লেখক পৰিচিতিঃ
হাজোৰ ওচৰৰ ৰামদিয়া গাঁৱত কালিৰাম মেধিৰ (১৮৭৮-১৯৫৪) জন্ম হয়। গুৱাহাটীত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটি কলেজ আৰু প্ৰেছিডেন্সী কলেজত অধ্যয়ন কৰে। পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলিকতাৰ পৰা উভতি আহিয়েই তেওঁ উপ-প্রতি সমাহর্তা হিচাপে চাকৰিত যোগদান কৰে। মেধিৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰ বাবে শেষত ই. এল. চি. পদলৈ উন্নীত হয়। চৰকাৰী চাকৰিৰ দায়িত্বত থাকিও তেওঁ আজৰি সময়ত সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। 'আসাম বান্ধৱ’
আলোচনী আৰু কামৰূপ অনুসন্ধান সমিতিৰ ইংৰাজী মুখপত্ৰত কেইবাটাও প্রবন্ধ লিখিছিল। পদার্থবিজ্ঞানৰ ছাত্ৰ আছিল যদিও ভাষাবিদ আৰু ব্যাকৰণ প্ৰণেতা হিচাপেহে তেওঁ খ্যাতি লাভ কৰিছিল। মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি হৈছে তেওঁৰ দ্বাৰা প্ৰণীত বৃহৎ আকাৰৰ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব'। তেওঁৰ দ্বাৰা সম্পাদিত গ্রন্থসমূহ হৈছে ‘অংকাৱলী’, ‘প্রহ্লাদ চৰিত’, ‘মহাপুৰুষ শংকৰদেৱৰ বাণী । 'মহাপুৰুষ শংকৰদেৱৰ বাণী' গ্রন্থই মেধিদেৱক বৈষ্ণৱ সাহিত্যৰ এজন গৱেষক পণ্ডিতৰূপে পৰিচয় কৰালে। ইংৰাজীতো তেখেতে বহু প্রবন্ধ লিখিছিল। তেওঁ ১৯১৯ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল।