ধীৰেন্দ্র চন্দ্র দত্ত । Dhirendra Chandra Dutta । ধীৰেন্দ্র চন্দ্র দত্তৰ বিষয়ে
ধীৰেন্দ্র চন্দ্র দত্তৰ জন্ম হয় গােলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত। তেওঁৰ দেউতাকৰ নাম আছিল ডাঃ শৰৎ চন্দ্র দত্ত আৰু মাকৰ নাম নয়নতৰা
ধীৰেন্দ্র চন্দ্র দত্তৰ দেউতাকৰ ঘৰ আছিল বর্তমান বাংলাদেশ ঢাকাৰ ওচৰৰ । তাৰপৰা আহি তেওঁ গােলাঘাটত নিগাজিকৈ থাকিবলৈ লয় । ধীৰেন্দ্র চন্দ্র দত্তৰই সৰুতে দেউতাকক হেৰুৱায়। তেওঁ দেৰগাঁও হাইস্কলত ষষ্ঠ শ্ৰেণীত
পঢ়ি থাকোঁতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰুৱাভাৱে পঢ়িবলৈ লয়। দেশ আৰু জাতিৰ প্ৰতি থকা সেৱাৰ মনােভাবৰ বাবে গৰাকী কবিয়ে ১৯২৮ চনত সক্রিয়ভাৱে দেশৰ কামত জঁপিয়াই পৰে। সই সময়ত ইংৰাজৰ অধীনত থকা ভাৰতবৰ্ষক স্বাধীন কৰাৰ বাবে চলি থকা আন্দোলনত যােগদান কৰি দুবছৰ জেলতাে থকিব লগা হয়। দহ বছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ সাম্যবাদৰ প্রতি আকৃষ্ট হয়। জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদর্শ অনুসৰি আপােচহীনভাৱে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। ১৯৩৬ চনত তেওঁৰ কাব্য সংকলন অভিযান’ প্রকাশ পায়। | ১৯৭২ চনৰ ২২ অক্টোবৰত যােৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰােগত কবি ধীৰেন্দ্র চন্দ্র দত্তৰ মৃত্যু হয়।