উদ্ভবকালৰ অসমীয়া ভাষা সম্পর্কে এটি প্রবন্ধ যুগুত কৰা

 উদ্ভবকালৰ অসমীয়া ভাষা সম্পর্কে এটি প্রবন্ধ যুগুত কৰা।


উত্তৰঃ উদ্ভবকালৰ অসমীয়া ভাষা সম্পর্কে আলোচনা কৰিবলৈ গ'লে সততে তামৰ ফলিব ভাষা, চর্যা পদৰ ভাষা আৰু শ্রীকৃষ্ণৰ কীর্তনৰ ভাষাতে নিবিষ্ট হয়।


কামরূপৰ হিন্দু বজাসকলৰ প্রদত্ত তামব ফলিসমূহৰ ভাষাই প্রাচীন অসমীয়া ভাষাৰ নিদর্শন। তামৰ ফলিসমূহত পোৱা ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম আৰু অন্যান্য অসমীয়া শব্দ সংৰক্ষিত হোৱা দেখা যায়। এই ভাষাত স্বরধ্বনিব হ্রস্ব-দীর্ঘ ৰূপৰ মাজত পার্থক্যহীনতা, স্বৰ সমীভবন আৰু ব্যঞ্জন সমীভরন, 'র' আৰু ব, য আৰু জ, ড় আকব, শ, ব, 'স'ৰ এটাৰ ঠাইত আনটোৰ প্রয়োগ, 'ক্ষ'ৰ 'খ' ৰূপত ব্যৱহাৰ আদি বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়।


উদ্ভবকালৰ অসমীয়া ভাষাৰ আন এটা রূপ পাওঁ চর্যাপদৰ ভাষাত। চর্যাপদৰ ভাষ্যত। অসমীয়া ভাষাৰ ধ্বনিতত্ত্বমূলক ৰূপতত্বমূলক, শব্দতত্ত্বমূলক আৰু বাক্য বিন্যাস প্রভৃতি সকলো দিশতে সাদৃশ্য দেখা যায়। চর্চাপদত পোরা বহু শব্দ প্রাচীন অসমীয়াত ব্যবহ্যত হোৱা দেখা

যায়।


উদ্ভবকালৰ ভাষাৰ নিদর্শন বড়ুচন্ডী দাসব শ্রীকৃষ্ণ কীর্তনতো পোরা যায়। বহুতে শ্রীকৃষ্ণ কীর্তনৰ ভাষা বাংলা বুলি ক'ব খোজে যদিও মাধৱ কন্দলীৰ 'ৰামায়ণ'ৰ ভাষাৰ লগত ইয়াৰ সাদৃশ্য থকা দেখা যায়। শব্দ বিভক্তিব প্রয়োগৰ ক্ষেত্রত, তৎসম শব্দৰ অর্ধ-তৎসমরূপ লাভ, বহুবচন বুজাবলৈ গণ ব্যৱহাৰ কৰা, অসমীয়া ভাষাৰ শব্দ শ্রীকৃষ্ণ কীর্তনৰ ভাষাৰ শব্দৰ আগত থকা সাদৃশ্যই প্রমাণ কৰে যে শ্রীকৃষ্ণ কীর্তন উদ্ভবকালৰ অসমীয়া ভাষাৰ এক বিশেষ নিদর্শন।


মুঠতে তিনিওটা ক্ষেত্ৰৰ পৰা পোৱা ভাষাতাত্ত্বিক বিশ্লেষণৰ পৰা অনুমান কৰিব পৰা যায় যে উদ্ভৱকালৰ অসমীয়া ভাষাস্বরূপে তামৰ ফলিব ভাষা, চর্যাপদৰ ভাষা আৰু শ্রীকৃষ্ণ কীর্তনৰ ভাষাই সাক্ষ্য

 বহন কৰি আহিছে।



Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form