আহােমসকলৰ | জীৱিকা | ঘৰদুৱাৰ |খাদ্যাভ্যাস|পানীয়|ধর্মবিশ্বাস |বিবাহ|সাহিত্য|সংস্কৃতি|উপসংহাৰ

                     আহােমসকল

আহােমসকলৰ বসতিস্থান | আহােমসকলৰ জীৱিকা |আহােমসকলৰ ঘৰদুৱাৰ |আহােমসকলৰ খাদ্যাভ্যাস|আহােমসকলৰ পানীয়|আহােমসকলৰ ধর্মবিশ্বাস | আহােমসকলৰ বিবাহ|  আহােমসকলৰ সাহিত্য| আহােমসকলৰসংস্কৃতি|     আহােমসকলৰ  উপসংহাৰ বিষয়ে চমু বিবৰণ



আহােমসকল মূলতঃ টাই জাতিৰ মানুহ। অসমলৈ অহাৰ পাছৰ পৰাহে এওঁলােক আহোম নামে। অভিহিত হ'ল। এওঁলােকৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বর্তমানৰ ইউনান। প্রদেশৰ মুংমাও ৰাজ্যত। এওঁলােক টাইসকলৰ মাজৰ ডাঙৰ ফৈদ বুলি জনা যায়। এওঁলোকৰ পূর্বপুৰুষসকলে এয়ােদশ শতিকাতে চুকাফা ৰজাৰ নেতৃত্বত পাটকাই পর্বত পাৰ হৈ পূব অসম বা তেতিয়াৰ সৌমাৰত ৰাজ্য স্থাপন কৰে। পিচলৈ লাহে লাহে পশ্চিমে মানাহলৈকে ৰাজ্য বিস্তাৰ কৰি ৬০০ বছৰৰ অধিক কাল ৰাজ্য শাসন কৰে। এওঁলােকৰ ভাষা টাই বা শ্যান আছিল; কিন্তু কালক্ৰমত। নানা কাৰণত বিশেষকৈ ৰাজ্য বিস্তাৰৰ লগে লগে দেশৰ জনসংখ্যাও বৃদ্ধি পােৱাত প্ৰজাৰ সুবিধাৰ কথালৈ চিন্তা কৰি নিজ ভাষাৰ পৰিৱর্তে অসমীয়া ভাষা গ্রহণ কৰে। কিন্তু পুৰণা পূজা-সেৱা, ৰীতিনীতি সম্বন্ধীয় সকলাে কাম তেওঁলােকৰ পুৰােহিতসকলে টাই ভাষাতে চলাই থাকে আৰু আজিলৈকে চলাই আহিছে। সেইদৰে, ৰাজকীয় কাম-কাজবিলাকো অষ্টাদশ শতিকালৈকে আহােম ভাষাতেই চলাই আছিল। বর্তমান টাই ভাষা কোৱা মানুহ উত্তৰ পূব ভাৰতৰ অসমৰ পৰা আৰম্ভ কৰি ম্যানমাৰ, দক্ষিণ চীন, থাইলেণ্ড, লাওচ, কম্বােদিয়া, ভিয়েটনামলৈকে বিয়পিছে। আহােমৰ উপৰিও অসমত খামতি, ফাকে, খাময়াং, আইতন আৰু তুকং নামেৰে আৰু পাঁচটা টাই জনগােষ্ঠীয় লােক আছে। 


   

আহােমসকলৰ বসতিস্থান ঃ


তেওঁলােকৰ বসতিপ্রধান অঞ্চল হ’ল বর্তমানৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যােৰহাট, গােলাঘাট, লক্ষীমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলা। তদুপৰি, গুৱাহাটী মহানগৰকে ধৰি অন্য নগৰবিলাকতত বহুতাে আহােম লােকে বসবাস কৰি আছে। 


 

আহােমসকলৰ জীৱিকা ঃ


যােৱা শতিকাৰ শেষ ভাগলৈকে শালি ধানৰ খেতিয়েই তেওঁলােকৰ মুখ্য জীৱিকা আছিল। সমান্তৰালভাৱে গৰু-ম'হ, গাহৰি-ছাগলী, হাঁহ-কুকুৰা পুহিছিল। আজিকালি অৱশ্যে বহুতে জীৱ-জন্তু। পুহিবলৈ এৰি দিছে। আজৰি সময়ত পুৰুষসকলে গছ মুগাও পুহিছিল। তিৰােতাসকলে এৰী-মুগা, পাট

 পলুৰ পৰা সূতা কাটি তাঁত বৈ ঘৰখনৰ বাবে প্ৰয়ােজনীয় কাপােৰ যােগাৰ কৰি লৈছিল। শাক-পাচলিৰ বাৰী এখন, কল-তামােলৰ বাৰী এখন, কাঠনিবাৰী এখন আহােমসকলৰ বসতিস্থলত এটা স্বাভাৱিক দৃশ্য আছিল। মাটি থকাসকলে ঘৰতে চোমনি এখনাে পাতি লৈছিল। বর্তমান সেইবােৰ ভাঙি চাহ খেতি কৰিবলৈ লৈছে।


     

আহােমসকলৰ ঘৰদুৱাৰ ঃ

 আগতে তেওঁলােকে চাংঘৰত বাস কৰিছিল যদিও পিচলৈ মাটিৰ ভেটিত টুপ দিয়া দুচলীয়া ঘৰ । সাজি লৈছিল। সাধাৰণতে ঘৰৰ খুঁটাবােৰ কাঠৰ, বেৰবােৰ বাঁহৰ আৰু চাউনি খেৰেৰে কৰি লৈছিল। আজিকালি সকলােৰে পকী ঘৰ হৈছে। থকা ঘৰ দুটা - বৰঘৰ আৰু চ’ৰাঘৰ। বৰঘৰৰ মুধৰ কোঠাত ৰান্ধনিশাল থাকে। পিচৰ কোঠাটো খােৱা কোঠা হিচাপে ব্যৱহাৰ কৰে। বাকী থকা কোঠাবােৰ সাধাৰণতে জীয়ৰীসকলে শােৱা কোঠা হিচাবে ব্যৱহাৰ কৰে। চ’ৰাঘৰ আলহী-অতিথি বহা কোঠা আৰু শােৱা কোঠা হিচাপে ব্যৱহাৰ কৰে।


আন ঘৰৰ ভিতৰত প্রতিঘৰ মানুহৰ একোটাকৈ বা একাধিক ভঁৰালঘৰ, এটা গৰু-গােহালি, এটা কুকুৰা-গঁৰাল, এটা হাঁহ-ছাগলীৰ ভঁৰাল আৰু এটা গাহৰি-গৰাল থাকে। 


আহােমসকলৰ খাদ্যাভ্যাসঃ


ভাত হ’ল তেওঁলােকৰ মুখ্য আহাৰ। ভাতৰ লগত খােৱা ব্যঞ্জনবােৰ জুতি লগাই ৰন্ধাটো তেওঁলােকৰ এটা সংস্কৃতি। সাধাৰণতে এখন টেঙা শাক বা এখন মাহৰ আঞ্জা নাইবা খাৰৰ আঞ্জা, বিভিন্ন পাচলিৰ তৰকাৰী, মাছ বা মাংস আদি ভাজি বা পুৰি খাই ভাল পায়।। 


    

আহােমসকলৰ পানীয় ঃ


আহােমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এবিধ উপাদেয় পানীয় হ’ল লাও বা সাজ। সাধাৰণতে, লাহি আৰু বৰা চাউল মিহলি কৰি সিজাই তাৰ লগত হুৰপিঠা মিহলাই লাও-পানী তৈয়াৰ কৰা হয়। চাহ তেওঁলােকৰ আন এবিধ উপাদেয় পানীয়। 


আহােমসকলৰ ধর্মবিশ্বাস ঃ


আহােমসকলে উপৰিপুৰুযৰ অৱস্থিতিত বিশ্বাস কৰে আৰু উপৰিপুৰুষক পূজা-পাতল কৰাটোৱেই তেওঁলােক প্রধান ধর্ম আছিল। মৃত মাক-বাপেককে ধৰি চৈধ্য পুৰুষলৈকে ‘ডাম’ হিচাবে স্তৰে স্তৰে নিয়মিতভাৱে পূজা কৰে। চৈধ্য পুৰুষৰ ওপৰৰ উপৰিপুৰুষক ‘ফী’ দেৱতা হিচাপে ‘মে-ডাম মেফী’, ‘ওমফা’, ‘চাইফা’ আদি পূজা দি আহিছে। তদুপৰি, ‘ৰিকখন’, ‘জাচিংফা’, ‘লাইলুংখাম’ আদি পূজাও পাতি আহিছে। এই সকলাে পূজাতে জীৱ উছৰ্গা কৰা হয় আৰু টাই ভাষাতে স্তুতি-বন্দনা কৰা হয়। অৱশ্যে, বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাৰ পিচৰ পৰা তেওঁলােকৰ তিনি পণ্ডিত ফৈদ মহন-দেওধাই-বাইলুংসকলৰ বাহিৰে বাকীসকলে এইবােৰ পূজা-পাতল পাতিবলৈ এৰিলে।।

   

আহােমসকলৰ বিবাহ ঃ

 আহােমসকলৰ বাবে বিবাহ হ’ল বংশ ৰক্ষাৰ কাৰণে পতা এটা অতি গুৰুত্বপূর্ণ মাঙ্গলিক অনুষ্ঠান। তেওঁলােকে ‘চকলং আৰু “দেওবান’ এই দুই পদ্ধতিৰে বিবাহ সম্পাদন কৰে।


আহোমসকলৰ সাহিত্য ঃ


এওঁলােকৰ অভিধান, বুৰঞ্জী, আখ্যান, নীতিশাস্ত্র, জ্যোতিষশাস্ত্র, পূজাবিধি আদি আহােম ভাষাত লিখা অলেখ সাঁচিপতীয়া পুথি আছে।



    

আহােমসকলৰ সংস্কৃতি ঃ



বুৰঞ্জী চর্চা আহােমসকলৰ একক সংস্কৃতি। তদুপৰি কৃষি, স্থাপত্য, শিল্প-কলা, ৰেচম আৰু বয়ন শিল্প, পােছাক-পৰিচ্ছদ, আ-অলংকাৰ, খাদ্য প্রকৰণ, বিশ্বাস-অবিশ্বাস আদি অসমীয়া সংস্কৃতিৰ সকলােতে আহােমসকলৰ সাংস্কৃতিক প্রভাৱ দেখিবলৈ পােৱা যায়। উদাহৰণ স্বৰূপে শালি খেতিৰ প্ৰচলন, কঠিয়া পাৰ ধান ৰােৱা, গুটীয়া মহেৰে হাল বােৱা, দৰা-দৰাকৈ আলি দি খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা, টোমত ভৰাই কঠিয়াৰ সঁচ ৰখা আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি। স্থাপত্য কলাৰ ক্ষেত্ৰত টুপ দিয়া আৰু ফুল চতি দিয়া ঘৰ, চাং পতা ভঁৰাল, ঢাপ মৰা আৰু নঙলা দিয়া বাৰী, ইত্যাদি আহােমসকলৰ সংস্কৃতি। মুগা আৰু পাটপলু পুহি তাৰ পৰা সূতা উলিয়াই কাপােৰ বৈ তাৰে সাজপােচাক তৈয়াৰ কৰা, বিভিন্ন শাক-পাচলি আৰু মাছ-মাংসৰে উপাদেয় খাদ্য প্রস্তুত কৰাকে ধৰি অনেক। দিশত তেওঁলােকৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সংস্কৃতিত বিদ্যমান। 


   

আহােমসকলৰ উপসংহাৰ ঃ




ধনে-জনে অসমক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তােলা আৰু ইয়াত বসবাস কৰা সকলাে লােককে এক শাসনৰ অধীনলৈ আনি এটা অসমীয়া জাতি হিচাপে গঢ় দিয়াৰ লগতে, অসমত বসবাস কৰা বিভিন্ন জাতি আৰু জনগােষ্ঠীৰ মাজত সংযােগী ভাষা হিচাপে অসমীয়া ভাষাৰ ভেটি স্থাপন কৰাত আহােমসকলৰ অৱদান সবাতােকৈ বেছি।।


 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ











Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form