুকথা আদিও অসমীয়া মৌখিক সাহিত্যৰ অন্যতম উপাদান।
অসমৰ লিখিত সাহিত্য
• চর্যাপদ
অসমীয়া লিখিত সাহিত্যৰ প্রথম নিদর্শন চর্যাপদবােৰত পােৱা যায়। চর্যাপদবােৰ বৌদ্ধ ধর্মৰ মূল আচাৰ-নীতিবােৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল। ৰাগৰাগিনী অনুসৰি গােৱা এই গীতবােৰক চর্যাগীত, বৌদ্ধগান বা দোহাও বােলা হয়। চর্যাপদবােৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে।
প্রাক বৈষ্ণৱ সাহিত্য
• প্রাক বৈষ্ণৱ সাহিত্য চর্যাপদৰ পাছত চতুর্দশ শতিকালৈকে ধাৰাবাহিকভাৱে বিশুদ্ধ অসমীয়া সাহিত্যৰ নিদর্শন পােৱা নাযায়। ইয়াৰ পাছত চতুর্দশ শতিকাতে হেম সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিহৰ বিপ্র, কবিৰত্ন সৰস্বতী আৰু মাধৱ কন্দলিৰ দৰে কেইবাগৰাকীও প্রতিভাশালী কবিৰ আৱিৰ্ভাৱ হয়। এই সময়ছােৱাতে অসমীয়া সাহিত্যত লিখিত সাহিত্যৰ আদর্শ স্থাপিত হয়। ইয়াৰ আগতে চর্যাপদৰ বাহিৰে বাকীবােৰ কেৱল মৌখিক সাহিত্যহে আছিল। সেই সময়ছােৱাত ৰচিত হেম সৰস্বতীৰ ৰচনাকেই অসমীয়া ভাষাৰ প্রথম লিপিবদ্ধ সাহিত্যৰূপে স্বীকৃতি দিয়া হৈছে। প্রাক বৈষ্ণৱ যুগৰ কবিসকলৰ ভিতৰত মাধৱ কন্দলিৰ নাম বিশেষভাৱে উল্লেখযােগ্য। চতুর্দশ শতিকাতে মাধৱ কন্দলিয়ে বাল্মীকিৰ ৰামায়ণখন অসমীয়ালৈ ভাঙনি কৰে। আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাবােৰৰ ভিতৰত মাধৱ কন্দলিৰ এই অসমীয়া ৰামায়ণখনেই প্রথম। মাধৱ কন্দলিৰ আগতে তামিল আৰু কানাড়ী ভাষালৈ ৰামায়ণ অনূদিত হৈছিল।
বৈষ্ণৱ সাহিত্য
বৈষ্ণৱ সাহিত্য মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ আগভাগৰ পৰা, অর্থাৎ, পঞ্চদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ শেষলৈকে ৰচিত সাহিত্যৰাজিক বৈষ্ণৱ সাহিত্য, নৱ-বৈষ্ণৱ সাহিত্য বা বৈষ্ণৱ সাহিত্যৰ ভিতৰত সামৰিব পাৰি। এই যুগৰ কবিসকলৰ গুৰু আছিল শংকৰদেৱ আৰু সেয়ে বহুতে এইছােৱা সময়ক শংকৰী যুগ বুলিও অভিহিত কৰিছে। শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল এই যুগৰ প্রতিষ্ঠাতা। শংকৰদেৱেই পােনতে অসমীয়া গদ্যক সাহিত্যিক মর্যাদা দান কৰে। অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ আটাইতকৈ ডাঙৰ অৱদান হ’ল কীৰ্তন আৰু দশম। আকর্ষণীয় বিষয়বস্তু আৰু শুৱলা বর্ণনাৰ বাবে কীর্তনখন ল’ৰাৰ পৰা বুঢ়ালৈকে সকলােৰে অতি প্রিয়। গীতা, ভাগৱত, পুৰাণ আদিৰ সাৰ ভাগেৰে এই পুথিখন ৰচনা কৰা হৈছে। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত দশমখনেই শ্রেষ্ঠ। দশম’ বুলিলে দৰাচলতে ভাগৱতৰ সমগ্র দশম স্কন্ধৰ ভাঙনিকে বুজায় যদিও, অসমীয়া মানুহে শংকৰদেৱে ৰচনা কৰা অংশকহে সাধাৰণতে দশম’ বুলিলে বুজে। ইয়াত শ্ৰীকৃষ্ণৰ জন্ম আৰু বাল্য লীলাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাহিনী। মনােৰম বর্ণনা আছে। শংকৰদেৱে ৰচনা কৰা আন গ্রন্থসমূহ হ’ল ঃ ৰাম বিজয়, পাৰিজাত হৰণ । পত্নীপ্রসাদ, কালীয় দমন, কেলিগােপাল, ৰুক্মিণী হৰণ, চিহ্ন যাত্রা (এইখন শংকৰদেৱে ৰচনা কৰা। প্রথম কবিতা পুথি; এইখন কাব্যক প্ৰথম অসমীয়া নাটক বুলিব পাৰি), হৰিশ্চন্দ্ৰ উপাখ্যান, ভক্তি প্রদীপ, অজামিল উপাখ্যান, বলিচলন, গুণমালা, ভক্তি ৰত্নাকৰ, নিমি-নৱসিদ্ধ সংবাদ আদি। শংকৰদেৱ আছিল বৈষ্ণৱ ধৰ্মৰ প্রতিষ্ঠাতা আৰু প্ৰচাৰক। শংকৰদেৱে ৰচনা কৰা বৰগীত আৰু ভটিমা, এই দুই শ্ৰেণীত ভাগ কৰিব পাৰি। শংকৰদেৱে ২৫০ (আঢ়ৈশ) মান
বৰগীত ৰচনা কৰিছিল। কিন্তু গীতবােৰ ঘৰ পােৰা জুইত জাহ যােৱাত মানুহৰ মুখত ৩৫টা > মানহেৰলগৈ।বিষয়বস্তুৰ মহত্ত্ব বচনভংগীৰ সৌষ্ঠৱ, শাস্ত্রীয় সুৰৰ গাম্ভীর্য আৰু কল্পনাৰ সংযমেৰে।এই গীতবােৰৰ কেতবােৰ সুকীয়া বৈশিষ্ট্য আছে, যাৰ কাৰণে গীতবােৰক বৰ’, অর্থাৎ, শ্রেষ্ঠ বুলি প্রতিপন্ন কৰিব পাৰি। অংকীয়া নাট তথা ভাওনাৰ যােগেদি শংকৰদেৱে অসমীয়া নাট্যসাহিত্য আৰু নাট্যাভিনয়ৰাে সূচনা কৰিছিল। শংকৰদেৱৰ পাছত আন এজন লেখত লবলগীয়া কবিসাহিত্যিকহ’ল শংকৰদেৱৰ প্রিয়তম শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী মাধৱদেৱ (১৪৮৯-১৫৯৬)। মাধৱদেৱেও নানা গ্রন্থ, বৰগীত আৰু ভটিমা ৰচনা কৰিছিল। মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত নামঘােষা, চোৰধৰা পিম্পৰা গুচোৱা, ভূমি লেটোৱা আদি উল্লেখযােগ্য। শংকৰদেৱ আৰু মাধৱদেৱৰ পিচৰে পৰাই অসমীয়া সাহিত্য চহকী হৈ উঠে। সেই সময়ৰ আন কেইজনমান বিখ্যাত কবি-সাহিত্যিক হ’ল ঃ অনন্ত কন্দি, ৰাম সৰস্বতী, ৰত্নাকৰ কন্দলি, সার্বভৌম ভট্টাচার্য, গােপাল আতা, শ্ৰীধৰ কন্দলি, কলাপ চন্দ্র, ভট্টদেৱ আদি। এইসকলৰ ভিতৰৰে ৰাম সৰস্বতীয়ে বধকাব্য নামেৰে এক কাব্যশ্রেণীৰ সৃষ্টি কৰে আৰু ভট্টদেৱে প্ৰথমবাৰৰ বাবে সাহিত্য ৰচনাত গদ্যক একমাত্র প্রকাশ মাধ্যম হিচাপে গ্রহণ কৰে। সেয়ে ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হিচাপে আখ্যা দিয়া হয়।
পাঁচালী সাহিত্য
পাঁচালী সাহিত্য বৈষ্ণৱ যুগৰ প্ৰায়বােৰ কবিয়ে বৈষ্ণৱ ভাবাদর্শৰ দ্বাৰা অনুপ্রাণিত হৈ । সাহিত্য সৃষ্টি কৰিছিল যদিও তাৰ মাজতে কেইবাজনোে কবিৰ উদ্ভৱ হৈছিল, যিকেইজনক বৈষ্ণৱ আন্দোলনে বিশেষ প্ৰভাৱান্বিত কৰা নাছিল। এই কেইজন কবিক বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি বুলিও কোৱা হয় আৰু তেওঁলােকৰ দ্বাৰা ৰচিত গীত-পদক পাঁচালী সাহিত্য আখ্যা দিয়া হয়। পাঁচালী শব্দটো সংস্কৃত পাঞ্চালী বা পাঞ্চালিকা (অর্থ পুতলা) শব্দৰ পৰা উৎপত্তি হৈছে। সম্ভৱতঃ পুতলা নাচৰ আৰ্হিত যি কাব্য বা গীত বিভিন্ন মুদ্রা, নৃত্য আৰু বাদ্যৰ যােগেদি সুৰ ধৰি আবৃত্তি কৰা হৈছিল, সেই কাব্য-গীতেই পাঁচালী নাম পালে। এই ধাৰাৰ বিশিষ্ট কবি। কেইজন হ’ল পীতাম্বৰ, মনকৰ, দুর্গাবৰ আৰু সুকবি নাৰায়ণদেৱ।।
• চৰিত পথি আৰু বংশাৱলী
• চৰিত পুথি আৰু বংশাৱলী ঃ ষষ্ঠদশ শতিকাৰ শেষ দশকৰ পৰা অষ্টাদশ শতিকাৰ। প্ৰাৰম্ভলৈকে, এই সময়ছােৱাত চৰিত পুথি নামেৰে এক বিশেষ শ্ৰেণীৰ সাহিত্য সৃষ্টি। হয়। চৰিত পুথি হৈছে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু আন বৈষ্ণৱ ধর্ম গুৰুসকলৰ জীৱনীমূলক গ্রন্থ। চৰিত পুথিবােৰৰ কেইখনমান গদ্যত আৰু বাকী সৰহভাগেই পদ্যত ৰচিত। এতিয়ালৈকে জানিব পৰা মতে চৰিত পুথিৰ সংখ্যা ৩০ খনমান হ’ব। ইয়াৰ ভিতৰত শংকৰ-মাধৱৰ জীৱন-চৰিত পাঁচ-ছখনমান। অসমৰ কেইখনমান উল্লেখযােগ্য চৰিত পুথি। হ’ল ঃ কথা গুৰুচৰিত, দামােদৰ চৰিত, লক্ষীপতি চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত, আই কনকলতা চৰিত, গুৰু বর্ণনা আদি।
চৰিত পুথিৰ দৰেই বংশাৱলীবােৰাে সেই সময়ৰ আন এক শ্ৰেণীৰ বিশিষ্ট পদপুথি। বংশাৱলীবােৰত একো একোটা ৰাজবংশ বা গােসাঁই-মহন্ত পৰিয়ালৰ বংশানুক্রমিক বিৱৰণ পােৱা যায়।
আহােম যুগৰ সাহিত্য
• আহােম যুগৰ সাহিত্য আহােম ৰাজত্বৰ দিনতে অসমীয়া সাহিত্যৰ পৰিসৰ আৰু পৰিধি বৃদ্ধি হয়। অসমীয়া ভাষাক ৰজাঘৰীয়া ভাষালৈ তােলাত আহােমসকলৰেই বৰঙণি বেছি। বৈষ্ণৱ যুগৰ দৰে এই যুগতাে পদ, কাব্য, নাট, গীত আদি ৰচিত হয়। তদুপৰি এই যুগত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, শাক্ত সাহিত্য, ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, ইছলামী সাহিত্য আদিৰাে। বিকাশ হয়; গদ্য সাহিত্যয়াে পূৰ্ণৰূপ লাভ কৰে। তদুপৰি এই সময়তে সংস্কৃতত ৰচিত ভেষজ, জ্যোতির্বিদ্যা, অংক, নৃত্য আৰু স্থাপত্য সম্পর্কীয় বহু ৰচনা অসমীয়ালৈ অনূদিত হয়। অসমীয়া সাহিত্যলৈ আহােমসকলৰ এক অভিনৱ আৰু একচেটিয়া বৰঙণি হ’ল বুৰঞ্জী নামেৰে জনাজাত এক শ্ৰেণীৰ ঐতিহাসিক সাহিত্য। বুৰঞ্জী পােনতে আহােম ভাষাতহে লিখা হৈছিল যদিও আহােমসকল স্থানীয় সমাজত মিলি যােৱাৰ লগে লগে বুৰঞ্জীৰ মাধ্যম অসমীয়ালৈ পৰিৱর্তিত হয়। পুৰণি অসম বুৰঞ্জী নামৰ বুৰঞ্জী পুথিখনেই এতিয়ালৈকে পােহৰলৈ অহা বুৰঞ্জীসমূহৰ ভিতৰত পুৰণি। আধুনিক অর্থত এই বুৰঞ্জীবােৰ বিজ্ঞানসন্মত ইতিহাস নহলেও এইটো ঠিক | যে এই বুৰঞ্জীবােৰত আধুনিক ইতিহাসৰ ভালেখিনি সমল আছে। •
আধুনিক অসমীয়া সাহিত্য
আধুনিক অসমীয়া সাহিত্য ঃ ১৮২৬ চনত ইংৰাজে অসম অধিকাৰ কৰি লােৱাৰ পাছত আৰু অসমৰ শিক্ষা আৰু সাহিত্য জগতত পশ্চিমীয়া প্ৰভাৱ আহি পৰাৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হয়। আধুনিক অসমীয়া সাহিত্যৰ সৃষ্টিত আমেৰিকান মিছনেৰীসকলৰ অৱদানেই আটাইতকৈ বেছি। এওঁলােকৰ চেষ্টাতেই ১৮৪৬ চনত অসমৰ প্ৰথমখন সংবাদপত্র ‘অৰুনােদই প্রকাশ হয়। ইয়াৰ আগতে ১৮১৩ চনত মিছনেৰীসকলৰ উদ্যোগতে আত্মাৰাম শৰ্মাই বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল। শ্ৰীৰামপুৰত ছপা কৰা এই বাইবেলখনেই (ধর্ম পুস্তক) প্রথম অসমীয়া ছপা পুথি। মিছনেৰীসকলৰ উদ্যোগতেই কেইবাখনাে লেখৰ অসমীয়া কিতাপ সেই সময়ত ৰচিত আৰু প্রকাশিত হয়। তাৰ ভিতৰত এ গ্রামাৰ অব আছামিজ লেংগুৱেজ’, ‘আসাম বুৰঞ্জী’, ‘গ্রামাটিকেল নটিচেছ অক্ দি আছামিজ। লেংগুৱেজ’, ‘অসমীয়া লৰাৰ মিত্র’, ‘এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ’ আদিৰ নাম উল্লেখযােগ্য। ইয়াৰ উপৰি ১৮৬৭ চনত মাইলছ ব্রনছনে অছমীয়া আৰু ইংৰাজী অভিধান নামেৰে এখন অভিধানাে সংকলন কৰে। প্রায় ১৪,০০০ শব্দ সম্বলিত এইখনেই আছিল প্রথম অসমীয়া অভিধান আৰু ১৯০০ চন পর্যন্ত ইয়ে অসমীয়া ভাষাৰ একমাত্র পথ প্রদর্শক আছিল। ইয়াৰ আগতে ১৮৩৯ চনতে যাদুৰাম ডেকাবৰুৱাই এখন অসমীয়া অভিধান সংকলন কৰিছিল। যদিও সেইখন হাতেলিখা অৱস্থাতে অপ্রকাশিত হৈ ৰয়।।
সেই সময়ছােৱাৰ কেইগৰাকীমান উল্লেখযােগ্য কবি-সাহিত্যিক হ’ল ঃ আনন্দৰাম ঢেকিয়াল ফুকন, নিধিলিবাই ফাৰৱেল, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, ভােলানাথ দাস, লম্বােদৰ বৰা, বিষ্ণুপ্রিয়া দেৱী, পদ্মাৱতী দেৱী ফুকননী আদি।
আধুনিক অসমীয়া সাহিত্যৰ উত্তৰণত ‘জোনাকী’ৰ আৱিৰ্ভাৱ এক অতি তাৎপর্যপূর্ণ ঘটনা।
১৮৮৯ চনত এখন মাহেকীয়া আলােচনীৰ ৰূপত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ‘জোনাকী? নিকাশ হয়। জোনাকীয়ে অসমীয়া সাহিত্যলৈ ইংৰাজী ৰােমান্টিক ভাবাদর্শ আৰু ৰূপ (form) | কঢ়য়াই আনে। ইয়াৰ পাছত প্রকাশিত ৰামধেনু' আৰু ‘আৱাহন’ আলােচনীয়েও অসমীয়া সাহিত্যৰ বিকাশৰ ধাৰাটো অধিক সমৃদ্ধ কৰি তােলে। => আধুনিক অসমীয়া সাহিত্যৰ বিকাশত যিসকল কবি-সাহিত্যিকে স্মৰণীয় বৰঙণি যােগাই _ আহিছে সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, ০ পদ্মনাথ গােহাঞি বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, বেণুধৰ শৰ্মা, ৰঘুনাথ চৌধাৰী, অম্বিকাগিৰী। ৰায়চৌধুৰী, শৈলধৰ ৰাজখােৱা, যতীন্দ্রনাথ দুৱৰা, পাৱতি প্ৰসাদ বৰুৱা, ডিম্বেশ্বৰ নেওগ, জ্যোতিপ্ৰসাদ আগৰৱালা, সত্যনাথ বৰা, কমলাকান্ত ভট্টাচার্য, ৰত্নকান্ত বৰকাকতি, সূর্য কুমাৰ ভূঞা, নীলমণি ফুকন, দণ্ডিনাথ কলিতা, বাণীকান্ত কাকতি, ভগৱতী প্রসাদ বৰুৱা, অতুলচন্দ্র হাজৰিকা, গণেশ গগৈ, সীতানাথ ব্ৰহ্মচৌধুৰী, অমূল্য বৰুৱা, নৱকান্ত বৰুৱা, চৈয়দ আব্দুল মালিক, অজিৎ বৰুৱা, হােমেন বৰগােহাঞি, মহেন্দ্ৰ বৰা, হীৰেন গােহাঁই, বিৰিঞ্চি কুমাৰ বৰুৱা, ৰমা দাশ, তীর্থনাথ শর্মা, মহেশ্বৰ নেওগ, সত্যেন্দ্র নাথ শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, নলিনীবালা দেৱী, মফিজুদ্দিন আহমদ হাজৰিকা, বিনন্দ চন্দ্ৰ বৰুৱা, স্নেহ দেৱী, ভবেন্দ্র নাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, নিৰুপমা বৰগােহাঞি আদিৰ নাম উল্লেখযােগ্য।
