স্বাস্থ্য ৰচনা || অসমীয়া ৰচনা স্বাস্থ্য | স্বাস্থ্যৰ বিষয়ে ৰচনা

  অসমীয়া ৰচনা স্বাস্থ্য  | স্বাস্থ্যৰ বিষয়ে ৰচনা | 

                         স্বাস্থ্য


শৰীৰৰ সুস্থ অৱস্থাৰ নাম স্বাস্থ্য। স্বাস্থ্যই পৰম ধন' বুলি আমাৰ এষাৰি কথা আছে। ই মিছা নহয়, কিয়নো হাজাৰে ধন থাওক, স্বাস্থ্য ভাল নহ'লে সকলো মিছা। সুখ-স্বাচ্ছন্দ কাৰণেই মানুহক ধন লাগে কিন্তু স্বাস্থ্যহীন মানুহৰ সুখ-শান্তি নাথাকে। করিয়ে সেই বাবেই কৈছে—'অণুমাত্র সুখ নাই চিৰ ৰুগীয়াৰ'। স্বাস্থ্যহীন মানুহ জীবস্তুতে মৰাৰ নিচিনা। মানুহ আন অভাৱ ধনৰদ্বাৰা পূৰাব পাৰি, কিন্তু স্বাস্থ্য ধন দি কিনিব পৰা বস্তু নহয়, নতুবা আত্মীয়- পৰিজনেও ইয়াক দিব নোৱাৰে । স্বাস্থ্য অকলে এফাল আৰু ধন-জন আটায়ে এফাল। শৰীৰৰ শক্তি আৰু মনৰ আনন্দৰ ঘাই হেতু স্বাস্থ্য।


শাস্ত্ৰত আছে—“শৰীৰমাদ্যং খলু ধর্ম সাধনম্ - ধর্ম কর্ম সাধনৰ গুৰিতেই হৈছে শৰীৰ। শৰীৰ সুস্থ হ'লে মনো সুস্থ হয়, মন সুস্থ হ'লেহে মনৰ উৎসাহ আৰু উদাম থাকে, চিন্তাও সুস্থ হয়। মনৰ উৎসাহে কৰ্ম-প্ৰেৰণা যোগায় : সুস্থ চিন্তাই কৰ্ম-পদ্ধতিক সুপৰিকল্পিত ৰূপ দিয়ে, পৰিকল্পিত কৰ্ম-পদ্ধতিৰে কাম কৰি গ'লেহে জীৱনত উদ্‌গতি কৰিব পাৰি ; গতিকে দেখা যায় যে জীৱনৰ উদ্‌গতিৰ মূলতে হৈছে স্বাস্থ্য। সেয়ে স্বাস্থ্য ৰক্ষাৰ প্ৰতি চকু দিয়া একান্ত প্রয়োজন।


মিতাচাৰ, নিয়মীয়া পৰিশ্ৰম, আৱশ্যকীয় বিশ্রাম, কুঅভ্যাস আৰু কুসংগ বৰ্জন, সংযম আদি স্বাস্থ্য ভালে ৰখাৰ প্ৰধান অবলম্বন। লোভৰ বশৱৰ্তী হৈ অতিপাতকৈ খালে বা অখাদ্য খালে, এলাহৰ বশীভূত হৈ কোনো পৰিশ্ৰম নকৰিলে বা অত্যুৎসাহী হৈ বিৰামহীনভাবে পৰিশ্ৰম কৰিলে, স্বভাৱৰ দোষত নিয়ম-সংযম নামানি উচ্ছৃঙ্খল জীবন যাপন কৰিলে স্বাস্থ্য ভাঙি পৰা স্বাভাৱিক। স্বাস্থ্য এবাৰ ভাঙি পৰিলে তাক পুনৰ উদ্ধাৰ কৰা প্ৰায়ে অসম্ভৱ হৈ পৰে। সংগ দোষত পৰি মদ-ভাং আদি খোৱা, কুঅভ্যাসৰ বশৱৰ্তী হৈ আৰু উচ্ছৃঙ্খল জীৱন যাপন কৰি স্বাস্থ্য হেৰুৱাই পিছত হা-হুতাশত দিন নিয়া লোকৰ উদাহৰণো পাবলৈ আছে। সেইবাবে স্বাস্থ্য ভালে ৰাখিবলৈও কুসংগ ত্যাগ কৰা উচিত—'দুঃসঙ্গ সর্বথৈব ত্যাজ্য - শাস্ত্রবো এয়ে মত। বিশুদ্ধ বায়ু সেবন কৰা, পৰিমিতভাবে ৰ'দ লোৱা, ব্যায়াম আদি কৰা স্বাস্থ্যৰ পক্ষে বৰ লাগতিয়াল ৷ ইংৰাজী প্ৰৱচন এটাত আছে 'Early to bed and early to rise, makes a man healthy, wealthy and wise'—অর্থাৎ খোৱা-শোৱাত নিয়মীয়া হ'লেহে স্বাস্থ্য লাভ হয় আৰু স্বাস্থ্যবান লোকেহে কঠোৰ সাধনা কৰি জ্ঞান আৰু সম্পদ লাভ কৰিবলৈ সমৰ্থ হ'ব পাৰে।


পৰিষ্কাৰ-পৰিচ্ছন্নতাও স্বাস্থ্য ৰক্ষাৰ আন এটা প্ৰধান বিধি। পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে বেমাৰ সুঁচৰিব নোৱাৰে আৰু মনটোও ভাল লাগি থাকে। সেইবাবে থকা ঘৰ- চোতাল, পিন্ধা সাজ-পাৰ আৰু খোৱা বা ৰন্ধা-বঢ়া কৰা বাচন-বৰ্তন পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগে।


আহাৰ স্বাস্থ্য ৰক্ষাৰ প্ৰধান হেতু। অপৰিমিত ভোজন আৰু অখাদ্য ভক্ষণেহে যে স্বাস্থ্যহানি কৰে এনে নহয় ; পৰিমিত আহাৰতো শৰীৰৰ কাৰণে দৰকাৰী বস্তু কেলৰী,

বামপ্রাণ, লো, লোণ, খনিজ-বস্তু আদিৰ অভাৱ হ'লে শৰীৰৰ পুষ্টি নহয়। সেইবাৰে আমাৰ খাদ্যত যাতে এইবোৰ বন্ধ থাকে বা খাদ্য প্রস্তুত কৰোতে যাতে এইবোৰ বস্তু নষ্ট নহয় তালে ভকু কথা দৰকাৰ। ঘিউ-মৌ, মাছ-মঙহ বা আপেল-আঙুৰতহে এইবোৰ আছে এনেও নহয় বাৰাৰ চাপৰ ঢেঁকীয়া, ঔটেঙা, বগৰী, আমলখি আদি শাক-পাচলি আৰু ফল-মূলতেই এইবোন সবইকে পোৱা যায়। সেইবাবেহে কোৱা হয়, শাকে-শোকোতাই ভোজন, সি পুৰুষৰ লক্ষণ।'


সাবধানে চলিলেও শৰীৰত ক'ৰবাৰপৰা কেনেবাকৈ ৰোগ-ব্যাধি হ'ব পাৰে। সেয়ে ৰোগ হ'লে তাক নিৰাময় কৰিবৰ কাৰণে লগে লগেই যত্ন কৰিব লাগে। কিয়নো 'অল্প খাত নিদিয়ে ঔষধি, বিস্তৰ হ'লে হত হোৱে বুধি – সামানা বুলি আওকাণ কৰি থাকোঁতেই ৰোগ বুদ্ধি হৈ বিবুধিত পেলাব পাৰে। তদুপৰি ৰোগ যিমান সোনকালে বৃদ্ধি হয়, চিকিৎসা কৰিলেও সিমান সোনকালে আৰোগ্য নহয়। ইবেল প্রমাণ বাঢ়ে, তিল প্রমাণ টুটে। সেইবাবে শৰীৰত যাতে ৰোগ হ'বলৈ নাপায় আৰু কেনেবাকৈ হ'লেও যাতে সোনকালে আৰোগ্য কৰিব পাৰি, তাৰ কাৰণে সদায় সচেষ্ট হ'ব লাগে। মূর্খ বৈদ্য যম সম'—গতিকে ৰোগ হ'লে জৰা-ফুকা, পূজা- পাতল আদি অবৈজ্ঞানিক ব্যৱস্থা নলৈ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।


নিয়মিত পৰিশ্ৰমো স্বাস্থ্যৰ কাৰণে অতীব প্রয়োজন। আমি প্ৰধানতা অন্ন সংস্থান আৰু প্রতিষ্ঠা লাভৰ কাৰণেহে পৰিশ্ৰম কৰোঁ। সেইবাবে পৰিশ্ৰম কেতিয়াবা মাত্রাতীত হয়, শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ মাজত ভাৰসাম্য নথকা হয়, তদুপৰি এই উদ্দেশ্যে কৰা শাৰীৰিক পৰিশ্ৰমতো দেহৰ সৰ্বাংগৰ সঞ্চালন নহ'বও পাৰে। অথচ স্বাস্থ্যৰক্ষাৰ কাৰণে পৰিমিত পৰিশ্ৰম, শাৰীৰিক আৰু মানসিক শ্ৰমৰ ভাৰসামা আৰু শৰীৰৰ সৰ্বাঙ্গ সঞ্চালন নিতান্ত লাগতিয়াল । সেইবাবে শ্রম যাতে অপৰিমিত নহয় আৰু শাৰীৰিক আৰু মানসিক শ্ৰমৰ ভাৰসাম্য যাতে ৰক্ষা হয়, তাৰ বাবে সততে চকু ৰখা দৰকাৰ। দেহৰ সকলোবোৰ অংগৰ সঞ্চালনৰ কাৰণে ব্যায়াম, খেলা-ধূলা আদি কৰা উচিত। বিদ্যাৰ্থীসকলৰ সৰহভাগ সময় লেখা-পঢ়া কৰোতে অর্থাৎ মানসিক শ্ৰমৰ মাজেৰে অতিবাহিত হয়; সেইদেখি ছাত্ৰসকলে নিয়মিতভাবে ব্যায়াম কৰিব লাগে। যৌগিক আসনাদিও শৰীৰৰ কাৰণে বৰ উপযোগী। ইয়াৰ উপৰিও আজৰি পৰত ছাত্ৰসকলে কোৰ মৰা, খৰি মেলোৱা আদি কাম কৰিলে শৰীৰ চৰ্চাৰ লগতে ঘৰখনৰো সহায় হয়।


স্বাস্থ্য বহু পৰিমাণে নিজস্ব স্বভাব আৰু চেষ্টাৰ ওপৰত নিৰ্ভৰ হ'লেও ব্যায়াম, চিকিৎসা আদিৰ ক্ষেত্ৰত সমূহীয়া চেষ্টা আৰু সহযোগৰো প্ৰয়োজন। আমাৰ দেশত বিশেষকৈ গ্রামাঞ্চলত শৰীৰ চৰ্চাৰ কাৰণে শিক্ষা দিব পৰা কোনো অনুষ্ঠান নাই বুলিবই পাৰি। চিকিৎসা- সেৱাও যথোচিত সম্প্ৰসাৰিত হোৱা নাই। সেইবাবে জন-স্বাস্থ্যৰ উন্নতিৰ কাৰণে চৰকাৰী চেষ্টা আৰু ব্যাপক হোৱা উচিত। মুঠতে জন-স্বাস্থ্যৰ উন্নতিৰ কাৰণে ব্যক্তি, সমাজ আৰু চৰকাৰ আটায়ে সচেষ্ট হ'ব লাগিব।


Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form