স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?
স্বদেশী আন্দোলনে আত্মশক্তি বিকাশৰ উদ্যম বৃদ্ধি কৰাৰ ফলত ভাৰতীয় উদ্যোগৰ বিকাশৰ পথ প্ৰশস্ত হৈছিল। বিদেশী বস্তু বৰ্জনৰ মানসিকতা গঢ়ি উঠাত মানুহে স্থানীয়ভাৱে নিৰ্মিত বস্তুৰ প্ৰতি হাবিয়াহ কৰিলে। ইয়াৰ ফলত দেশৰ বিভিন্ন অংশত কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান আৰু বহুতো ক্ষুদ্র উদ্যোগ গঢ়ি উঠিছিল। সুতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ উদ্যোগ স্থাপন হয়। এই সময়ছোৱাতে জাতীয় বেংক আৰু জাতীয় বীমা প্রতিষ্ঠান স্থাপিত হৈছিল। এই সময়ছোৱাত প্ৰতিষ্ঠা হোৱা এটা প্ৰতিষ্ঠান আছিল 'স্বদেশী ভাণ্ডাৰ' যি পৰৱৰ্তী পৰ্যায়ত এক উল্লেখযোগ্য বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল ৷ ইয়াক ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল। যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ যৌথ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰছ' স্থাপিত হৈছিল। কলিকতাৰ
কৰ্ণৱালিছ ষ্ট্ৰীটত সৰলা দেৱী চৌধুৰীনিয়ে লক্ষী ভাণ্ডাৰ স্থাপন কৰিছিল। এই সময়ছোৱাতে ইউনাইটেড বেংগল ষ্টোৰছ' স্থাপিত হৈছিল।
এই সময়ছোৱাত গধুৰ উদ্যোগ পশুতো কিছুমান পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ১৯০৬ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত নীলতম চৰকাৰে 'বংগলক্ষী কটন মিল' স্থাপন কৰিছিল। আনহাতে ১৯০৬ খ্ৰীষ্টাব্দৰ জুলাই মাহত আচার্য প্রফুল্ল ৰায়ে 'বেংগল কেমিকেলছ' নামৰ উদ্যোগটো স্থাপন কৰে। ১৯০৭ খ্ৰীষ্টাব্দত জামছেলপুৰত জামছেদজী টাটাৰ দ্বাৰা টাটা লৌহ শিক্ষ কাৰখানাৰ স্থাপন এই ক্ষেত্ৰত অন্য এক উল্লেখনীয় পদক্ষেপ। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰত আৰ চি দাসৰ পৌৰোহিত্যত পোন প্ৰথমবাৰৰ বাবে বাৰাণসীত ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হয়। এই সম্মিলনে স্বদেশী উদ্যোগৰ সম্ভাৱনীয়তা সম্পর্কে ভাৰতীয় লোকসকলক সজাগ কৰিছিল। এনেদৰে, স্বদেশী আন্দোলনে দেশৰ ঔদ্যোগিক বিকাশক অনুপ্রাণিত কৰিছিল।