দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
লাচিত বৰফুকন ।
অসমৰ ইতিহাসত দেশপ্রেমিকবীৰ বুলি ক'লে বিশেষভাৱে লাচিত বৰফুকনৰনামেই লােৱা হয়। ঐতিহাসিক আহােম-মােগলৰ শৰাইঘাট যুদ্ধৰ মূল নেতৃত্ব ল'ব লগা হৈছিল লাচিত বৰফুকনে। মােগলৰ বিৰুদ্ধে লাচিত। বৰফুকনৰ যুদ্ধ পৰিচালনাৰ কাহিনীত যি জাতীয় দায়বদ্ধতা, নিয়মানুৱর্তিতা আৰু একমুখী কার্যপন্থাৰ উদাহৰণ। পােৱা যায়, অসমৰ ইতিহাসত তেনে আন উদাহৰণ সততে পােৱা নাযায়। এইগৰাকী লাচিত বৰফুকনৰ জন্ম। হয় ১৬১২ খ্রীষ্টাব্দত। দিন-বাৰ আৰু স্থান সম্পর্কে সঠিকভাৱে জনা নহলেও গড়গাঁৱৰ ওচৰে-পাজৰে বুলি। অনুমান কৰা হয়। তেওঁৰ দেউতাকৰ নাম আছিল মােমাই তামুলী বৰবৰুৱা। কনিষ্ঠ সন্তান লাচিতৰ তিনিজন ককায়েক আছিল। তেওঁলােক হ'ল—লালুকসােলা, মৰংগী আৰু ভাৰধৰা। সৰুৰে পৰা লাচিত আছিল বৰ। সাহসী। সততা আৰু স্পষ্টবাদিতা তেওঁৰ আন এক বৈশিষ্ট্য। দেউতাক মােমাই তামুলীয়ে নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিবলৈ সদায়েই চেষ্টা কৰিছিল। সৰুৰে পৰা দেউতাকৰ কামকাজ লাচিতে প্রত্যক্ষ কৰাৰ সুবিধা পাইছিল। বৰবৰুৱা হিচাপে স্বৰ্গদেউৰ বৰচ’ৰা, ন্যায়ালয় আদিত দেউতাকৰ কাম-কাজ, বিভিন্ন ডা-ডাঙৰীয়া আৰু বিষয়াৰ সৈতে হােৱা আলােচনাবােৰাে লাচিতে প্রত্যক্ষ কৰিব পাৰিছিল। মুঠকথাত দেউতাকৰ ৰাজ-কার্যাৱলীক নিৰীক্ষণ কৰি লাচিতে বহু কথাই শিকাৰ সুবিধা পাইছিল।
খুব সােনকালেই নিজৰ দক্ষতাৰ বলত ৰজাঘৰত লাচিতে নিযুক্তি লাভ কৰিছিল। প্রথম অৱস্থাত ৰাজমন্ত্রী ডাঙৰীয়াই ‘হাঁচতিধৰা তামুলী’ হিচাপে লাচিতক নিযুক্তি দিয়ে। ইয়াৰ পিছতে কিছুদিনৰ বাবে ঘোঁৰা বৰুৱা পদবী তেওঁ লাভ কৰে। এই পদবীত থকাৰ সময়ত ৰজাৰ ঘোঁৰাশালৰ ভালেমান ঘোঁৰাক তত্ত্বাৱধান কৰি সেইবােৰক প্রশিক্ষণ দিছিল। ইয়াৰ পিছতে ‘দোলীয়া বৰুৱা’আৰু ‘শিমলুগুৰীয়া ফুকনৰ পদত নিযুক্তি লাভ কৰে। সেই সময়তে মিৰজুমলাই অসম আক্ৰমণ কৰাত লাচিতে দিখৌমুখত শত্রুসৈন্যৰ লগত যুদ্ধ কৰিছিল। আৰু নিজৰ দক্ষতা দেখুৱাব পাৰিছিল। লাচিতৰ পাৰদৰ্শিতা আৰু পৰাক্ৰমৰ উমান পাই সেই সময়ৰ আহােম ৰজা চক্ৰধ্বজ সিংহই লাচিতক বৰসেনাপতি পাতিলে আৰু বৰফুকন পদত নিযুক্ত কৰিলে।
ইয়াৰ কিছুদিন পিছতে ১৬৬৭ চনৰ ২০ আগষ্টত আহােম-মােগলৰ যুদ্ধ আৰম্ভ হয়। অসমীয়া সেনা দুভাগত বিভক্ত হৈ ব্ৰহ্মপুত্ৰৰে যাত্ৰা আৰম্ভ কৰিলে। মােগলৰ লগত প্ৰথমখন যুদ্ধ আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ উত্তৰফালে থকা বাঁহবাৰীত। তাতে বাহৰ পতা মােগলক আক্রমণ কৰি আহােম সেনাইযুদ্ধৰ পাতনি মেলিলে। তাৰ পিছত দক্ষিণ পাৰৰ কাজলীত থকা মােগলৰ দুৰ্গও আহােমে নিজৰ অধীনলৈ আনে। ইটাখুলিত চাউনি পাতি মােগলে নিজৰ শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিছিল যদিও সেয়াও আহােম সেনাই বিধ্বস্ত কৰিলে আৰু মােগলক মানাহ নদী পাৰ কৰি খেদি পথালে। মােগলৰ লগত হােৱা এই যুদ্ধৰ বিজয়ে অসমীয়া সেনাক। আত্মবিশ্বাসী কৰি তুলিলে। সেনাপতি হিচাপে লাচিত বৰফুকনাে প্রশংসিত হ’ল।।
অসমীয়া সেনাৰ হাতত হােৱা মােগলৰ পৰাজয়ৰ কথা মােগল সম্রাট ঔৰংজেৱৰ কাণত পৰিল। খবৰ পায়েই তেওঁ লাজ আৰু অপমানত তাৰ প্রতিশােধ ল’বলৈ মন কৰিলে। ঔৰংগজেৱৰ নির্দেশ মতেইৰামসিংহৰ। নেতৃত্বত এক বিশাল সেনাই পুনৰ অসম আক্ৰমণ কৰিবলৈ আহিল। লাচিত বৰফুকনে ভালদৰে উপলব্ধি কৰিছিল যে শত্ৰু যিমানেইশক্তিশালী নহওক, প্রতিজন অসমীয়া সেনা আৰু সেনাপতিয়ে যদি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে, তেওঁলােকে মােগলক পৰাভূত কৰিব পাৰিবই। তেওঁ এইবুলিও নির্দেশ জাৰি কৰিলে। যে কোনােৱে যদি নিজৰ দায়িত্ব সঠিকভাৱে পালন নকৰে বা নিজৰ কৰ্তব্যত অৱহেলা কৰে, তেন্তে সেই কথা। গম পােৱাৰ লগে লগে সেইজনক শিৰচ্ছেদ কৰা হ’ব।।
লাচিতে সেনাসকলৰ কোন ক’ত থাকিব, তাৰ অৱস্থানাে নির্ণয় কৰি দিছিল। যুদ্ধৰ সম্ভাৱ্য দিন চমু চাপি অহাৰ লগে লগে লাচিতে সঘনাই সেনানায়কসকলৰ লগত আলােচনা কৰিবলৈ ললে, যাতে ৰণসজ্জা আৰুধৰিলে
অন্যান্য ব্যৱস্থাসমূহ তেওঁৰ নখদর্পণত থাকে আৰু লগতে সেই সেনানায়কসকলকো উদ্বত কৰি ৰাখিব পৰা যায়। আমিনগাঁৱৰ ওচৰৰ গড় এটা বন্ধাৰ মূল দায়িত্ব পৰিছিল লাচিতৰ এজন মােমায়েকৰ ওপৰত। মােমায়েকৰ দায়িত্বহীনতাৰ বাবেই গড়টোৰ কাম বহুত পিছ পৰি থকাত লাচিত খঙত জ্বলি-পকি উঠিল আৰু হেংদাং উলিয়াই একে ঘাপতে মােমায়েকক কাটি দুছােৱা কৰি ক'লে—‘দেশতকৈ মােমাই ডাঙৰ নহয়। লাচিতৰ এনে উগ্রমূর্তি দেখি গড়ৰ কাম কৰা লােকসকলে বৰ ভয় খালে আৰু অপৰিসীম পৰিশ্ৰম কৰি ৰাতিটোৰ ভিতৰতে গড়ৰ কাম সম্পূর্ণ কৰি তুলিলে। সেই গড়টোক এতিয়া ‘মােমাই কটা গড়’ নামেৰে জনা যায়।
তদুপৰি দেশতকৈ মােমাই ডাঙৰ নহয়’ কথাষাৰ এতিয়াও শ্রেষ্ঠ দেশপ্রেমমূলক বাক্য বুলি গণ্য কৰা হয়। আহােম আৰু মােগলৰ সর্বশেষ যুদ্ধখনেই হ’ল শৰাইঘাটৰ যুদ্ধ। ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত এই
যুদ্ধ সংঘটিত হৈছিল। সেই সময়ত লাচিত টান নৰিয়াত পৰিছিল। ইফালে মােগলৰ আক্ৰমণৰ কথা শুনি। লাচিত বৰফুকনৰ তত নােহােৱা হ’ল। ইফালে ৰামসিংহই জলপথেৰে আন্ধাৰুবালিৰ গড়লৈ গৈ সেই গড় অধিকাৰ কৰি গুৱাহাটীত সােমােৱাৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি মােগলৰ নাৱৰ পৰা সেনাই
কাঁড়ৰ আগত হিলৈ লগাই অসমীয়া নাওবােৰলৈ ধাৰাসাৰ গতিত মাৰিবলৈ ধৰিলে। সেই আক্ৰমণত তিষ্ঠিব
নােৱাৰি অসমীয়া সেনাৰ নাওবােৰ ভটীয়াই আহিল। অসমীয়া সেনাপতিৰ নেতৃত্বত কেইখনমান অসমীয়া
নাৱে মােগলৰ নাও খেদি আহি অশ্বক্লান্ত পালেগৈ। তাৰ পাছতে মােগলে উভতি ধৰিলে আৰু মােগলৰ বহুত
যুদ্ধ নাও আগবাঢ়ি আহিবলৈ ধৰিলে। আহােম সেনাপতি লাচিত বৰফুকনৰ গা বৰ বেয়া বুলি অসমীয়া। সৈন্যসকলৰ মনােবল কিছুহ্রাস হৈছিল। মােগলে প্রবল বিক্ৰমেৰে আক্ৰমণ কৰি আগুৱাই অহা দেখি অসমীয়াই যুদ্ধ জয়ৰ আশা এৰিয়েই দিলে। অসমীয়া সেনাই যুদ্ধ এৰি উজনিলৈ যাবলৈ বিচাৰিলে। বৰফুকনে নৰিয়া গাৰেই যুদ্ধৰ গতিবিধি চাই আছিল। তেওঁ দেখিলে মােগলৰ নাও উত্তৰ পাৰৰ জুৰিয়াৰ পৰা আহি অশ্বক্লান্ত পালেহি। বৰফুকন অস্থিৰ হৈ পৰিল। ইফালে তীৰকঁপে জ্বৰ। নিজে ভালকৈ থিয় হ’বই নােৱাৰে। তেনেকৈয়ে।
লাচিতে লক্ষ্য কৰিলে যে মােগলৰ নাৱৰ সংখ্যা বাঢ়ি আহিছে আৰু সেই নাওবােৰ ক্ৰমে আগবাঢ়ি
আহিছে। লগতে অসমীয়া সেনাৰ নাওবােৰ একেলগে পিছ হুহকি আহিছে। লাচিতে বুজিলে যে এক মুহূর্তও দেৰি কৰিব নােৱাৰি। তেওঁ আগবাঢ়ি গ’ল। পিছ হুহকি উজাই অহা অসমীয়া সেনাৰ নাওবােৰ দেখি নাৱৰীয়াহঁতে ভাবিলে যে বৰফুকনাে নিশ্চয় উজাইযাবগৈ। সিহঁতে সেইমতে উজনিলৈ বুলি নাও মেলিলে। লাচিত বৰফুকনে চিঞৰি উঠিল—“অই, কি কৰিছ তহঁতে? স্বৰ্গদেৱে মােক গুৱাহাটী ৰক্ষা কৰি শত্ৰুৰ লগত যুঁজিবলৈ দায়িত্ব। দি থৈছে। মই এতিয়া ৰণ এৰি পত্নী-পুত্ৰৰ ওচৰলৈ যাম নেকি? আৰু তহঁতে মােক নুসুধি নাও সেইফালে নিছ কিয়। খঙৰ কোবতে লাচিত বৰফুকনে নৰিয়া দেহাৰেই যেন শক্তিশালী হৈ উঠিল। তেওঁ হেংদাঙৰ গাদীৰে কোবাই চাৰিটা নাৱৰীয়াক নাৱৰ পৰা পানীলৈ পেলাই দিলে। সিহঁতে কোনােমতে সাঁতুৰি জীৱন বচালে। পাছত অৱশ্যে লগৰীয়াবােৰে সিহঁতক আকৌ তুলি ললে। নহলে নাও বাব কোনে?ইটোৱে সিটোক চিঞৰি কওঁকে কথাটো এনেদৰে প্ৰচাৰিত হৈ গল যে বৰফুকনে যুদ্ধ এৰি যাবলৈ বিচৰাসকলক কাটিছে, ধৰিবান্ধি।
নদীত পেলাই দিছে। লগে লগে কিছুমানে ভয়তে আৰু কিছুমানে উৎসাহত নাও আকৌ ভটীয়াই নিবলৈ। ধৰিলে। মােগলৰ নাৱৰ ফালে আগবাঢ়ি যােৱা বৰফুকনৰ সাতখন নাৱৰ লগ ল’বলৈ কেউফালৰ পৰা অসমীয়া নাওবােৰ দ্রুত গতিৰে আগবাঢ়ি আহিল। নাৱৰ পৰাতাে অসমীয়া সেনাই হিলৈৰে আক্ৰমণ কৰিলেই, পাৰত থকা অসমীয়া সেনাসকলেও মােগলৰ নাৱক লক্ষ্য কৰি হিলৈ ফুটাবলৈ ধৰিলে। আগবাঢ়ি অহা মােগলৰ নাওবােৰা আচৰিত হৈ গল। পৰিস্থিতি যে এনেকৈ হঠাতে সলনি হৈ যাব পাৰে বা এজন বীৰ সেনাপতিয়ে। যে এনেকৈ যুদ্ধৰ গতি ঘূৰাই দিব পাৰে, সেয়া মােগলে ভাবিবই পৰা নাছিল।। | অসীম সাহসেৰে অসমীয়া নাওবােৰ আহি মােগলৰ নাওৰ মাজত সােমাল আৰু দুয়ােপক্ষৰ মাজত প্রচণ্ড যুদ্ধ হ’ল। যুদ্ধ হ’ল মূলতঃ তিনি ঠাইত—অশ্বক্লান্ত, ইটাখুলি আৰু কামাখ্যা পাহাৰৰ নামনিত। যুদ্ধৰ সুবিধাৰ বাবে আহােমসকলে ইখনৰ পিছত সিখন নাও জোৰাদিব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙেই তৈয়াৰ কৰি পেলালে। তাৰ ফলত ডাঙৰ সুবিধা হ’ল যে দ্রুতভাৱে সৈন্য আৰু হিলৈ, বৰতােপ আদি যুদ্ধাস্ত্ৰৰ সঞ্চাৰণ কৰিব পৰা গ’ল। লাচিতে সৈন্যসকল আৰু সেনাপতিসকলৰ মাজত এনে এটা ভাৱ জগাই দিছিল যে এই যুদ্ধত জয়লাভ কৰিলেহে অসমীয়াসকলৰ ভূমি, স্বাধীনতা আৰু প্ৰাণ ৰক্ষা পৰিব। ইফালে প্রথম অৱস্থাত লাচিত বৰ অসুস্থ, লাচিতে যুদ্ধ কৰিব নােৱাৰিব—সেইবােৰ কথাই মােগলসকলক অনুপ্রাণিত কৰিছিল আৰু অসমীয়াসকলৰ মনত উৎসাহ আৰু আত্মবিশ্বাস হ্রাস কৰিছিল। কিন্তু যুদ্ধত লাচিতৰ প্রত্যক্ষ অংশ গ্রহণ আৰু প্ৰৱল প্রতাপী প্রদর্শনৰ বাবে চকৰি ঘূৰি গ'ল। দেখা গ'ল তিনিও ঠাইতে মােগল সেনাৰ পৰাজয় হৈছে আৰু মােগলৰ নাওবােৰ ক্ৰমে পিছুৱাই যাবলৈ ধৰিছে। অসমীয়া সেনাই মােগলক পাণ্ডুলৈকে খেদি দিলে। আৰু যুদ্ধত অসমীয়া সৈনাৰ নিৰংকুশ বিজয় সাব্যস্ত হ’ল। এইখন যুদ্ধ শৰাইঘাটৰ যুদ্ধ হিচাপে প্ৰখ্যাত।।
খ্রীষ্টীয় ১৬৭১ চনৰ ৫ এপ্রিলত ৰামসিংহই ভাটীমুৱা যাত্ৰা আৰম্ভ কৰিলে। হাজো এৰাৰ আগতে তেওঁ তাৰ হয়গ্ৰীৱ-মাধৱ মন্দিৰত পূজা কৰিলে। বিদায় লােৱাৰ সময়ত তাৰ ব্রাহ্মণসকলক কৈ গ'ল—“লাচিত সামান্য বীৰ নহয়। মই একো ঠাইতে ছিদ্ৰ নাপালোঁ।
শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাই জয়লাভ কৰাৰ এটা ডাঙৰ কাৰণ আছিল এই যে একোজন অসমীয়া সেনাই বিভিন্ন ধৰণৰ কাম কৰিব পাৰিছিল। একোজন অসমীয়া সেনাই প্রয়ােজন হলে নাও বাইছিল, আকৌ সেই একেজন সেনায়েইহিলৈও মাৰিছিল, কাঁড়াে মাৰিছিল, গড়াে বান্ধিছিল। গতিকে একেজনেইদহজন হৈ পৰিছিল। শত্রু পক্ষৰ হ'লেও ৰামসিংহই অসমীয়া সেনাৰ এনে কর্মপটুতা, সাহস আৰু ৰণকৌশলৰ প্রশংসা কৰি কৈছিল—“প্রতিজন অসমীয়া সেনা নাও চলােৱা, কাঁড় মৰা, খাৱৈ খন্দা, হিলৈ কামান মৰা — সকলাে কামতে পাৰ্গত। এনেদৰে সকলাে কামতে পটু সেনা মই ভাৰতৰ ক’তাে দেখা নাই।’ৰামসিংহই আৰু কৈছিল। যে অসমক জয় কৰা যিকোনাে ৰজাৰ বাবেই অসম্ভৱ কথা।।
শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছত গুৱাহাটীতে লাচিত বৰফুকনৰ মৃত্যু হ’ল। বােধকৰাে কঠিন নৰিয়াক নেওচা দি যুদ্ধ কৰাৰ বাবেই এনে হ’ল। তেওঁৰ মৃত্যুৱে যুদ্ধ জয়ৰ আনন্দত শােকৰ ছাঁ পেলাইছিল। এইগৰাকী দেশপ্রেমিক বীৰ তুলনাবিহীন। নিঃস্বার্থ দেশপ্রেম আৰু সবল নেতৃত্বৰ বিষয়ে জানিবলৈ আহােম-মােগলৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বৰ কাহিনী মনত পেলাবই লাগিব।
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ