প্রাকৃতিক সম্পদসমূহ || NATURAL RESOURCES

              প্রাকৃতিক সম্পদসমূহ

                (NATURAL RESOURCES)


                 



পৃথিৱীৰ বুকুত পোৱা সকলো জীৱৰ বাবে প্ৰয়োজনীয় সম্পদৰাজিক প্ৰাকৃতিক সম্পদ বোলে। যেনে: বায়ু, পানী, মাটি।


পৃথিৱীৰ খোলাটোৰ উপৰিভাগৰ কঠিন অংশটোক স্থলমণ্ডল বোলে। পৃথিৱীৰ উপৰিভাগত আৰু ভূ-গৰ্ভত থকা পানীভাগে মিলি যি অংশৰ সৃষ্টি হয়, তাক জলমণ্ডল বোলে। পৃথিবীক আগুৰি থকা গেছীয়া তৰপটোক বায়ুমণ্ডল বোলে। পৃথিৱীৰ যিটো অংশত স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল একেলগে থাকি জীৱসমূহক জীয়াই ৰাখে, সেই অংশটিক জীৱমণ্ডল বোলে।


জীৱমণ্ডলত দুটা উপাদান থাকে। সকলো জীৱ মিলি জীৱমণ্ডলৰ জৈৱিক উপাদান। গঠিত হয়। আনহাতে বায়ু পানী আৰু মাটিয়ে জীৱমণ্ডলৰ অজৈবিক উপাদানটো গঠন। কৰে।


পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ ভাৰসাম্য অটুট ৰখাত ইয়াৰ জীৱসমূহৰ ক্রিয়াকলাপে অৰিহণা যোগায়। বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ সৃষ্টিৰ দুটা মুখ্য কাৰণ হ'ল— জীৱসমূহে কাৰ্যৰ দ্বাৰা মুক'জ অণুৰ জাৰণ ঘটালে, শক্তিৰ লগতে কার্বন-ডাই- অক্সাইড গেছ উৎপন্ন হয়। দ্বিতীয়তে, ইন্ধনৰ দহন বা বনজুইৰ ফলতো কার্বন-ডাই-অক্সাইড উৎপন্ন হয়। তথাপিও বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ অতিকৈ কম । তাৰ দুটা মুখ্য কাৰণ হ'ল— সেউজীয়া উদ্ভিদে সালোক-সংশ্লেষণৰ দ্বাৰা কাৰ্বন-ডাই-অক্সাইডক গ্লুক জলৈ পৰিৱৰ্তন কৰে। দ্বিতীয়তে, বহুতো সামুদ্রিক প্রাণীয়ে সাগৰৰ পানীত দ্রবীভূত কার্বনেটৰ সহায়ত সিহঁতৰ দেহৰ খোলা গঠন কৰে।


জলবায়ু নিয়ন্ত্ৰণত বায়ুমণ্ডলৰ এক বিশেষ ভূমিকা আছে। বায়ু তাপৰ কু-পৰিবাহী। সেয়ে বায়ুমণ্ডলে দিনৰ ভাগত পৃথিৱীৰ উপৰিভাগৰ গড় উষ্ণতা প্ৰায় স্থিৰ ৰাখে। আনহাতে ৰাতিৰ ভাগত, বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ পৰা তাপৰ বিকিৰণ প্ৰক্ৰিয়া মন্থৰ কৰি, পৃথিৱীখনক অতিপাত ঠাণ্ডা হোৱাৰ পৰা ৰক্ষা কৰে।


এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ বায়ুৰ গতিক বতাহ বোলে । বতাহৰ গতিৰ ওপৰত প্রভাৱ পেলোৱা কেইটামান কাৰক হ'ল— পৃথিবীৰ উপৰিভাগৰ বিভিন্ন অঞ্চলৰ বায়ুমণ্ডল অসমভাবে উত্তাপিত হোৱা, পৃথিৱীৰ ঘূর্ণন আৰু বতাহৰ পথত পৰ্বতৰ অৱস্থান আদি ।


বায়ুমণ্ডলৰ বিভিন্ন অঞ্চল অসমভাবে উত্তাপিত হোৱাৰ ফলত বতাহ বলাৰ এক উদাহৰণ হ'ল জলবতাহ আৰু হল বতাহ। সাগৰৰ উপকণ্ঠ অঞ্চলত দিনৰ ভাগত পানীতকৈ মাটি সোনকালে গৰম হয় বাবে মাটিৰ ওপৰৰ গৰম বায়ু পাতল হৈ ওপৰলৈ যাবলৈ আৰম্ভ

কৰে। তাৰ ফলত মাটিৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হয় আৰু পানীৰ ওপৰৰ উচ্চ চাপযুক্ত বায়ু মাটিৰ ফাললৈ প্ৰবাহিত হ'বলৈ ধৰে। এনেদৰে জল বতাহৰ সৃষ্টি হয়। আনহাতে ৰাতিৰ ভাগত পানী ধীৰে ধীৰে ঠাণ্ডা হয় বাবে পানীৰ ওপৰৰ বায়ু মাটিৰ ওপৰৰ বায়ুতকৈ তুলনামূলকভাৱে গৰম হয় আৰু পানীৰ ওপৰত বায়ুৰ নিম্ন চাপৰ সৃষ্টি হয়। যাৰ ফলত মাটিৰ পৰা পানীলৈ স্থল বতাহ বৰলৈ আৰম্ভ কৰে।


পৃথিৱীৰ উপৰিভাগৰ গৰম বায়ু ওপৰলৈ উঠোতে ই যথেষ্ট পৰিমাণৰ জলীয় বাষ্প ও লগতে কঢ়িয়াই লৈ যায়। অতিপাত উচ্চতাত এই বায়ু ঠাণ্ডা হোৱাৰ ফলত ইয়াৰ লগত থকা জলীয় বাষ্পৰ ঘণীভূত হৈ সৰু সৰু পানীৰ কণিকাৰ সৃষ্টি হয়। এনে কণিকাসমূহে ইটোৰ লগত সিটো লগ লাগি ডাঙৰ কণিকাৰ সৃষ্টি কৰি গধুৰ হ'লে তললৈ নামি আহে। ইয়াকে ঘৰষুণ বোলা হয়।


যেতিয়া বায়ুৰ উষ্ণতা অতিকৈ কম হয়, তেতিয়া ঘনীভূত পানীৰ কণিকাবোৰ বৰফ, হিমবৃষ্টি বা শিলাবৃষ্টি হিচাপে নামি আহে।


বায়ুত কিছুমান হানিকাৰক পদাৰ্থৰ পৰিমাণ বৃদ্ধিকে বায়ু প্ৰদূষণ বোলে। জীৱাশ্ম ইন্ধন যেনে কয়লা আৰু পেট্ৰ'লিয়ামৰ দহন হ'ল বায়ু প্ৰদূষণৰ মুখ্য কাৰণ। ই দুই ধৰণে বায়ু প্ৰদূষিত কৰিব পাৰে। প্ৰথমতে, জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত সৃষ্টি হোৱা ছালফাৰ আৰু নাইট 'জেনৰ অক্সাইডসমূহে বৰষুণৰ পানীত দ্রৱীভূত হৈ অম্ল বৰষুণৰ সৃষ্টি কৰে। দ্বিতীয়তে, জীবাশ্ম ইন্ধনৰ দহনৰ ফলত সৃষ্টি হোৱা অদাহ্য কার্বন কণিকা বা হাইড কার্বনসমূহে বায়ুত ওপঙি থাকি বায়ু প্ৰদূষিত কৰে। এনে কণিকা উশাহত মানুহৰ শৰীৰৰ ভিতৰলৈ সোমালে এলার্জি, কটি ৰোগ আৰু হাওঁফাওঁৰ ৰোগ হোৱাৰ সম্ভাবনা বাঢ়ে।


"পানী জীৱৰ বাবে এক অত্যাৱশ্যকীয় সম্পদ। কাৰণ, জীৱৰ সকলো কোষীয় প্রক্রিয়াই পানীৰ মাধ্যমতহে সংঘটিত হয়। তেনেদৰে, জীৱৰ শৰীৰৰ ভিতৰত কোনো পদার্থ এটা অংশৰ পৰা আন এটা অংশলৈ পানীত দ্রবীভূত অৱস্থাত পৰিবাহিত হয়।


পানীত কোনো অবাঞ্ছিত পদার্থ মিহলি হোৱা, কোনো লাগতিয়াল পদার্থৰ বিনাশ ঘটা বা পানীৰ উষ্ণতাৰ পৰিৱৰ্তনকে পানী প্ৰদূষণ বোলে।


মাটিৰ সৃষ্টিৰ লগত জড়িত কাৰক বা প্ৰক্ৰিয়াসমূহ হ'ল সূর্য, পানী, বতাহ আৰু জীৱ। সূৰ্যৰ তাপত দিনৰ ভাগত শিলাস্তৰৰ প্ৰসাৰণ ঘটে আৰু ৰাতিৰ ভাগত শিলাস্তৰ ঠাণ্ডা হোৱাৰ ফলত তাৰ সংকোচন ঘটে। কিন্তু এই প্ৰসাৰণ আৰু সংকোচন সকলো অংশতে একে হাৰত নহয় বাবে শিল্পান্তৰত ফাঁকৰ সৃষ্টি হয়। ফলত ডাঙৰ ডাঙৰ শিলবোৰ সৰু সৰু খণ্ডলৈ ভাঙি যায়। -


তেনেদৰে পানীয়েও মাটির সৃষ্টিত দুই ধৰণে অৰিহণা যোগায়। প্ৰথমতে, শিলৰ ফাঁকত সোমাই যোৱা পানী বৰলৈ ৰূপান্তৰিত হৈ আয়তনত বাঢ়ি ফাঁকবোৰ বেছি বহলাই দিয়ে। দ্বিতীয়তে, পানীয়ে শিলাস্তৰৰ গাত ঘঁহনি খাই তাক খহোৱাত সহায় কৰে আৰু পানীৰ সোঁতত বৈ অহা সৰু-বৰ শিলাখণ্ডই পৰস্পৰৰ লগত ঘঁহনি খাই শেহত সৰু সৰু কণিকাৰ সৃষ্টি কৰে।


বতাহেও শিলাস্তৰৰ গাত ঘঁহনি খাই তাক খহোৱাত সহায় কৰে।


জীৱসমূহৰ ভিতৰত লিচেচন নামৰ জীৱবিধে শিলৰ ওপৰত বাস কৰি তাত এবিধ বিশেষ পদাৰ্থ এৰি দিয়ে। যিয়ে পিছত শিলৰ পৃষ্ঠৰ ওপৰভাগত শিলৰ গুড়িৰ তৰপ এটা সৃষ্টি কৰে আৰু এই তৰপটোৱে পিছত মাটিৰ ৰূপ লয়। আন কিছুমান ডাঙৰ ডাঙৰ বৃক্ষৰ শিপা শিলৰ ফাঁকত সোমাই গৈ শিলসমূহ খণ্ড-বিখণ্ড কৰাত সহায় কৰে।


মাটি হ'ল শিলৰ কণিকা, হিউমাচ আৰু অণুজীৱৰ এক মিশ্ৰণ । মাটিৰ একেবাৰে ওপৰৰ স্তৰটোক য'ত হিউমাচ আৰু অণুজীৱসমূহ থাকে, তাক মাটিৰ বহিঃক্তৰ বুলি কোৱা হয় ।।


মাটিৰ পৰা কোনো লাগতিয়াল উপাদানৰ অপসাৰণ ঘটি বা কোনো অবাঞ্ছিত পদার্থ মাটিত যোগ হৈ মাটিৰ উৰ্বৰতা হ্ৰাস কৰাকে মাটি প্রদূষণ বোলে। জীৱমণ্ডলৰ বিভিন্ন উপাদানসমূহৰ মাজত পদাৰ্থ আৰু শক্তিৰ আদান-প্ৰদানৰ দ্বাৰা


সৃষ্ট পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কসমূহক জৈব ভূ-রাসায়নিক চক্র বোলে।


যি প্ৰক্ৰিয়াৰ দ্বাৰা সাগৰৰ পানী বাষ্প হৈ পিছত বৰষুণ ৰূপে পৃথিৱীলৈ নামি আহি নদীবোৰৰ দ্বাৰা পুনৰ সাগৰত পৰে, তাক জলচক্ৰ বোলে।


বায়ুমণ্ডলৰ পৰা নাইট্ৰ'জেন মৌল মাটি আৰু পানীলৈ আৰু ইয়াৰ পৰা জীৱদেহলৈ সৰবৰাহ হৈ পুনৰ বায়ুমণ্ডললৈ উভতি যায়। এই প্রক্রিয়াটোকে নাইট্ৰ'জেন চক্র বোলে। বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইডৰ ৰূপত কাৰ্বন মৌল বিভিন্ন ভৌতিক আৰু জৈৱিক ক্ৰিয়াৰ মাজেৰে পুনৰ বায়ুমণ্ডললৈ উভতি যোৱা চক্ৰীয় প্রক্রিয়াটোকে কার্বন চক্র বোলে।


কিছুমান গেছে পৃথিবীৰ পৰা প্ৰতিফলিত তাপ ধৰি ৰাখে। এনে গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে। এই পৰিঘটনাক সেউজ গৃহ প্রভাৱ বোলে।


অক্সিজেন চক্ৰ হ'ল এনে এটি চক্ৰ যাৰ সহায়ত বায়ুমণ্ডলৰ অক্সিজেন বিভিন্ন ভৌতিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ মাজেৰে গৈ পুনৰ বায়ুমণ্ডললৈ উভতি যায়।


অ'জন হ'ল তিনিটা অক্সিজেন পরমাণুযুক্ত এটা অণু আৰু ইয়াৰ সংকেত O । ই এক


বিষাক্ত গেছ যদিও ই পৃথিৱীৰ জীৱজগতক সূৰ্যৰ হানিকাৰক বিকিৰণৰ পৰা সুৰক্ষা দিয়ে। ক'ৰ ফ'ৰ'কাৰ্বন (CFC) নামৰ পদাৰ্থবিধে অজ'নৰ লগত বিক্ৰিয়া কৰি বায়ুমণ্ডলৰ অ'জ'ন স্তৰৰ অৱক্ষয় সাধন কৰিছে।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form