স্বদেশী আন্দোলন || স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা


স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা 



স্বদেশী আন্দোলনৰ এটা বৃহৎ অৱদান এয়ে আছিল যে ই জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছিল। এই আন্দোলনে ছাত্র সমাজৰ মনোযোগ আকৰ্ষণ কৰিছিল আৰু বহুতো ছাত্ৰই স্বদেশী আন্দোলনত সক্রিয়ভাৱে অংশ গ্রহণ। কৰিছিল। ইয়াৰ পৰিণতিত বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কার্লাইলে ১৯০৫ চনৰ ১০ অক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰবিৰোধী আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্রভাবে প্রতিবাদ সাব্যস্ত কৰিলে আৰু শ্ৰেণীকোঠা ত্যাগৰ কাৰ্যসূচী গ্ৰহণ কৰিলে। ১৯০৫ চনৰ ৪ নৱেম্বৰত চৰকাৰৰ অন্যাৰ্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ পটলডাঙা মল্লিকবাৰীত ছাত্ৰসকলৰ এক বিশাল সমাবেশ। সংগঠিত কৰিলে আৰু ইয়াতেই চৰকাৰৰ নিৰ্দেশনা অমান্য কৰিবলৈ 'এণ্টি-চাকুলাৰ ছ'চাইটি' গঠন কৰিলে। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনালে। সতীশ চন্দ্ৰ মুখার্জীয়ে 'ডন ২'চাইটি' নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিলে। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) আৰু কার্লাইলৰ জাননী (১৯০৫) সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল। এই বিশিষ্ট নেতাসকলে জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল। ১৯০৫ খ্ৰীষ্টাব্দত ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত 'বংগ জাতীয় বিদ্যালয়' নামেৰে দুখন শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰে।


ৰবীন্দ্ৰনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগ প্ৰদেশত বহুতো বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰে। বাসবিহাৰী বসুৰ নেতৃত্বত ১৯০৬ খ্ৰীষ্টাব্দত কলিকতাৰ টাউন হলত 'জাতীয় শিক্ষা পৰিষদ' গঠন হয়। ১৯০৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয়। এনেদৰে স্বদেশী আন্দোলনৰ সময়ছোৱাত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক বিদ্যালয় স্থাপন হয়। এই সময়ছোৱাতে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হয় যি পৰৱৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয়লৈ উন্নীত হয়। একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন অংশত জাতীয় বিদ্যালয় স্থাপন হয়। ইয়াৰে কেইখনমান হৈছে বিহাৰ বিদ্যাপীঠ (পাটনা), সমৰ্থ বিদ্যালয় (মহাৰাষ্ট্ৰ) আৰু গুজৰাট বিদ্যালয় (গুজৰাট)।



Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form