সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
সতী জয়মতী কুঁৱৰীৰ সময়ত আহােম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অতি জটিল আছিল। মন্ত্ৰী লালুক পোৱা তেতিয়া অসমৰ উঠি-ৰজা বহি-ৰজা হৈছিল। অন্যান্য প্রাপ্তবয়স্ক উপযুক্ত কোঁৱৰ থকা সত্ত্বেও লালুক সােলাই চৌধ্যবছৰীয়া চামগুৰীয়া ফৈদৰ সৰু গােহাঞিক আনি ১৬৭৯ চনৰ কাতি মাহত অসমৰ ৰজা পাতিলে আহােম মতে ছ্যু-লিক-ফা আৰু হিন্দু মতে নাম দিলে ৰত্নধ্বজ সিংহ। বয়সত ল'ৰা দেখি প্রজাৰ মাজত লৰা ৰজা নামটোহে খ্যাত হ’ল।
লালুকসােলাই ছ্যু-লিক ফাক ৰজা পাতিয়েইছু-দৈয়-ফা স্বৰ্গদেৱক বিহখুৱাইমৰালে। আতন বুঢ়াগােহাঁইকে সবংশে ১৬৭৯ চনৰ আঘােণ মাহত বধ কৰােৱালে। আতন বুঢ়াগােহাঁইৰ ঠাইত দিলিহিয়ালৰ দীঘলা লাঙ্গিক। বুঢ়াগােহাঁই পাতিলে। জবঙ্গক ভাঙি মাদুৰীৰ লাই থেপেনাক বৰগােহাঁই পাতিলে।
লালুকে নিজ স্বার্থ পূৰণৰ হেতুল’ৰা ৰজাক সম্বন্ধৰেও বান্ধিলে। তেওঁৰ পাঁচ বছৰীয়া জীয়েকক চৌধ্যবছৰীয়া ল’ৰা ৰজালৈ বিয়া দি ঘাই ৰাণী পাতিলে। বংগৰ নবাৱৰ আশ্বাস পাই লালুকৰ আহােম ৰাজ্যৰ ৰজা হােৱা লালসা প্রবল হৈ উঠিল।
ৰাজপৰিয়ালৰ চাৰিটা ফৈদত ৰজা হ’ব পৰা কোঁৱৰ ভালেকেইজন আছিল। তেনে স্থলত লালুক সােলাৰ। বাসনা কেনেকৈ পূৰণ হ’ব! তেওঁৰ সেইদেখি ভয় হ’ল বিশেষকৈ এই কোঁৱৰ কেইগৰাকীলৈ। কোনগৰাকীয়ে। কেতিয়া বিদ্রোহ কৰি সিংহাসন কাঢ়ি লয় তাৰ ঠিক নাই!
লালুকে ল’ৰা ৰজাক ক'লে— উপযুক্ত আৰু প্রাপ্তবয়স্ক ভালেকেইজন ৰাজকোঁৱৰ থাকোতেও তেওঁক ৰজা পতা হ’ল। এই কথা কোঁৱৰসকলে সহ্য কৰিব পৰা নাই। কোনজন কোঁৱৰে কেতিয়া স্বৰ্গদেৱৰ প্ৰাণ লয়। ঠিক নাই। গতিকে নিষ্কণ্টক হ’বলৈ হ'লে কোঁৱৰকেইগৰাকীক অঙ্গক্ষত কৰি ৰজা হােৱাৰ যােগ্যতা নাইকিয়া কৰিব লাগিব আৰু তাকে কৰিবলৈ হ'লে প্ৰথমতে ভয় থকা ডাঙৰীয়া-বিষয়াসকলক আঁতৰাই পঠাব লাগিব। ল’ৰা ৰজাৰ মগজত লালুকৰ যুক্তি সােমাই গ'ল। লগে লগে লালুকে কোঁৱৰ নিধন পর্ব আৰম্ভ কৰিলে।
তুং-খুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণিৰ বাহিৰে বাকী আটাইকেইটা ফৈদৰ কোৱৰকে লালুক বৰফুকনে হয় অঙ্গক্ষত নহয় হত্যা কৰিলে। গােবৰ ৰজাৰ কোঁৱৰ লাঙ্গি গদাপাণিক ধৰিব নােৱৰাত লালুক-সােলাৰ শােৱনখাৱন নাইকিয়া হ’ল। মন্ত্রী লাই থেপেনা বৰগােহাঁই গদাপাণিৰ শহুৰেক আৰু নামনি অসমৰ বদন বৰফুকন তেওঁৰ ভিনীহিয়েক আছিল। ইফালে গদাপাণি কোঁৱৰক ধৰাহে নালাগে, তেওঁনাে ক’ত আছে তাৰ কোনাে সম্ভেদ উলিয়াব নােৱাৰিলে। গদাপাণিৰ পত্নী আছিল জয়মতী কুঁৱৰী।
গদাপাণি আৰু কুঁৱৰী জয়মতী দুয়াে লাই-লেচাই ল’ৰা দুটিৰে সৈতে তেওঁলােকৰ বাসস্থান তুংখুঙ্গত আছিল। লালুক হ্যালিফাৰ কোঁৱৰ নিধন বার্তা শুনি ল’ৰা দুটিক ইতিমধ্যে নগা ৰাজ্যৰ কোনাে এক নিভৃত স্থানত আঁতৰাইৰাখি থৈছিল। কোঁৱৰকো ল'ৰা দুটিৰ লগত লুকাই থাকিবলৈ জয়মতী কুঁৱৰীয়ে খাটনি ধৰিছিল; কিন্তু গদাপাণি কোঁৱৰে তেনে কাপুৰুষালি কৰিবলৈ মান্তি নহ’ল। জয়মতী কুঁৱৰীয়ে কোঁৱৰক তেওঁৰ ৰাজ্য।
আৰু প্ৰজাৰ দোহাই দি বুজালে যে তেওঁ নাথাকিলে ৰাজ্যও নাথাকে। এইদৰে জয়মতী কুঁৱৰীয়ে অনুনয় বিনয় কৰি শেষত গদাপাণি কোঁৱৰক পলাবলৈ মান্তি কৰালে। গদাপাণি পলাল। নগাৰ বেশ ধৰি নগাপাহাৰৰ মাজলৈ সােমাই গ'ল।। |
ৰাজসভালৈ আনি স্বৰ্গদেৱৰ আদেশ শুনাই লালুক সােলাই জয়মতী কুঁৱৰীক গদাপাণিৰ বাতৰি সুধিলে, দাপাণি ক’ত? কুঁৱৰীয়ে কোনাে উত্তৰ নিদি, নীৰৱে থাকিল। লালুক সােলাই চাওদাঙক আদেশ দিলে, জয়মতীক জেৰেঙাৰ চাপৰিলৈ নি নির্জন স্থানত ৰাখি যিকোনাে উপায়েৰে জয়মতীৰ মুখৰ পৰা গদাপাণিৰ বাতৰি আনি অতি শীঘ্ৰে দিব লাগিব।
চাওদাঙে জয়মতীক জেৰেঙা পথাৰৰ নির্জন স্থানলৈ লৈ গ'ল। চাওদাঙে অনেক কমে বুজাই-বঢ়াই, ফুচুলাই, উচতাই, ভয় দেখুৱাই তেওঁৰ মুখৰ পৰা গদাপাণি কোঁৱৰৰ বাতৰি উলিয়াব নােৱাৰি চাওদাঙে কুঁৱৰীক দুই-এটাকৈ শাস্তি দি যাবলৈ ধৰিলে। জয়মতী কুঁৱৰীয়ে সকলাে শাস্তি সহনশীলা বসুমতীৰ দৰে নীৰৱে সহি থাকিল। এইদৰে চৌধ্য দিন নির্জন জেৰেঙাত শাস্তি ভুগি ইংৰাজী ১৬৭৯ চনৰ অসমীয়া মাহৰ ১৩ চতৰ দিনা গুৰুবাৰে দশমীৰ জোন পৰো পৰোঁ হওঁতে সতী জয়মতী কুঁৱৰীয়ে নশ্বৰদেহ ত্যাগ কৰি নৰ-পিশাচৰ সান্নিধ্যৰ পৰা অন্তর্ধান হ’ল। কাললৈ থৈ গ'ল নাৰীৰ সীমাহীন মনােবলৰ মাহাত্ম্য, স্বামীৰ হিতার্থে তিৰােতাৰ মহান ত্যাগৰ আদৰ্শ আৰু অসমীয়া নাৰীৰ পবিত্ৰ চানেকি। পৃথিৱীত এনে দৃষ্টান্ত বিৰল।
সতী জয়মতীৰ জ্যেষ্ঠ পুত্র স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃদেৱীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ-সদৃশ বৃহৎ পুখুৰী এটা খন্দালে আৰু নাম দিলে জয়সাগৰ। ইয়াৰ পাঁচ বছৰৰ পাছতে ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাতৃ জয়মতীৰ তেজেৰে পবিত্ৰ কৰি থৈ যােৱা জেৰেঙা পথাৰলৈকে ৰাজধানী গড়গাঁৱৰ পৰা তুলি আনিলে। নাম দিলে ৰংপুৰ। তদুপৰি স্বৰ্গদেৱে পুৰণি আলি আৰু বৰ আলিৰ মাজত মাতৃৰ মৈদাম নির্মাণ কৰিলে। এই পবিত্র মৈদামে এতিয়াও সতী জয়মতীৰ স্মৃতি সজীৱ কৰি ৰাখিছে।
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ