শুক্লযজুর্বেদৰ অন্তৰ্গত ব্রাহ্মণ 'শতপথ ব্রাহ্মাণ' ব বিষয়ে
উত্তৰঃ চাবিওখন বেদৰ লগত সম্বন্ধ ব্রাহ্মণ সমূহৰ ভিতৰত শতপথ ব্রাহ্মণেই আকাবত বৃহত্তম আৰু প্ৰকাৰত মহত্বপূর্ণ। ই শুক্লযজুর্বেদৰ বাজসনেয়ী সংহিতাৰ অন্তর্গত কাথ আৰু মাধ্যন্দিন দুয়ো শাখাতে বিবাজিত। দুয়ো শাখাতে থকা এই ব্রাহ্মাণন্বয়ৰ বিষয়বস্তুৰ মাজত পার্থক্য নাই। মাত্র দুয়ো শাখাৰ মাজত গঠন প্রক্রিয়া আৰু বিভাজনত পার্থক্য দেখা যায়। মাধ্যন্দিন শাখাত ১৪ কাণ্ড, অধ্যয়ে ১০০, প্রপাঠক ৬৮, ব্রাহ্মাণ ৪৩৫ আৰু কন্ডিকা ৭৬২৪। কাম্ব শতপথ ১৭ কাণ্ড, ১০৪ অধ্যায়, ৪৩৫ ব্রাহ্মণ আৰু ৬৮০৬ কণ্ডিকাত বিভক্ত। এই ব্রাহ্মাণৰ মাধ্যন্দিন শাখাব প্রথম কাণ্ডত দর্শপূর্ণমাস ইষ্টি, দ্বিতীয় কাণ্ডত আধান, অগ্নিহোত্র, পিল্পিতৃ যজ্ঞ, আগ্রয়ন আৰু চাতুমাস্য, তৃতীয়-চতুর্থ কাণ্ডত সোমযাগ, পঞ্চম কাণ্ডত বাজপেয় আৰু বাজসূয় যজ্ঞ, যষ্ঠবপৰা দশম কাণ্ডলৈ পাঁচ কাণ্ড উষা সম্ভবণ, বিষ্ণুক্রম, বাণীবাহন কর্ম, অগ্নিচয়নৰ বিৱৰণ, শতৰুদ্রীয় হোম, চিত্তে সম্পত্তি,, উপনিষৎ ৰূপত অগ্নিৰ উপাসনা (শাণ্ডিল্যব অগ্নিৰহস্য) আদি বহু বিষয় বর্ণিত হৈছে। ইয়য়ে ১৩শ কাণ্ডত অশ্বমেধ, পুৰুষমেধ আৰু সর্বমেধৰ আৰু ১৪শ কাণ্ডত প্রবর্গ্যৰ বর্ণনা পোৱা যায়। ১৪ শ কাণ্ডৰ শেষ ভাগত আছে বহুবিখ্যাত বৃহদাৰণ্যক উপনিষদ।
এই ব্রাহ্মণত যাগ-যজ্ঞৰ বিষয়বোৰ যিদৰে নিখুট ভাবে পোৱা যায়, আৰু বিশদৰূপে পোৱা যায়, আন কোনো বাক্ষণত তেনেকৈ পোৱা নাযায়।