সত্যনাথ বৰা
লেখক পৰিচিতিঃ
গুৱাহাটীৰ ভৰলুমুখত জন্ম লাভ কৰা সত্যনাথ বৰাই (১৮৬০ ১৯২৫) গুৱাহাটীত হাইস্কুলৰ শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। কলিকতাত তেওঁ ১৮৮৯ চনত বি. এল. পৰীক্ষাত উত্তীৰ্ণ ⇒ হৈ গুৱাহাটীৰ আৰ্ল ল কলেজ আৰু কটন কলেজত কিছুদিন অধ্যাপনা কৰে। পাছলৈ অধ্যাপনা বাদ দি গুৱাহাটীতে ওকালতি কৰিবলৈ লয়।
গ্ৰন্থকাৰ হিচাপে আত্মপ্রকাশ কৰা সত্যনাথ বৰাৰ প্ৰথমখন গ্রন্থ ‘গীতাৱলী প্ৰকাশ পাইছিল ১৮৮৮ চনত। এইখন আছিল এখন গীতৰ পুথি। তেওঁ ৰচনা কৰা ‘বহল ব্যাকৰণ' এখনি উল্লেখযোগ্য ব্যাকৰণ। ..কেন্দ্রসভা', 'সাহিত্য বিচাৰ’, 'সাৰথি’, চিন্তাকলি' আদি বৰাৰ প্ৰবন্ধ আৰু সমালোচনামূলক পুথি। তেওঁ ৰচনা কৰা ‘আকাশ ৰহস্য' অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্রথম গ্রন্থ। তেওঁ হাস্যৰসাত্মক কবিতা কিছুমানো ৰচনা কৰিছিল। সম্পাদক হিচাপেও তেওঁ ব্যুৎপত্তি লাভ কৰিছিল। ১৯০১ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা ‘জোনাকী’ আলোচনীখনো তেওঁ সম্পাদনা কৰিছিল।