স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?

 স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?


স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলনবিৰোধী কাৰ্যসূচীসমূহ আছিল এনেধৰণৰ


(ক) ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক এই আশাতেই বিভিন্ন উপাধি, পদক আৰু পদ যাচিছিল যাতে তেওঁলোকে চৰকাৰৰ ক্রিয়াকলাপত সহযোগিতা কৰিব। উদাৰপন্থী কংগ্ৰেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ভাইচবয় পৰিষদৰ সদস্য পদ। ব্ৰিটিছ সংসদ সদস্যপদ যচা হৈছিল। সুৰেন্দ্ৰনাথ বেনাৰ্জী, গোপাল কৃষ্ণ গোখলে, বিপিন চন্দ্র পাল প্ৰমুখ্যে কংগ্ৰেছ নেতাসকলৰ স্থিতি দৃঢ় আছিল আৰু চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ প্রত্যাখ্যান কৰিছিল।


(খ) ব্ৰিটিছ চৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে। কংগ্ৰেছৰ প্ৰতি বিৰোধ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে মুছলমানসকলৰ এটা ৰাজনৈতিক দল গঠন কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিছিল। এই ক্ষেত্ৰত তেওঁলোক যথেষ্ট সফল হয়।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form