স্বদেশী আন্দোলনৰ তিনিটা ফলাফল
১৯০৫ খ্ৰীষ্টাব্দত আৰম্ভ হৈ ১৯১১ খ্ৰীষ্টাব্দলৈ অব্যাহত থকা স্বদেশী আন্দোলনক ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে বিবেচনা কৰা হয়। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল তলত উল্লেখ কৰা হ'ল :
(ক) জাতীয় সাহিত্যৰ বিকাশ : এই সময়ছোৱাত জাতীয়তাবাদ আৰু দেশভক্তিৰ উদ্যম জাগ্ৰত কৰা বহুতো আলোচনী, সংবাদপত্র, গ্রন্থ, নাটক, গীত আৰু প্ৰবন্ধ প্ৰকাশিত হৈছিল। এই বিলাকে জাতীয় আন্দোলনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। অবনীন্দ্ৰনাথ ঠাকুৰৰ উদ্যোগত 'বংগীয় কলা সংসদ' নামৰ জাতীয় অনুষ্ঠানটো স্থাপিত হৈছিল। এই অনুষ্ঠানটোৱে পাশ্চাত্য প্রভাৱমুক্ত ভাৰতীয় চিত্ৰকলাৰ আধাৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছিল।
(খ) মহিলাৰ অংশগ্রহণ : স্বদেশী আন্দোলনত মহিলাসকলক সামাজিক প্রতিবন্ধকতা অতিক্ৰম কৰি আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰা হৈছিল। এগৰাকী অগ্ৰণী নাৰী সৰলা দেৱী চৌধুৰীনীয়ে বীৰষ্টমী ব্রত, প্রতাপাদিত্য উৎসর, উদয়াদিত্য উৎসব, ব্যায়াম সমিতি আদি উৎসৱ-অনুষ্ঠান আয়োজন কৰিছিল। তেওঁ যুৱক-যুৱতীসকলক লাঠীঘেল আৰু কুত্তিৰ প্ৰশিক্ষণ দিয়াইছিল আৰু 'ভাৰতী' নামৰ এখন পত্ৰিকাৰ সম্পাদনা কৰিছিল। এনেদৰে জাতীয় আন্দোলনত সক্রিয়ভাবে অংশগ্ৰহণ কৰিবলৈ যুবশক্তিক প্রস্তুত কৰিছিল। অন্য এক অগ্ৰণী নাৰী ভাগিনী নিবেদিতাই বিভিন্ন সমিতিৰ সৈতে জড়িত হৈ যুৱক-যুৱতীক দেশীয় শিল্পৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰাণিত কৰিছিল ।
মুছলিম লীগৰ প্ৰতিষ্ঠা ঃ ব্ৰিটিছ চৰকাৰে ধৰ্ম, জাতি আদিৰ ভিত্তিত ভাৰতীয়সকলৰ মাজত বিভাজন আনিবলৈ প্ৰয়াস যাতে তেওঁলোকৰ সাম্ৰাজ্যবাদ অক্ষুণ্ণ থাকে। লৰ্ড কাৰ্জনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ভালেসংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগ বিভাজনৰ পৰিকল্পনাক আদৰণি জনাইছিল। ব্ৰিটিছ চৰকাৰৰ পৰা বিশেষ ৰাজনৈতিক অনুগ্রহ লাভ কৰাৰ পিছত মুছলমান সকলক ‘সৰ্বভাৰতীয় মুছলিম লীগ' নামৰ ৰাজনৈতিক অনুষ্ঠানটো গঠন কৰিবলৈ অনুপ্ৰাণিত কৰা হৈছিল। এই মুছলিম লীগ পৰৱৰ্তী পৰ্যায়ত এক বৃহৎ শক্তিত পৰিণত হয় কিয়নো ভাৰতীয় জাতীয় কংগ্ৰেছক দুর্বল কৰাত ই উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।