বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল

 বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল


 ব্ৰিটিছ চৰকাৰে প্ৰশাসনীয় সুবিধা প্রাপ্তিয়েই বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য বুলি ঘোষণা কৰিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য ভিন্ন আছিল। 

ব্ৰিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল :


(ক) বংগ প্ৰদেশত দ্রুতভাৱে উন্মেষ হোৱা জাতীয়তাবাদৰ টৌ প্ৰতিৰোধ কৰা। বংগ প্ৰদেশক প্ৰাণকেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছিল।


(খ) ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ সুস্থিৰতাৰ ক্ষেত্ৰত ভাবুকিৰ অৱতাৰণা কৰিব পৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট


কৰা।


(গ) বংগ প্রদেশক এনেদৰে ভাগ কৰা যাতে নতুনকৈ বিভক্ত হোৱা প্ৰদেশৰ এখনত হিন্দুসকল সংখ্যালঘুত পৰিণত হয়। আৰু আনখন প্ৰদেশত মুছলমানসকল সংখ্যালঘুত পৰিণত হয়। এই পদক্ষেপে দুয়োটা গোটে সংঘবদ্ধভাবে চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা নাইকিয়া কৰিব ।


(ঘ) মুছলমান নেতাসকলক সন্তুষ্ট কৰা আৰু জাতীয়তাবাদ বিকাশত অগ্রণী ভূমিকা লোৱা হিন্দু বঙালীসকলক দুর্বল কৰা।


(ঙ) কংগ্ৰেছ দলৰ ব্ৰিটিছ বিৰোধী চমপন্থীসকলক নিয়ন্ত্ৰণ কৰা ।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form