আর্যভাষা বুলিলে কি বুজা ?

 আর্যভাষা বুলিলে কি বুজা?


উত্তৰ: পৃথিৱীৰ সর্ববৃহৎ ভাষা গোষ্ঠী 'ইন্ডো-ইউৰোপীয়'ব অন্তর্গত 'ইন্ডো-ইৰাণীয়া বা 'আর্য শাখা'ৰ লোকসকলে প্রাচীন পাৰস্য বা আধুনিক ইৰাক-ইৰাণত বসতি স্থাপন কৰাৰ উপৰিও কিছুসংখ্যকে একাধিক দল বা ফৈদত বিভক্ত হৈ উত্তৰ-পশ্চিম গিৰিপথেদি আহি আনুমানিক খৃষ্টপূর্ব পঞ্চদশ শতাব্দীমানত ভাৰতবৰ্ষত প্রবেশ কৰিছিল। ভাৰতলৈ অহা আর্য শাখাৰ এইসকলকে 'ভাৰতীয় আর্য' বুলি অভিহিত কৰা হয় আৰু তেওঁলোকৰ যি ভাষা আছিল তাকে 'ভাৰতীয় আর্য ভাষা' বুলি কোৱা হয়। এই ভাষাই সেই বৃদ্ধ-পূর্ব পঞ্চদশ শতাব্দীমানব পৰা বর্তমান পর্যন্ত বিভিন্ন ৰূপত পৰিৱর্তন লাভ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষার জন্ম দিছে।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form