পদ্মনাথ গোহাঞিবৰুৱাৰ চমু পৰিচয়

            পদ্মনাথ গোহাঞিবৰুৱাৰ চমু পৰিচয়


লেখক পৰিচিতিঃ


লক্ষীমপুৰ জিলাৰ নকাৰী গাঁৱত জন্ম লাভ কৰা পদ্মনাথ গোহাঞিবৰুৱাই (১৮৭১-১৯৪৬) শিৱসাগৰ আৰু কহিমাত পঢ়াশলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কলকাতালৈ যায় ১৮৯০ চনত। অৱশ্যে, বিভিন্ন অসুবিধাৰ কাৰণে ডিগ্ৰী লাভ কৰিব নোৱাৰিলে। 

পাছত, ‘দেখাত শুদা হাতে' অসমলৈ উভতি আহে যদিও 'নেদেখাকৈ কাষলতিৰ তলত... মাতৃভাষা আৰু জাতীয় সাহিত্য-সম্ভাৰৰ কঠীয়া টোপোলা এটি' লৈ আহে। কলকাতাত থাকোতেই গোহাঞিবৰুৱাই ‘বিজুলী' নামৰ আলোচনীখন সম্পাদনা কৰিছিল। এই আলোচনীৰ পাততে তেওঁৰ 'ভানুমতী' আৰু 'পাহৰী' উপন্যাস ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। কলকাতাৰ পৰা উভতি আহি প্ৰথমে তেওঁ ঘৰতে থাকি সাহিত্যসেৱাত মনোনিৱেশ কৰে আৰু ছমাহ পাছত কহিমা চৰকাৰী ইংৰাজী স্কুলৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পাছত তেওঁ তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰ, মংগলদৈৰ তহচিলদাৰ, কাউন্সিল সদস্য, অনাৰেৰী মেজিষ্ট্রেট আদি বিষয়-বারত নিযুক্ত হৈছিল।


উচ্চ সাহিত্য-প্রতিভাৰ অধিকাৰী গোহাঞিবৰুৱাই কেবাখনো মানবিশিষ্ট গ্রন্থ ৰচনা কৰে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল— নাটক : ‘গাওবুঢ়া’, ‘টেটোন তামুলী', 'জয়মতী', ‘গদাধৰ’, ‘সাধনী' আৰু ‘লাচিত বৰফুকন’। উপন্যাস : ‘ভানুমতী' আৰু 'লাহৰী’। তত্ত্বমূলক গ্রন্থ : ‘শ্রীকৃষ্ণ’। আত্মজীৱনী : ‘মোৰ সোঁৱৰণী'। 'বিজুলী'ৰ উপৰি তেওঁ ‘আসাম বন্তি” আৰু “ঊষা' নামৰ আলোচনী দুখনো সম্পাদনা কৰে। পদ্মনাথ গোহাঞিবৰুৱা হ'ল ১৯১৭ চনত স্থাপিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। ১৯১৭ চনত অনুষ্ঠিত হোৱা সভাৰ শিৱসাগৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰে।


গোহাঞিবৰুৱাৰ কৰ্মৰাজিত সন্তুষ্ট হৈ সেই সময়ৰ ভাৰত চৰকাৰে তেওঁক ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত কৰে। অৱশ্যে, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মহাত্মা গান্ধীৰ প্ৰতিও তেওঁৰ শ্ৰদ্ধা আছিল। 

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form