কামৰূপ নামৰ উৎপত্তি | কামৰূপ নামৰ উৎপত্তি কনেকৈ হৈছিল । কামৰূপৰ পূৰ্বৰ নাম আছিল
কামৰূপ নামৰ উৎপত্তি।
কামৰূপৰ পূৰ্বৰ নাম আছিল ধর্মাৰণ্য।
পৌৰাণিক কাহিনী অনুসৰি ঘােৰ তপস্যাত মগ্ন মহাদেৱৰ তপস্যা ভংগৰ অপৰাধত হিন্দুৰ প্ৰেমৰ দেৱতা কামদেৱ শাপত ভষ্মীভূত হয় আৰু কামদেৱৰ পত্নী ৰতিদেৱীৰ প্রার্থনাত কামদেৱে পুনৰ জনম (ৰূপ) লাভ কৰে। কামদেৱে পুনৰ ৰূপ পােৱা বাবেই এই অঞ্চলৰ নাম হয়গৈ কামৰূপ। ডঃ বাণীকান্ত কাকতিৰ মতে কামৰূপ শব্দটো চাওতালী ভাষাৰ নিম্নখাপৰ দেৱতা বুজোৱা কামৰু’ বা ‘কামৰুট’ শব্দৰ পৰা উৎপত্তি হ’ব পাৰে। কামাখ্যা মন্দিৰৰ চাৰিওফালে ৪৫০ মাইল (১০০ যােজন) জুৰি কামৰূপ ৰাজ্য বিয়পি আছিল। বর্তমানৰ অসম, বাংলাদেশ আৰু ভূটান এই কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। •
Tags
সাধাৰণ জ্ঞান