অসমত ইংৰাজৰ ৰাজত্ব | ইংৰাজৰ ৰাজত্ব | অসমত ইংৰাজৰ ৰাজত্বৰ চমু বিবৰণ
ইংৰাজৰ ৰাজত্ব। অসমৰ অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অৱস্থা অতি শােচনীয় হৈ পৰা অৱস্থাত ইংৰাজসকল অসমলৈ অহাত অসমীয়া মানুহে পােনতে তেওঁলােকক অসমৰ ত্রাণকর্তা বুলি ভাবিছিল আৰু আদৰি লৈছিল। কিন্তু লাহে লাহে ইংৰাজ নিজেই অসমৰ অধিকাৰী হৈ পৰিল । ফলত অসমৰ জনসাধাৰণৰ মাজত ইংৰাজবিৰােধী মনােভাবে গা কৰি উঠিল ৷ এনে পৰিস্থিতিতে ১৮২৮ চনত আহােম আমােলা ধনঞ্জয় বৰগােহাঁই আৰু ৰাজবংশধৰ গমধৰ কোৱৰৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে প্রথম বিদ্রোহ হয়। কিন্তু এই বিদ্রোহ সফল নহ’ল।।
ইয়াৰ পাছত ১৮৩০ চনত ইংৰাজৰ বিৰুদ্ধে এক বিদ্ৰোহৰ সূচনা হৈছিল যদিও সেই বিদ্রোহাে সফল নহ'ল। ১৮৩৮ চনত ইংৰাজে সমগ্ৰ অসমখনকেই তেওঁলােকৰ স্থায়ী দখললৈ আনিলে।।
১৮৫৭ চনত সমগ্ৰ ভাৰতব্যাপি জ্বলি উঠা প্রথম স্বাধীনতা যুঁজৰ দাবানলে অসমকো স্পর্শ কৰেহি। সেই বিপ্লৱেৰে স্বাধীনতা আনিবলৈ চেষ্টা কৰা মণিৰাম দেৱান আৰু পিয়ালী। বৰুৱাই ১৮৫৮ চনৰ ২৬ ফ্রেব্রুৱাৰীত যােৰহাটত ফঁাচীকাঠত মৃত্যুবৰণ কৰে।
এনেদৰেই ক্রমে অসমত স্বাধীনতা সংগ্রামে তীব্ৰতৰ ৰূপত আত্মপ্রকাশ কৰিবলৈ ধৰে। ১৯১৯-২৯ চনত গান্ধীজীৰ নেতৃত্বত চলা অসহযােগ আন্দোলনতাে অসমে যােগদান কৰে।
১৯৪২ চনত সমগ্ৰ ভাৰতব্যাপি আৰম্ভ হ’ল ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন। '৪২ৰ। গণ বিপ্লৱ নামেৰে খ্যাত এই আন্দোলনে অসমতাে তীব্র ৰূপ ধাৰণ কৰিলে আৰু গােপীনাথ। বৰদলৈ, সিদ্ধিনাথ শর্মা, মহম্মদ তৈয়বুল্লা, ফখৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, দেৱেশ্বৰ শর্মা প্রভৃতি নেতাসকলক গ্রেপ্তাৰ কৰা হ’ল। এই আন্দোলনতে গহপুৰ থানাত পতাকা উত্তোলনৰ। বাবে যাওঁতে কনকলতা, মুকুন্দ কাকতিৰ পুলিচৰ গুলীত মৃত্যু হয়। ) ঠায়ে ঠায়ে এই আন্দোলনে হিংসাত্মক ৰূপাে লয়। ৰেল লাইন সংযােগবিহীন কৰা, ডাকঘৰ, পুলিচ থানা ধ্বংস কৰাৰ দৰে কার্য সংঘটিত হয়। সৰুপথাৰৰ ৰেল দুর্ঘটনাৰ বাবে অভিযুক্ত কৰি কুশল কোঁৱৰক ফাঁচী দিয়া হয়। এই সংগ্রামতে ভােগেশ্বৰী ফুকননী, লক্ষীৰাম হাজৰিকা, ঠগীৰাম সুত, ৰাউতা কছাৰী, মদন বর্মন আদিয়ে পুলিচৰ গুলীত প্রাণাহুতি দিয়ে। তদুপৰি প্রায় ৩০,৫০০ লােকে কাৰাবৰণ কৰে।।
Read more.....👇👇👇👇
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ