অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস
চুতীয়া ৰাজ্য
ত্রয়ােদশ শতিকাৰ প্রথমার্ধত আহােমসকলে শিৱসাগৰৰ দক্ষিণ-পূর্ব কোণত ৰাজ্য পাতিছিল। সেই সময়ত আহােম ৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে সােৱণশিৰি আৰু দক্ষিণপাকে দিচাং নৈৰ পূবে থকা প্রায় সমগ্র ভূখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। চুতীয়া জনশ্রুতিমতে
আনুমানিক১১৮৯ চনত চুতীয়া ৰজা বীৰপালে পােনতে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰে। > | বীৰপালৰ পাছত ১০ জন চুতীয়া ৰজাই ৰাজত্ব কৰে। ইয়াৰে অষ্টম ৰজা ধীৰ নাৰায়ণ বা ধর্মধ্বজ পালৰ কন্যাৰ নাম আছিল সাধনী।
সুশিক্ষিতা, পৰমা সুন্দৰী সাধনীৰ নিতাই নামৰ এটা সাধাৰণ চুতীয়া ডেকাৰ লগত বিয়া হয়। ৰজা ধর্মধ্বজ যিহেতু অপুত্রক আছিল সেয়ে জোঁৱাই নিতাইকে তেওঁ ৰাজ্যভাৰ গতাই সন্ন্যাস গ্রহণ কৰে।
ৰজা হৈ নিতায়ে নীতিপাল নাম লয়। কিন্তু পাছলৈ তেওঁ অনীতিপৰায়ণ হােৱাত ৰাজ্যত বিশৃংখলতাই দেখা দিয়ে। সেই সুযােগতে আহােম ৰজাই চুতীয়া ৰাজ্য আক্রমণ কৰি দখল কৰে। (১৫২৬)। সেই যুদ্ধতে নীতিপালৰ মৃত্যু হয়।
নীতিপালৰ মৃত্যুৰ পাছত আহােমে সাধনীক আত্মসমর্পণ কৰিবলৈ নির্দেশ দিয়ে। কিন্তু সাধনীয়ে সেই আজ্ঞা অৱজ্ঞা কৰি চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।।
সাধনীক বিয়া দিয়াৰ পাছত, ধর্মধ্বজ পালৰ সাধক নাৰায়ণ নামৰ এটি পুত্র সন্তান জন্ম হয়। সাধকৰ জন্মৰ আগতেই ৰজা ধর্মধ্বজ পালে জোঁৱায়েক নীতিপালক ৰাজপাট এৰি দিয়া বাবে সাধক ৰজা হ’ব নােৱাৰিলে।নীতিপালৰ মৃত্যুৰ পাছত আহােমে সাধক নাৰায়ণক মধ্য অসমৰ এজন শৰণীয়া শাসনকর্তা কৰি ৰাখে। এনেদৰে প্ৰকৃততে নীতিপালৰ মৃত্যুৰ পাছতে চুতীয়া। ৰাজ্যৰ অৱসান হয়।
Read More... 👇👇✍️👇👇
• অসমৰ ভাষা আৰু সাহিত্য ,অসমৰ মৌখিক সাহিত্য,প্রবচন আৰু ফকৰা-যােজনা,অসমৰ লিখিত সাহিত্য,অসমৰ লিখিত সাহিত্য,প্রাক বৈষ্ণৱ সাহিত্য, বৈষ্ণৱ সাহিত্য
• দেশপ্রেমিক বীৰ লাচিত বৰফুকন বিষয়ে
• সতী জয়মতী |
সতী জয়মতী কুঁৱৰীৰ বিষয়ে
• অসমৰ প্রথম অভিধান প্রণেতা টেঙাই মহন ৰ বিষয়ে চমু বিবৰণ
• Today gk and currennt Affairs in assamese
• Best Assam gk books
অসমৰ প্রাচীন নাম প্রাগজোতিষ নামৰ উৎপত্তি
অসমৰ ৰাজ্যিক পশু কি আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক পক্ষী কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক ফুল কি আৰু ইয়াৰ বিষয়ে
অসমৰ ৰাজ্যিক বৃক্ষ হােলােং আৰু ইয়াৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক জলজ পশু শিহু। অসমৰ ৰাজ্যিক জলজ পশুৰ বিষয়ে চমু বিবৰণ
অসমৰ ৰাজ্যিক গীত |ৰাজ্যিক গীত ‘অ' মােৰ আপােনাৰ দেশ