বৈদিক সাহিত্যৰ দুই প্রবাহ 'শ্রুতি' আৰু 'স্মৃতি'ৰ বিষয়ে
উত্তৰ: সমস্ত বৈদিক সাহিত্য দুটি প্রবাহত বিভক্ত। এটিক 'শ্রুতি' আনটোক 'স্মৃতি' বোলা হয়। 'শ্রুতি' ভাগটো অপৌরুষেয়, নিত্য আৰু আন্তবাক্য। স্মৃতি ভাগটোরে শ্রুতিৰ দৰে অপৌঝষেয়ত্ব, নিত্যত্ব আৰু আপ্তবাক্যতা দাবি নকৰে। তদুপৰি বহুদিনলৈকে 'গুকমুখাৎ বিদ্যা' অর্থাৎ বেদজ্ঞানৰ পৰম্পৰা মুখে মুখে পুৰুষানুক্রমে প্রবাহিত হৈছিল। লিখিত বিদ্যাক তল চকুৰে চোৱা হৈচিল। ছাত্র বা শিষ্যই গুৰৰ মুখৰপৰা শুনিহে বিদ্যা আহৰণ কৰিছিল। সেয়ে শ্রুত বিদ্যা বা বেদক শ্রুতি বুলি কোৱা হৈছিল। তাৰদ্বাৰা অবিকৃত ৰূপত বেদবিদ্যাৰ অধিকাৰী বা উপনীতসকলে অনধিকাৰীসকলৰপৰা গোপনে সংৰক্ষণ কৰিবলৈ সক্ষম হৈছিল। শ্রুতিক আলম্বন কৰি জন্ম হৈছিল স্মৃতি সমূহৰ। শ্রুতি আগৰ, স্মৃতি পাছৰ। 'শ্রুতি-স্মৃতি বিৰোধেযু শ্রুতিৰেৱ গৰীয়সী' বুলি স্মৃতিয়েই স্বীকাৰ কৰি থৈছে।