সংহিতা কি?

  সংহিতা কি?


উত্তৰঃ বেদমন্ত্রসমূহ মূলৰূপত অবিভক্ত আৰু মিশ্রিতভাবে প্রাগ্‌ ঐতিহাসিক (বা প্রাগ্‌ বৈদিক) যুগত বিৰাজ কৰিছিল পিছলৈ ঋষি-মহর্ষি, মুনিসকলে সময়ে সময়ে সেই মন্ত্রসমূহ সংকলন আৰু সম্পাদন কৰাত বৰ্তমানৰ সংহিতাৰ ৰূপত বর্গীকৃত আৰু ব্যৱস্থিত হৈছেহি। ব্যাকৰণ শাস্ত্ৰৰ নিয়ম অনুসৰি য'ত কোনো পদান্ত বৰ্ণৰ সৈতে পৰবৰ্ত্তী পদৰ আদি বৰ্ণৰ মিলন হয় সেয়ে সংহিতা (পদান্তাৎ পদাদিভিঃ সন্দধাতীতি সংহিতা)। প্রাতিশাখ্য গ্রন্থৰ মতে পদৰ মূল প্রকৃতিয়ে সংহিতা (পদপ্রকৃতি সংহিতা)। মূল বেদমন্ত্রক পৃথক পৃথক বর্গত ভাগ কৰি তাৰ যি ৰূপ দিয়া হ'ল সেয়ে 'সংহিতা'।



Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form