ভাষা বুলিলে কি বুজা
উত্তৰঃ ভাষা হৈছে মানুহৰ ভাব প্রকাশৰ মাধ্যম। ই এনে এটা মাধ্যম যাৰ জৰিয়তে এজন ব্যক্তিয়ে কোনো বার্তা আন এজন ব্যক্তিলৈ প্রেৰণ কৰে আৰু দ্বিতীয়জন ব্যক্তিয়ে তাক গ্রহণ কৰি প্ৰেৰকৰ সৈতে পুনৰ বার্তা বিনিময় কৰিব পাৰে। ভাষা ক'ব পৰা শক্তি অকল মানুহৰহে আছে। মানুহৰ চিন্তা-ভাবনাবোৰক প্রকাশ কৰিবলৈ মানুহে বাগ্যন্ত্রৰ সহায়ত কিছুমান ধধ্বনিৰ উচ্চাৰণ কৰে, এনেদৰে উচ্চাৰিত হোৱা ধ্বনি প্রতীকৰ প্ৰণালীবদ্ধ সমষ্টিয়ে যেতিয়া স্বয়ংসম্পূর্ণ অর্থ প্রকাশ কৰে, তেতিয়াই ভাষাৰ সৃষ্টি হয়।