উপেন্দ্র চন্দ্ৰ লেখাৰু ।Upendra Chandra Lekharu । উপেন্দ্র চন্দ্ৰ লেখাৰু বিষয়ে

                   উপেন্দ্র চন্দ্ৰ লেখাৰু


 লেখক পৰিচিতি :


উপেন্দ্র চন্দ্ৰ লেখাৰু (১৯০৫-১৯৭৯) অসমীয়া বৈষ্ণৱ সাহিত্যৰ  অন্যতম গৱেষক পণ্ডিত। অসমীয়া বিষয়ৰ উপৰি বাংলা বিষয়তাে তেওঁ এম.এ. ডিগ্রী লাভ কৰে। শিক্ষা শেষ কৰি পােন প্রথমে উত্তৰ গুৱাহাটীৰ  কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লয়। পাছত কটন কলেজৰ অসমীয়া বিভাগত সুদীর্ঘ কাল অধ্যাপনা কৰি বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্রহণ কৰে। লেখাৰুদেৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ কথা-গুৰু-চৰিত অসমীয়া সাহিত্যৰ এক মূল্যবান সম্পদ। অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ’, লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ উল্লেখযােগ্য।

গ্রন্থ। তেওঁৰ অনুবাদমূলক গ্রন্থকেইখন হ’ল—“শ্রীশ্ৰী ৰামকৃষ্ণৰ উপদেশ’, ‘ধম্মপদ’, ‘এনক আর্ডেন। আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য গ্রন্থৰ সম্পাদনাৰ প্ৰয়াস কৰা লেখাৰুদেৱৰ ভক্তি বিবেক’ আৰু কথা সাহিত্য উল্লেখযােগ্য সম্পাদিত গ্রন্থ। ১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তত্রিংশ অধিবেশনত তেওঁ সভাপতিত্ব কৰে।


Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form