অসমৰ চমু পৰিচয়
অসমৰ চমু পৰিচয় :-
অসম নামৰ উৎপত্তি ‘অসম’ নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ ক'ব নােৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষ নামেৰে প্রসিদ্ধ আছিল আৰু তাৰ ৰাজধানী প্রাগজ্যোতিষপুৰ (পূবৰ পােহৰৰ। নগৰ) আছিল গুৱাহাটী বা তাৰ দাঁতিকাষৰীয়া অঞ্চল। ত্রয়ােদশ শতিকামানত আহােমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়। আহােম স্বৰ্গদেউসকলৰ দিনত। ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহােম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। | অসম নামৰ উৎপত্তি সম্বন্ধে কোনাে পণ্ডিতে পােষণ কৰে যে, এই ভূখণ্ড পর্বতপাহাৰেৰে অসমান হােৱা বাবেই ইয়াৰ নাম অসম হ’ল। আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্রাকৃতিক সৌন্দর্যত অসমৰ সমতুল্য আৰু কোনাে নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল। আন কোনাে কোনাে পণ্ডিতৰ মতে আহােম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহােম’ শব্দটোৰ পৰা অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহােম হৈছেনে, আহােম। শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক'ব নােৱাৰি। সংস্কৃতত ‘অ-সম শব্দটোৰ অর্থ। ‘যাৰ সমান কোনাে নাই’ অথবা প্রতিদ্বন্দ্বীহীন, অদ্বিতীয়। অর্থাৎ, এই ভূখণ্ডত বাস কৰা। মানহখিনিৰ সমান আৰু কোনাে ক’তাে নাই। ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয়। আৰু অদ্বিতীয় অর্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জন্ম হৈছে। টাই আৰু প্রাচীন আহােম। ভাষাত ‘ছাম’ মানে পৰাজিত। তাৰ লগত অসমীয়া ‘আ’ উপসর্গ যােগ কৰিলে হয় আছাম’, অর্থাৎ, অপৰাজেয় অথবা বিজয়ী। পণ্ডিত বেডেন পাৱেলে তেওঁৰ Indian Village Community নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগােষ্ঠী বড়ােসকলৰ। ‘ছাে-ছাম’ (নিম্নভূমি বা সমভূমি) শব্দৰ পৰা আহিছে বুলি কৈছে।
| অসম ইংৰাজৰ অধীনলৈ যােৱাৰ পাছৰ পৰা ‘আছাম’ আৰু ‘আসাম’ শব্দ দুটা প্রচলিত হৈ পৰে। শেষত এই ভূখণ্ড ‘অসম আৰু ইয়াত বাস কৰা অধিবাসীসকলক অসমীয়া বােলা হ’ল। ইংৰাজসকলেই ‘অসম’ বা ‘আসাম’ৰ ইংৰাজী ASSAM বুলি লিপ্যন্তৰ কৰে।
অসমৰ অৱস্থিতি :-
অসম ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত এখন ৰাজ্য। ভৌগােলিক অৱস্থান অনসৰি অসমত ২৪ ডিগ্ৰীৰ পৰা ২৮ ডিগ্রী উত্তৰ অক্ষাংশ আৰু প্রায় ৯০ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্রী পুব দ্রাঘিমাংশত অৱস্থিত ।
অসমৰ চাৰিসীমা :-
| অসমৰ উত্তৰে অৰুণাচল প্রদেশ আৰু ভূটান; পূবে অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপৰ; দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা; পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ । ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূখণ্ডৰ জৰিয়তে অসম ভৌগােলিকভাৱে। ভাৰতৰ আন অংশৰ সৈতে সংলগ্ন।
অসমৰ মাটিকালি :-
৭৮, ৪৩৮.০৮ বর্গ কিলােমিটাৰ।
অসমৰ প্রাকৃতিক বিভাগ :-
অসমৰ ঘাই প্রাকৃতিক বিভাগ তিনিটা। উত্তৰত পূর্ব-পশ্চিমাকৈ (১) ব্রহ্মপুত্র উপত্যকা, দক্ষিণত (২) বৰাক উপত্যকা আৰু এই দুই উপত্যকাৰ মাজত (৩) কাবি আংলং আৰু উত্তৰ কাছাৰৰ পাহাৰীয়া অঞ্চল।
অসমৰ প্রধান নদী :-
অসমত অসংখ্য নদী আছে যদিও প্রধান নদী প্রকৃততে দুখন ঃ ব্রহ্মপুত্র আৰু বৰাক। বাকীবােৰ এই দুখন মূল নৈৰ উপনদীহে। ব্রহ্মপুত্র নদী হিমালয়ৰ মানস সৰােবৰৰ পৰা অলপ পূবফালে অৱস্থিত ‘টামচুক খামবাৰনামৰ এটা হিমবাহৰ (প্রায় ৩১ ডিগ্রী উত্তৰ অক্ষৰেখা আৰু ৮২ ডিগ্রী পূব দ্রাঘিমা) পৰা উৎপত্তি হৈছে আৰু বিভিন্ন নামেৰে এই নদী বৈ আহি অসমৰ মাজেদি গৈ। বংগােপসাগৰত পৰিছে। ব্রহ্মপুত্র নদী দীঘলে প্রায় ২,৮৮০ কিলােমিটাৰ। এই নদী প্রায় ৭২৫ কিলােমিটাৰ জুৰি অসমৰ মাজেদি বৈ গৈছে।
অসমৰ আন এখন ঘাইনদী বৰাক । প্রায় ৯০০ কিলােমিটাৰ দৈৰ্ঘ্যৰ বৰাক নদীনগা পাহাৰৰ পৰা উৎপত্তি হৈ মণিপুৰৰ মাজেৰে বৈ গৈ কাছাৰ জিলাত সােমাই বদৰপুৰৰ ওচৰৰ সুৰমা আৰু কুশীয়াৰা নামে দুটা শাখাত বিভক্ত হৈ বাংলাদেশত সােমাইছে। আৰু শেষত মেঘনা নামেৰে মিলিত হৈ ব্ৰহ্মপুত্ৰত (পদ্মা) পৰিছে।
• ব্রহ্মপুত্ৰৰ প্ৰধান উপনদীসমূহ :-
• সােৱণশিৰী, জীয়াভৰলী, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ, ন-দিহিং, দিচাং, দিখৌ, * জাঁজী, ভােগদৈ, ধনশিৰি, কপিলী, জীয়াঢল, ৰঙানৈ, দিক্ৰং, বুৰৈ, বৰগাং, চম্পাৱতী, সৰলভাঙা, সােণকোষ, ডিব্ৰু, বুঢ়ীদিহিং, ডিগাৰু, কুলসী, শিংৰা, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি।
বৰাকৰ প্ৰধান উপনদীসমূহ :-
• যদুকাটা, জিৰি, জাতিংগা, বগাপানী, সােণাই, লংগাই, শিংৰা, ৰাকনি, ধলেশ্বৰী, মাধুৰা, চিৰি আদি।
• অসমৰ আন কেইখনমান উপনদী :-
উপনদী
সােৱণশিৰি : চাৰিকৰীয়া, কুমতীয়া জীয়াঢল
ন-দিহিং : ডিৰাক
ডিব্ৰু : ডাঙৰী, ডুমডুমা
বুঢ়ীদিহিং : টিপলিং, টিংৰাই, নামচাং,চেঁচা
কাকডোঙা : ধলী
ধনশিৰি : দৈয়াং, নামবৰ, কলিয়নী
মানাহ : আই
কপিলী : বৰাপানী,যমুনা,কিলিং
০ ব্ৰহ্মপুত্ৰৰ দলং কেইখন :-
শৰাইঘাট দলংঃ-
ব্ৰহ্মপুত্ৰৰ ওপৰত নির্মিত এইখন প্রথম দলং। গুৱাহাটী মহানগৰীৰ পৰা প্রায় ১০ কিলােমিটাৰ দূৰৈত নির্মিত শৰাইঘাট দলং ৰেল আৰু মটৰ গাড়ী একেলগে যাৰ পৰা ভাৰতৰ প্রথম দলং। দলংখনৰ দৈর্ঘ্য ১,২৯৫ মিটাৰ (১.২৯ কিলােমিটাৰ)। ১৯৬০ চনৰ ১০ জানুৱাৰীত দলংখনৰ আধাৰশিলা স্থাপন কৰা হয় আৰু ১৯৬২ চনৰ অক্টোবৰ মাহত দলংখনৰ ৰেল পথটো মুকলি কৰা হয়। ইয়াৰ পাছত ১৯৬৩ চনৰ ৭ জুনত প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলং আনুষ্ঠানিকভাৱে দেশক উদ্দেশি মুকলি কৰে। শৰাইঘাট দলঙৰ তলত ব্রডগজ ৰেল লাইন আৰু ওপৰত ৭.৩ মিটাৰ বহল ৰাষ্টা তথা ১.৮ মিটাৰ বহল দুটা পদপথ আছে। দলঙখন নিৰ্মাণৰ সৰ্বমুঠ ব্যয় ১০ কোটি ৬৫ লাখ টকা। শৰাইঘাট দলঙে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিনগাঁৱক সংযােগ কৰিছে।
নতুনব্ৰহ্মপুত্ৰ দলং (শৰাইঘাট দলং, দ্বিতীয়):-
২০১৭ চনৰ ২৯ জানুৱাৰীত শৰাইঘাট দলঙৰ সমীপতে আন এখন পথ দলং মুকলি কৰা হয়। নতুন ব্রহ্মপুত্র দলং’নামে পৰিচিত এই দলংখনৰ নির্মাণ ব্যয় ৪৭৫ কোটি টকা। তিনি লেনযুক্ত দলংখনৰ দৈর্ঘ্য ১,৪৯৩.৫৮ মিটাৰ (প্রায় ১.৫ কিলােমিটাৰ) আৰু পদপথসহ প্রস্থ ১৩.৮৭৫ মিটাৰ (৪৫.৫১ ফুট)।
কলিয়াভােমােৰা দলংঃ-
তেজপুৰৰ পৰা প্রায় তিনি কিলােমিটাৰ পূবে অৱস্থিত কলিয়াভােমােৰা দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযােগ কৰিছে। কলিয়াভােমােৰা বৰফুকনৰ স্মৃতিত নিৰ্মাণ কৰা এই দলঙৰ দৈর্ঘ্য ৩,০৫ কিলােমিটাৰ। ভাৰতৰ ৰেল বিভাগৰ উদ্যোগত নির্মিত এইখন দলঙৰ নির্মাণ ব্যয় প্রায় ৮৯ কোটি টকা। ১৯৮৭ চনৰ ১৪ এপ্রিলত এই দলং মুকলি কৰা হয়।।
নৰনাৰায়ণ সেতু :-
ব্রহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং নৰনাৰায়ণ সেতুৱে উত্তৰে বঙাইগাঁও জিলাৰ যােগীঘােপা আৰু দক্ষিণে গােৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযােগ কৰিছে। ২.৩।
কিলােমিটাৰ দৈৰ্ঘ্যৰ এইখন দলং ১৯৯৮ চনৰ ১৫ এপ্রিলত আনুষ্ঠানিকভাৱে মুকলি কৰে প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে। দুখলপীয়া এই দলঙেদি একেলগে ৰে'ল আৰু মটৰ গাড়ী যাব পাৰে। নৰনাৰায়ণ সেতু নির্মাণ ব্যয় প্রায় ৩০১ কোটি টকা।
বগীবিল দলংঃ-
উল্লিখিত দলংকেইখনৰ উপৰি সম্প্রতি ডিব্ৰুগড় চহৰৰ পৰা ১৭ কিলােমিটাৰ পশ্চিমে বগীবিলত আন এখন দলঙৰ নির্মাণ সম্পূর্ণ হৈছে। দুখলপীয়াকৈ নির্মিত এই দলংখনৰ। তলৰ খাপত ৰে'লপথ আৰু ওপৰ খাপত মটৰ গাড়ী যাব পৰা বাট আছে। দলংখনে উত্তৰ পাৰৰ ধেমাজি জিলাৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত (চিচিবৰ গাঁও) দক্ষিণ পাৰৰ ডিব্ৰুগড় জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক (চাউলখােৱা গাঁও) সংযােগ কৰিছে। ১৯৯৭ চনৰ ২২ জানুৱাৰীত আধাৰশিলা স্থাপন কৰা আৰু ২০০২ চনৰ ২১ এপ্রিলত নির্মাণ আৰম্ভ হােৱা এই দলং ২০১৮ চনৰ ২৫ ডিচেম্বৰত মুকলি কৰা হয়। দলংখনৰ দৈর্ঘ্য ৪.৯৪ কিলােমিটাৰ (৩.০৭ মাইল) আৰু নির্মাণ ব্যয় ৪,৮৫৭ কোটি টকা। উল্লেখযােগ্য, বগীবিল দলং ভাৰতৰ ভিতৰতে দীর্ঘতম পথৰেল দলং।
|
ভূপেন হাজৰিকা সেতু (ধলাশদিয়া দলং):-
ভূপেন হাজৰিকা সেতু বর্তমান ভাৰতৰ আটাইতকৈ দীঘল দলং। এই দলংখনে দক্ষিণে। তিনিচুকীয়া জিলাৰ ধলা আৰু উত্তৰে লােহিত নদীৰ সিপাৰৰ শদিয়াক (ইছলামপুৰলৈকে) সংযােগ কৰিছে। লােহিতনদীৰ ওপৰত নির্মিত এই পথ দলংখনৰ মুঠ দৈর্ঘ্য ৯.১৫ কিলােমিটাৰ । (৫.৬৯ মাইল)। প্রায় ২,০৫৬ কোটি টকা ব্যয়েৰে নির্মিত এই দলংখন ধৰি ৰাখিবলৈ ১৮২ টা খুঁটা আৰু গাঁথনি আছে। উত্তৰ-পূর্বাঞ্চল ভূমিকম্প প্রৱণ হােৱা বাবে ইয়াত ‘ছিছমিক বাফাৰৰ (ভূমিকম্পতাে অক্ষত হৈ থাকিব পৰা এক পদ্ধতি) ব্যৱস্থা ৰখা হৈছে। ২০১৭ চনৰ ২৬ মে'ত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে এই দলংখন উদ্বোধন কৰে । সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নামেৰে এই দলংখনৰ নাম ভূপেন হাজৰিকা সেতু’ৰখা হৈছে।
তিনি লেনযুক্ত এই দলংখনৰ প্রস্থ ১২.৯ মিটাৰ (৪২ ফুট)। অৰুণাচল প্রদেশ তথা চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ লগত যােগাযােগ তথা আর্থ-সামাজিক দিশত দলংখনে ন ন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। ভূপেন হাজৰিকা সেঁতুৰ ভাৰ বহন ক্ষমতা ৬০ টন।
ব্রহ্মপুত্ৰৰ প্রধান নদীদ্বীপ :-
মাজুলী আৰু উমানন্দ। মাজুলী জনবসতি থকা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ (মাটিকালি প্রায়। ৮৮০ বর্গকিলােমিটাৰ)। উমানন্দ পৃথিৱীৰ ক্ষুদ্রতম নদীদ্বীপ (মাটিকালি ১৩ বিঘা ৩ কঠা)।
সমুদ্রপৃষ্ঠৰ পৰা উচ্চতা :-
অসম সমুদ্রপৃষ্ঠৰ পৰা গড়ে প্রায় ৭৯.৫ মিটাৰ উচ্চতাত অৱস্থিত. : শদিয়া ১৩৪ মিটাৰ, ডিব্ৰুগড় ১০৪ মিটাৰ, গুৱাহাটী ৫০ মিটাৰ, গােৱালপাৰা ৩৭ মিটাৰ আৰু ধুবুৰী ২৮ মিটাৰ।
•অসমৰ গড় তাপমান :-
অসমৰ তাপমান গ্রীষ্মকালত সর্বোচ্চ গড়ে ৩৬ ডিগ্রী চেলছিয়াছ আৰু শীতকালত গড়ে ৬ ডিগ্রী চেলছিয়াছৰ মাজত থাকে। বর্তমান অৱশ্যে এই তাপমাত্রা বৃদ্ধি পাইছে। ২০১৪ চনত তাপমাত্রা ৪৫ ডিগ্রী চেলছিয়াছ পর্যন্ত হৈছে।
অসমৰ বৰষুণৰ পৰিমাণ :-
অসম মৌচুমী অঞ্চলৰ ভিতৰতে এখন অধিক বৰষুণ হােৱা ঠাই। ইয়াৰ গড় বৰষুণ বছৰি ১৭৮ চেণ্টিমিটাৰৰ পৰা ৩০৫ চেণ্টিমিটাৰ। সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত ইয়াত বৰষুণ হয়।
অসমৰ জলবায়ু :-
অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্রিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছে। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমৰ জলবায়ুক (১) শীত, (২) প্রাক্ মৌচুমী, (৩) মৌচুমী আৰু (৪) উত্তৰ মৌচুমী, এই চাৰিটা ঋতুত ভগাব পাৰি। নৱেম্বৰজানুৱাৰী : শীত; ফেব্ৰুৱাৰী-এপ্রিল ঃ প্রাক মৌচুমী; মে-জুলাই ঃ মৌচুমী; আগষ্ট-অক্টোবৰ : উত্তৰ মৌচুমী। অসমত গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য অংশতকৈ তুলনামূলকভাৱে কম; শীতকালতাে জাৰৰ মাত্রা তীব্র নহয়।
অসমৰ প্রধান পাহাৰ :-
কাবি পাহাৰ, ব্ৰইল, বুঢ়া পাহাৰ, নীলাচল, ভােমােৰাগুৰি, শ্রীসূর্য, চৰাইদেউ, পঞ্চৰত্ন, নাগকাটি, ভৈৰৱচূড়া, ৰাক্ষসিনী, ভূমেশ্বৰ পাগলাটেক, টুক্রেশ্বৰী, ৰেংমা, চিত্রাচল, নৱগ্রহ, নখােলা আদি।
অসমৰ প্রধান শৃংগ :-
লাইকে (উচ্চতা ১,৯৫৯ মিটাৰ), ঠেইপিবাং (১,৮৬৬ মিটাৰ), মহাদেউ (১,৭৩৯ মিটাৰ), কৌকাহা (১,৭৩৬ মিটাৰ)। চাৰিওটা শৃংগ বৰাইল পার্বত্য অঞ্চলত অৱস্থিত। কাবি মালভূমি অঞ্চলতাে দুটা শৃংগ আছে ঃ ডামবুকছাে (১,৩৬৩ মিটাৰ) আৰু সিংহাসন (১,৩৫৯ মিটাৰ)।
• অসমৰ প্রধান বিল/পুখুৰী :-
বগীবিল (ডিব্ৰুগড়), কাৱৈমাৰী, দীপৰ (কামৰূপ), চানডুবি (কামৰূপ), গেলাবিল। (গােলাঘাট), মেৰবিল (ডিব্ৰুগড়), সােনাবিল (কৰিমগঞ্জ), টাইপাৰঝাৰ (কোকৰাঝাৰ), তামৰাঙা (বঙাইগাওঁ), উৰপদ (গােৱালপাৰা), দলনি (বঙাইগাঁও), মৰিকলং (নগাঁও), কাছমাৰীজান, বডুবি, হাফলং লেক, পদুম পুখুৰী (তেজপুৰ), শিৱসাগৰ পুখুৰী (শিৱসাগৰ), জয়সাগৰ পুখুৰী। (শিৱসাগৰ), দীঘলী পুখুৰী (গুৱাহাটী), কনৰা (বঙাইগাঁও) ৰাজমাও পুখুৰী (যােৰহাট), দীঘলী বিল (ডিব্ৰুগড়), ৰাতা বিল (কৰিমগঞ্জ) আদি।
• অসমৰ জনসংখ্যা আৰু অন্যান্য তথ্য
(২০১১ চনৰ চূড়ান্ত লােকপিয়ল অনুসৰি) ৰাজধানী ঃ দিছপুৰ (গুৱাহাটী)
মুঠ জনসংখ্যা : ৩,১২,০৫,৫৭৬
পুৰুষ : ১,৫৯,৩৯,৪৪৩
মহিলা : ১,৫২,৬৬,১৩৩
পুষৰ শতকৰা হাৰ : ৫২
মহিলাৰ শতকৰা হাৰ : ৪৮
২০২৫ চনত সম্ভাব্য জনসংখ্যা ঃ ৩,৫৫,১২,০০০ চহৰ অঞ্চলৰ জনসংখ্যা (২০১১) ঃ ৪৩,৯৮,৫৪২ (মুঠ জনসংখ্যাৰ ১৪%)
গ্রামাঞ্চলৰ জনসংখ্যা (২০১১) : ২,৬৮,০৭,০৩৪ (মুঠ জনসংখ্যাৰ ৮৬%)
অনুসূচিত জাতি (২০১১) : ৫ ২২,৩১,৩২১ (মুঠ জনসংখ্যাৰ ৬.৮৫%)
পুৰুষ :১১,৪৫,৩১৪
মহিলা : ৫ ১০,৮৬,০০৭
অনুসূচিত জনজাতি (২০১১) :৩৮,৮৪,৩৭১ (মুঠ জনসংখ্যাৰ ১২.৪১%)
পুৰুষ : ১৯,৫৭,০০৫
মহিলা :১৯,২৭,৩৬৬
জনবসতিৰ ঘনত্ব :প্রতি বর্গ কিলােমিটাৰত ৩৯৮ জন।
পুৰুষ-মহিলাৰ অনুপাত : প্রতি ১,০০০ পুৰুষৰ ভিতৰত ৯৫৮গৰাকী মহিলা। জনসংখ্যা বৃদ্ধিৰ হাৰ (২০০১-১১) ১৭.১০%
সাক্ষৰতাৰ হাৰ (২০১১) ৭২.১৯%
পুৰুষ :৭৭.৮৫%
মহিলা :৬৬.২৭%
• অসমৰ কাষৰীয়া ৰাজ্য • অসমৰ কাষৰীয়া ৰাজ্য ছখন। সেই কেইখন হ’ল ঃঃ
ৰাজ্য ৰাজধানী
অৰুণাচল প্রদেশ ইটানগৰ
মণিপুৰ ইম্ফল মেঘালয় ছিলং
মিজোৰাম আইজল নাগালেণ্ড কহিমা
ত্রিপুৰা আগৰতলা