স্বদেশী আন্দোলনৰ তিনিটা অবদান
স্বদেশী আন্দোলনৰ প্ৰধান অবদান কেইটা হৈছে:
(ক) গণ আন্দোলন সম্পৰ্কে ৰাজনৈতিক শিক্ষা : স্বদেশী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অৱদান এয়ে যে ইয়াৰ জৰিয়তে গণ আন্দোলনৰ শক্তি সম্পৰ্কে ভাৰতীয়সকল অবগত হয়। তেওঁলোকে উপলব্ধি কৰিছিল যে যদিহে সংখ্যাগরিষ্ঠ জনসাধাৰণে এক উমৈহতীয়া উদ্দেশ্যে পূৰণৰ উদ্দেশ্য সংঘৱদ্ধভাৱে আন্দোলনত অংশগ্ৰহণ কৰে, তেন্তে এই গণ-আন্দোলন নিশ্চিতভাবে সফল হ'ব।
(খ) গণ আন্দোলনৰ প্ৰতি নাৰীসকল আকৰ্ষিত হয় : স্বদেশী আন্দোলনে ভাৰতীয় নাৰীসকলক গণ-আন্দোলনৰ দিশত সবলীকৰণ কৰে। প্ৰফুল্ল চাকীক ফাঁচী দিয়া দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাস কৰিছিল। তদুপৰি ‘যুগান্তৰ” পত্ৰিকাৰ সম্পাদক ভূপেন্দ্ৰনাথ দত্তক পুলিচে কঠোৰ শাস্তি বিহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মাতৃ ভুবনেশ্বৰী দেৱীয়ে সকলো নাৰীক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।
(গ) স্বৰাজ দাবী উত্থাপনৰ বাবে জাগ্ৰত কৰে : স্বদেশী আন্দোলনে 'স্বৰা'ৰ প্ৰতি আসক্তি জাগ্ৰত কৰে। এই আন্দোলনৰ সময়ছোৱাত ভাৰতীয়সকলে পোন প্ৰথমবাৰৰ বাবে ব্ৰিটিছ চৰকাৰৰ পৰা স্বৰাজ বা স্বায়ত্ত শাসন দাবী কৰিছিল। দাদাভাই নৌৰজীৰ পৌৰোহিত্যত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত এই দাবী উত্থাপন কৰা হৈছিল।