অসমত‌ আহোম ৰাজত্ব

 

অসমত‌ আহোম ৰাজত্ব


আহোম ৰাজত্ব অতি গুৰুত্বপূৰ্ণ আৰু উল্লেখযােগ্য অধ্যায়। বিভিন্ন জাতিজনজাতিৰ কন্দলৰ ফলত ভাগ ভাগ হৈ প্রাচীন কামৰূপৰ কেন্দ্রীয় শক্তি দুর্বল হৈ পৰা। সময়তে ত্রয়ােদশ শতিকাৰ আগভাগত উজনি ব্রহ্মদেশৰ মাওলং ৰাজ্যৰ ৰাজকোৱৰ চুকাফাৰ নেতৃত্বত এটি দল আহি পাটকাইত উপস্থিত হয়হি। প্রায় ১৩ বছৰ কাল পাটকাইৰ আশেপাশে অনাই-বনাই ফুৰাৰ পাছত ১২২৮ চনত চুকাফা নগাৰাজ্যৰ সীমাত সােমায়হি। চুকাফাই লগত

কেইবাজনাে পাৰিষদ, প্রায় ৯০০০ মুনিহ-তিৰােতা, ল’ৰা-ছােৱালী আৰু ভালেমান অস্ত্র-শস্ত্র আনিছিল বুলি জনা যায়। লাহে লাহে চুকাফা আগুৱাই আহি দিচাং নৈৰ কাষৰ। নামৰূপ পায়হি। তাৰ পাছত তেওঁ ৰাজধানী পাতিবৰ বাবে দিহিং, টিপাম, শলগুৰি, অভয়াপুৰী


। হাবং, লিগিৰা গাঁও, শিমলুগুৰি আদি কেইবাখনাে ঠাই নির্বাচন কৰিছিল যদিও বান= পানী _ আন আন অসুবিধাৰ বাবে কতাে স্থায়ী ৰাজধানী পাতিব নােৱাৰিলে। অৱশেষত খেতি


উপযােগী ভূভাগ আৰু বানপানীৰ পৰা মুক্ত শিৱসাগৰ জিলাৰ চৰাইদেউতেই ১২৫৩ চনত তেওঁ স্থায়ীকৈ আহােম ৰাজ্যৰ ৰাজধানী পাতে। এনেদৰে অসমত ছশ বছৰীয়া আৰু সমগ্র। ব্রহ্মপুত্র উপত্যকা জোৰা আহােম সাম্রাজ্যৰ ভেটি প্রতিষ্ঠা হ’ল। চুকাফাৰ ৰাজ্য স্থাপনৰ সময়তে দিখৌ আৰু দিচাং নৈৰ মাজ অংশত বসবাস কৰা মৰাণ আৰু বৰাহীসকলৰ ৰাজ্য। আহােম ৰাজ্যৰ অন্তর্ভুক্ত হয়। ১২৬৮ চনত চুকাফা স্বর্গী হয়।


চুকাফাৰ মৃত্যুৰ পাছত ক্রমে চুচেওফা (১২৬৮-১২৮১), চুবিনফা (১২৮১-১২৯৩), চুখাংফা। (১২৯৩-১৩৩২), চুখ্ৰাংফা(১৩৩২-১৩৬৪), চুতুফা (১৩৬৪-১৩৭৬), তাওখামটি (১৩৮০১৩৮৯), চুদাংফা বা বামুণী কোঁৱৰ (১৩৯৭-১৪০৭) আহােম ৰাজসিংহাসনত উঠে। বামুণী কোৱৰেই প্রথম হিন্দুৰ আচাৰ-নীতি গ্রহণ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে শিঙৰি ঘৰত উঠাৰ প্রথা প্রচলন কৰিছিল। এৱেঁই আহােমৰ ৰাজধানী চৰাইদেউৰ পৰা তুলি আনি শিৱসাগৰৰ পৰা ১০ মাইল দূৰৰ দিহিঙৰ পাৰৰ চৰগুৱাত স্থাপন কৰে। | চুদাংফা বা বামুণী কোঁৱৰৰ পাছত ক্রমে চুজাংফা (১৪০৭-১৪২২), চুফাফ্ফা (১৪২২১৪৩৯), চুচেনফা (১৪৩৯-১৪৮৮), চুহানফা (১৪৮৮-১৪৯৩), চুপিমফা (১৪৯৩-১৪৯৭) আৰু চুহুংমুং বা স্বৰ্গনাৰায়ণ (১৪৯৭-১৫৩৯) আহােমৰ ৰজা হয়। স্বৰ্গনাৰায়ণে আহােম। ৰাজধানী চাৰগুৱাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ তুলি আনে। এইজনা স্বৰ্গদেউৰ দিনতে প্রথম লােকপিয়ল কৰা হৈছিল। স্বৰ্গদেউ স্বৰ্গনাৰায়ণেই আহােমসকলৰ পূৰ্বৰ ‘আইজোতা’ অব্দৰ পৰিৱর্তে হিন্দুৰ শকাব্দ’ গ্রহণ আৰু প্রচলন কৰে। তদুপৰি এইজনা স্বৰ্গদেৱেই অসমীয়া। ভাষাত প্রথম বুৰঞ্জী লিখােৱাইছিল।


এওঁৰ পাছত চুক্লেংমুং (১৫৩৯-১৫৫২) আহােম ৰাজপাটত উঠে। এওঁ বকতাৰ পৰা আহােম ৰাজধানী গড়গাঁৱলৈ তুলি আনে আৰু সেইবাবে তেওঁক গড়গঞা ৰজাও বােলা হয়। এইজনা স্বর্গদেৱে গড়গাঁও পুখুৰী খন্দোৱায় আৰু নগা আলি বন্ধোৱায়। | চুক্লেংমুঙৰ পাছত ক্রমে চুখামফা বা খােৰাৰজা (১৫৫২-১৬০৩), চুচেনফা বা প্রতাপ


সিংহ বা বুদ্ধি স্বৰ্গনাৰায়ণ (১৬০৩-১৬৪১) আহােম স্বৰ্গদেউ হয়। অসম বুৰঞ্জীৰ এক বিচক্ষণ। চৰিত্র সুদক্ষ মােমাই তামুলী বৰবৰুৱা স্বৰ্গদেউ প্রতাপ সিংহৰ প্ৰথম বৰবৰুৱা আছিল। প্রতাপ সিংহই পাইক প্ৰথাৰ সৃষ্টি কৰি প্রতি হাজাৰ, শ আৰু কুৰি পাইক-গােটৰ ওপৰত ক্রমে হাজৰিকা, শইকীয়া, বৰা আদি পদৰ সৃষ্টি কৰিছিল। | প্রতাপ সিংহৰ পাছত চুৰামফা বা ভগা ৰজা (১৬৪১-১৬৪৪), চুটিনফা বা নৰীয়া ৰজা বা কেঁকোৰা ৰজা (১৬৪৪-১৬৪৮) আৰু চুৰামলা বা জয়ধ্বজ সিংহ (১৬৪৮-১৬৬৩) আহােম ৰাজপাটত উঠে। এওঁৰ দিনতে সােণকোষ নদী পর্যন্ত আহােম সাম্রাজ্য সম্প্রসাৰিত হােৱাৰ লগতে



প্রায় সমগ্র ব্রহ্মপুত্র উপত্যকা আহােম ৰাজ্যৰ অন্তর্ভুক্ত হয়। জয়ধ্বজ সিংহৰ দিনতে মােগলে। মিজমলাৰ নেতৃত্বত ১৬৬২ চনত অসম আক্ৰমণ কৰি আহােমৰ ৰাজধানী গড়গাঁও অধিকাৰ  কৰে। এই আক্রমণৰ বাবে জয়ধ্বজ সিংহ গড়গাঁও এৰি পলাই যায়। সেইবাবে তেওঁক ভগনীয়া। = ৰজাও বােলা হয়। ইয়াৰ পাছত মােগল আৰু আহােমৰ মাজত এক সন্ধি হয় আৰু সেই সন্ধিমতে


বন্ধুপত্ৰৰ উত্তৰপাৰে ভৰলী নদী আৰু দক্ষিণে কলং নদীলৈকে আহােম ৰাজ্যৰ সীমাৰেখা নির্ধাৰিত হয়। ইয়াৰ উপৰি সেই সন্ধিমতে আহােম ৰজাই মােগলক যুদ্ধৰ ক্ষতিপূৰণ হিচাপে নগদ ধন দিয়াৰ লগতে ৰজাৰ জীয়াৰী ৰমণী গাভৰুক মােগলৰ হেৰেমলৈ পঠিয়াবলগীয়া হল।


জয়ধ্বজ সিংহৰ পাছত চুপুংমুং বা চক্ৰধ্বজ সিংহ (১৬৬৩-১৬৬৯) আহােমৰ ৰজা হয়। স্বাধীনতাপ্রিয় আৰু বঙালৰ অধীন হৈ থকাতকৈ মৰণেই শ্রেয়’ বাণীত বিশ্বাসী চক্ৰধ্বজ সিংহই মােগলৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হয় আৰু ইয়াৰ বাবে তেওঁ মােমাই তামুলী বৰবৰুৱাৰ সুযােগ্য। পুত্র সমৰকুশল লাচিতক বৰফুকন পাতে। এই আয়ােজনত চক্ৰধবজ সিংহক লাচিতৰ লগতে বিশেষভাৱে সহায় কৰে সুচতুৰ ৰাজনীতিজ্ঞ আতন বুঢ়াগােহাঁয়ে। ১৬৬৭ চনৰ আগষ্টমাহত লাচিত বৰফুকনৰ নেতৃত্বত আহােমে মােগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ কৰে। ১৬৬৯ চনত হঠাৎবহুমুত্র ৰােগত আক্ৰান্ত হৈস্বৰ্গদেউ চক্ৰধ্বজ সিংহস্বর্গীহয়। চক্ৰধ্বজ সিংহৰ আকস্মিক মৃত্যুত। তেওঁৰ ভ্ৰাতৃ চুনাফা ৰাজপাটত উঠে (১৬৬৯) আৰু হিন্দু নাম উদয়াদিত্য সিংহ গ্ৰহণ কৰে। এইজনা স্বৰ্গদেউৰ ৰাজত্ব কালতে ১৬৭১ চনত পাণ্ডুৰ ওচৰৰ শৰাইঘাটত আহােম আৰু মােগলৰ তয়াময়াৰণ লাগে। অসম বুৰঞ্জীত এইৰণেইশৰাইঘাটৰ ৰণ নামেৰে প্রখ্যাত। সমৰ কুশল আহােম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত আহােম সৈন্যই মােগলক এইৰণত শােচনীয়ভাৱে পৰাভূত কৰে। এই যুদ্ধৰ ফলত পশ্চিমৰ মানাহ 

নদীয়েই মােগল আৰু আহােমৰ সীমা নির্ধাৰণ হয়। ১৮২৬ চনত ইংৰাজে অসম অধিকাৰ নকৰা পর্যন্ত মানাহনদীয়েই অসমৰ পশ্চিম সীমা আছিল।


শৰাইঘাটৰ ৰণৰ পাছতেই আহােম সাম্ৰাজ্যত আৰম্ভ হােৱা অন্তর্বিপ্লৱে অসমৰ ইতিহাসত এক সংকটময় আৰু কলংকিত অধ্যায়ৰ সূচনা কৰে। ১৬৭০ চনৰ পৰা ১৬৮১ চনলৈকে, — এই সময়ছােৱা আছিল অসমৰবাবে অতি ভয়ংকৰ। ক্ষমতা লাভৰবাবে আহােম। ৰাজকোৱৰ আৰু অন্যান্য বিষয়াসকলৰ মাজত প্রতিদ্বন্দ্বিতা চলাৰ উপৰি ৰাজকোৱৰে ৰাজকোঁৱৰক অংগক্ষত কৰিছিল। আহােম বিধিমতে ঘূণীয়া বা কোনাে অংগত ক্ষত থকা ৰাজকোৱৰ সিংহাসনতবহিব নােৱাৰিছিল।


চক্ৰধ্বজ সিংহৰ পাছত ৰজা হােৱা চুটিনফাবা উদয়াদিত্যক ষড়যন্ত্র কৰি ডেবেৰা হাজৰিকাৰ হতুৱাই হত্যা কৰি উদয়াদিত্যৰ ভ্ৰাতৃ চুক্লংফা বা ৰামধ্বজ সিংহ (১৬৭৩-১৬৭৫) ৰাজপাটত বহে। ১৬৭৫ চনতচুক্লংফা ওৰফেৰামধ্বজ সিংহস্বর্গী হয়।


মধ্বজৰ পাছত কেইবাবাৰাে ৰজা ভঙা-পতা হয় যদিও সেইসময়ত ৰাজ্যৰ শাসনভাৰ ঘাইকৈ পৰিচালনা কৰিছিল আতনবুঢ়াগােহাঁয়ে। ৰাজ্য শাসনৰ ক্ষেত্ৰত আগবঢ়োৱা সুচিন্তিত দিহা-পৰামর্শ আৰু অনুপম ৰাজভক্তিৰ বারে আতনবুঢ়াগােহাঁইৰ নাম অসম বুৰঞ্জীত বিশেষভাৱে উল্লেখযােগ্য।



ইয়াৰ পাছত চুলিফা বা ৰত্নধ্বজ সিংহ (১৬৭৯-১৬৮১) আহােম ৰাজপাটত উঠে‌ কম বয়সতে ৰজা হােৱা বাবে এওঁক ল’ৰা ৰজা বােলা হৈছিল। সেই সময়ত অসমৰ বৰফুকন: আছিল লালুকসােলা বৰফুকন। অতি ক্ষমতালােভী আৰু স্বার্থপৰ ৰাজবিষয়াৰূপে কখ্যাত লালকসােলা ল’ৰা ৰজাৰ দিনত ৰাজ্যৰ উঠি ৰজা বহি ৰজা হৈ পৰিছিল আৰু তেওঁ ৰজা হ’ব পৰা সকলাে ফৈদৰ আহােম ৰাজকোৱৰৰে হয় অংগক্ষত, নহয় সিসকলক বধ কৰােৱাইছিল। কিন্তু। লালুকসােলাৰ এই সন্ত্রাসৰপৰা তুংখুঙীয়া ফৈদৰ গদাপাণি পলাই সাৰে। গদাপাণি ক’ত পলাই আছেগৈ, তাৰ সন্ধান কৰাৰ নামত লালুকসােলাই গদাপাণিৰ পত্নী জয়মতীক ধৰাই আনি অমানুষিক শাস্তি দিয়ে আৰু ফলত জয়মতীৰ মৃত্যু হয়। দেশ আৰু স্বামীৰ বাবে সেই অবর্ণনীয় শাস্তি ভােগ। কৰি জয়মতীয়ে মৃত্যু বৰণ কৰিলে যদিও দুৰাচাৰী লালুকসােলাক স্বামীৰ সন্ধান নিদিলে। জয়মতীৰ সেই দেশপ্রেম, স্বামী ভক্তি, মনােবল আৰু সহনশীলতা আজিও প্ৰতিগৰাকী নাৰীৰ বাবে আদর্শনীয় আৰু অসমীয়া জাতিৰ বাবে অক্ষয় গৌৰৱ।

.......

............................

জয়মতীৰ মৃত্যু আৰু লালুকসােলাৰ ক্রমাগতভাৱে বাঢ়ি অহা অত্যাচাৰত অতিষ্ঠ হৈ তেওঁৰে গা-ৰখীয়া ভােটাই ডেকাই ১৬৮০ চনত লালুকসােলাক হত্যা কৰে। লালুকসােলাৰ মৃত্যুৰ লগে লগে আহােম সাম্রাজ্যত চলি অহা অনীতি, অত্যাচাৰ আৰু সন্ত্রাসৰে ওৰ পৰে।


ইয়াৰ পাছত গদাপাণিয়ে আহােমৰ নিয়মমতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ (১৬৮১-১৬৯৬) নাম লৈ ৰাজপাটত উঠে। এওঁৰ দিনতে ১৬৯৪ চনত ব্রহ্মপুত্র নদীৰ মাজত উমানন্দ দেৱালয় নির্মাণ হয়।


গদাধৰ সিংহৰ পাছত তেওঁৰ জ্যেষ্ঠ পুত্র লাই বা চুক্রামফা বা ৰুদ্ৰ সিংহ (১৬৯৬-১৭১৪) আহােমৰ ৰজা হয়। ৰুদ্ৰসিংহকেই আহােমসকলৰ শ্ৰেষ্ঠ নৃপতিৰ আখ্যা দিয়া হয়। তেওঁ ৰংপুৰত নতুন ৰাজধানী পাতিছিল। তদুপৰি মাতৃ জয়মতীৰ পৱিত্ৰ স্মৃতিত নিৰ্মাণ কৰা জয়দৌল আৰু জয়সাগৰ পুখুৰী, কাৰেং ঘৰ, নামডাঙৰ শিলৰ সাঁকো, খৰিকটীয়া আলি, মেটেকাৰ আলি আদিও তেওঁৰে কীর্তি। ৰুদ্ৰসিংহয়েই অসমীয়া বিহু-সংস্কৃতিক ৰাজকীয় মর্যাদা দিছিল। ৰুদ্ৰ সিংহৰ দিনতে আহােমৰ পশ্চিম সীমা পূর্বৰ মানুহৰ পৰা কৰতােৱা নদীলৈকে সম্প্রসাৰিত হৈছিল।


ৰুদ্ৰ সিংহৰ পাছত চুতাফা বা শিৱ সিংহ (১৭১৪-১৭৪৪) আহােম ৰাজপাটত উঠে। এওঁৰ দিনতে শিৱসাগৰৰ ধাই আলি, গৌৰীসাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী, শিৱদৌল আদি। নির্মিত হয় আৰু ‘হস্তীবিদ্যার্ণৱ’কে ধৰি কেইবাখনাে গ্রন্থ ৰচিত হয় আৰু আনকেইবাখনাে গ্রন্থ সংস্কৃতৰ পৰা অসমীয়ালৈ ভাঙনি কৰা হয়। এইজনা স্বৰ্গদেৱৰ দিনতে ইতিহাসপ্রসিদ্ধ মােৱামৰীয়া বিদ্রোহৰাে বীজ অংকুৰিত হৈছিল আৰু সিয়েই পৰৱৰ্তী কালত আহােম ৰাজত্বৰ পতনৰাে। অন্যতম কাৰণ হৈছিলগৈ।।


ইয়াৰ পাছত চুনেনফা বা প্রমত্ত সিংহ (১৭৪৪-১৭৫১) আহােম ৰাজপাটত উঠে। স্বৰ্গদেউ। ৰুদ্ৰসিংহই কাঠ-বাঁহেৰে আৰম্ভ কৰি যােৱা ৰংঘৰৰ ঠাইতেই প্রমত্ত সিংহই বর্তমানৰ পকী পকী ৰংঘৰ। 


নির্মাণ কৰে। গড়গাঁৱৰ সিংহদুৱাৰ, গুৱাহাটীৰ শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰাে এইজনা ৰজায়েই নির্মাণ কৰে।


প্রমত্ত সিংহৰ পাছত ক্ৰমে ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯) আৰু চুনী সিংহ (১৭৬৯১৭৮০) আহােম ৰাজপাটত উঠে। ৰাজেশ্বৰ সিংহৰ দিনতেই আহােম ৰাজ্যৰ পতনৰ বীজ রােপিত হৈছিল আৰু ইয়েই পৰৱৰ্তী কালত বটবৃক্ষৰ ৰূপ লৈ আহােম ৰাজত্বৰ পতন ঘটাইছিল। লক্ষীসিংহৰ দিনতে ১৭৬৯ চনত মােৱামৰীয়াসকলে আহােমৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰি ৰংপুৰ অধিকাৰ কৰে।


লক্ষ্মী সিংহৰ পাছত গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫) আহােম ৰাজপাটত বহে। এওঁৰ দিনতাে একাধিকবাৰ মােৱামৰীয়াসকলে বিদ্রোহ কৰি আহােম শক্তিক দুর্বল কৰি পেলালে । ইয়াৰ পাছত গৌৰীনাথ সিংহই ইংৰাজৰ সহায় বিচাৰে আৰু ইংৰাজৰ সহায়ত পুনৰ ৰাজ্যভাৰ গ্রহণ কৰে। আহােম স্বৰ্গদেউসকলৰ ভিতৰত গৌৰীনাথ সিংহই সকলােতকৈ অযােগ্য, অত্যাচাৰী, অকর্মণ্য, দুর্বল আৰু ভীৰু ৰজা আছিল। তেওঁৰ দিনত জনসাধাৰণৰ দুখ-দুর্গতিৰ সীমা নােহােৱা হৈছিল। গৌৰীনাথ সিংহই ১৭৯৪ চনত আহােম ৰাজধানী ৰংপুৰৰ পৰা যােৰহাটলৈ তুলি আনে।


| গৌৰীনাথ সিংহৰ মৃত্যুৰ পাছত ক্রমে কমলেশ্বৰ সিংহ (১৭৯৫-১৮১০) আৰু চন্দ্রকান্ত সিংহ (১৮১০-১৮১৮) আহােমৰ ৰজা হয়। চন্দ্রকান্ত সিংহৰ দিনতে মানে প্রথমবাৰৰ বাবে অসম আক্ৰমণ কৰে। ইয়াৰ পাছত পুৰন্দৰ সিংহ (১৮১৮-১৮১৯) আহােমৰ ৰজা হয়। এওঁৰ ৰাজত্বকালত ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰে। পুৰন্দৰ সিংহৰ পাছত চন্দ্রকান্ত সিংহ পুনৰ আহােম ৰাজপাটত বহিছিল যদিও সেই সময়ছােৱাত চন্দ্রকান্তৰ নামত মানেহে অসমত ৰাজত্ব কৰিছিল। ১৮২০ চনমানত মানবােৰে অসম এৰি যােৱাত চন্দ্রকান্তই মানসেনাৰ অধীনত্ব দলিয়াই পেলােৱাৰ যাে-জা কৰিলে। সেই খবৰ পাই ১৮২১ চনৰ মার্চ মাহত মানে তৃতীয়বাৰৰ বাবে অসম আক্রমণ কৰে আৰু আহােম ৰাজ্য দখল কৰি যােগেশ্বৰ সিংহক আহােমৰ ৰজা পাতে।।


১৮১৯ চনৰ পৰা ১৮২৪ চনলৈকে মানে অসমত শাসন চলােৱাৰ নামত প্ৰজাৰ ওপৰত অবর্ণনীয় অত্যাচাৰ চলাইছিল। অবাধ লুণ্ঠনৰ লালসাত মানে অসমত উপদ্ৰৱ কৰি সমগ্র ৰাজ্যখনকেই ছাৰখাৰ কৰি পেলাইছিল। এই সময়ছােৱাত নৃশংসভাৱে নৰহত্যা কৰি, সাসম্পত্তি লুট কৰি, গাঁৱৰ পিছত গাঁও ধ্বংস কৰি, মুনিহ-তিৰােতা, ল'ৰা-ছােৱালী, ডেকা-বুঢ়া নির্বিচাৰে সকলােৰে ওপৰত অকথ্য অত্যাচাৰ চলাই মানে অসমত এক চৰম দুঃশাসন। চলাইছিল। ইয়াৰ ফলত সমগ্ৰ অসমেই ধ্বংস হৈ যায় আৰু সমাজ-ব্যৱস্থাও ভাগি চুৰমাৰ হয়।। বহু শতিকা ধৰি ক্ৰমান্বয়ে গঢ়ি উঠা সামাজিক ব্যৱস্থাৰাে ভেটি চুচুৰ্ম হৈ যায়। মানৰ এই অত্যাচাৰ আৰু সন্ত্রাস আজিও অসমবাসীয়ে ‘মানৰ দিন’ বুলি শংকাৰে সোঁৱৰে।।


| অৱশেষত আহােমৰ অনুৰােধক্রমে ১৮২৪ চনত ইংৰাজে মানক দমন কৰিবৰ বাবে মানৰ লগত যুঁজ দিয়ে আৰু এই যুঁজত ইংৰাজে জয়লাভ কৰে। ইয়াৰ পিচৰ কেইবাখনাে যুদ্ধত

ইংৰাজৰ উন্নত অস্ত্র-শস্ত্ৰ আৰু ৰণকৌশলৰ আগত মানসেনা সম্পূর্ণভাৱে পৰাভূত হয়। অৱশেষ


১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্রহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ লগত মানে সন্ধি কৰে আৰু এই | সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ হাতলৈ যায়। যিবােৰ ৰাজ্যক লৈ ইংৰাজ-অধিকৃত ভাৰত


গঠিত হৈছিল তাৰ ভিতৰত সর্বশেষ ৰাজ্য আছিল অসম। এনেদৰেই চুকাফাই অসীম সাহস | আৰু বীৰত্বৰে প্রতিষ্ঠা কৰা ছশবছৰীয়া আহােম ৰাজত্বৰ লগতে অসমৰাে স্বাধীনতাৰ বেলি মাৰ যায় আৰু ১৮২৬ চনৰ পৰা অসম ইংৰাজৰ অধীন হ’বলগীয়া হয়।




Read more.....👇👇👇👇

অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

 Read More... 👇👇✍️👇👇

• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ ‌মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য 

• দেশপ্রেমিক বীৰ   লাচিত বৰফুকন বিষয়ে 

• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে

• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ

• Today gk and currennt Affairs in assamese

• Best Assam gk books




• পদ্মনাথ গােহাঞি বৰুৱা | পদ্মনাথ গােহাঞি বৰুৱাৰ জীৱনি | পদ্মনাথ গােহাঞি বৰুৱা ৰ বিষয়ে | পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম কোন চনত হৈছিল | পদ্মনাথ গােহাঞি বৰুৱাৰ ৰচিত কবিতা পুথি | গােহাঞি বৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটকসমূহ হ'ল | গােহাঞি বৰুৱাৰ ৰচিত প্রহসন নাটসমূহ | গােহাঞি বৰুৱাৰ ৰচিত উপন্যাসসমূহ হ’ল | গােহাঞি বৰুৱাৰ ৰচিত আত্মজীৱনী | গােহাঞি বৰুৱাৰ ৰচিত ধর্মমূলক গ্রন্থ সমূহ | গােহাঞি বৰুৱাৰ সম্পাদনা কৰা আলােচনীসমূহ 


অসমৰ চমু পৰিচয়  

অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি

কামৰূপ নামৰ উৎপত্তি

অসম বুৰঞ্জীৰ চমু বিবৰণ 

দানৱ ৰাজ বংশ 

অসমৰ ৰাজনৈতিক বুৰঞ্জী

অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস

অসমৰ বাৰভূঞা সকল

অসমত কোচ বংশৰ ৰাজত্ব

অসমৰ কছাৰী ৰাজত্ব

অসমত জয়ন্তীয়া ৰাজত্ব

অসমত আহোমৰ ৰাজত্ব

অসমত ইংৰাজৰ ৰাজত্ব

অসমৰ স্বাধীনতা লাভ

অসম আন্দোলন আৰু তাৰ পিছৰ চোৱা

অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পক্ষী কি আৰু  ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক ফুল  কি আৰু ইয়াৰ বিষয়ে

অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক পানীয় কি?

অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ

অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ








Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form