বৈদিক দর্শন বুলিলে কি
উত্তৰঃ যিবোৰ দৰ্শন সম্প্রদায়ে বেদৰ কর্তৃত্ব বা প্রাধান্য স্বীকাৰ কৰে আৰু বেদৰ সিদ্ধান্তক প্রামাণ্য আৰু অভ্রান্ত বুলি গ্রহণ কৰে সেইবোৰ দর্শন সম্প্রদায়কে বৈদিক দর্শন সম্প্রদায় বোলা হয়। ভাৰতীয় দর্শন সম্প্রদায়সমূহৰ ভিতৰত সাংখ্য, যোগ, ন্যায়, বৈশেষিক, মীমাংসা আৰু বেদান্ত এই ছটা দর্শন সম্প্রদায়কে বৈদিক দর্শন বুলি কোৱা হয়। এই ছটা বৈদিক দর্শন সম্প্রদায়ক ষড়দর্শন বুলিও জনা যায়।