প্ৰফুল্লদত্ত গোস্বামীৰ বিষয়ে

 প্ৰফুল্লদত্ত গোস্বামীৰ বিষয়ে


লেখক পৰিচিতিঃ


দক্ষিণ কামৰূপৰ নাহিৰা সত্ৰত প্ৰফুল্লদত্ত গোস্বামীৰ (১৯১৪ ১৯৯৪) জন্ম হয়। ১৯৪০ চনত কটন কলেজৰ পৰা তেওঁ ইংৰাজীত সন্মানসহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত এম. এ. উপাধি লাভ কৰে। যোৰহাটৰ জে. বি. কলেজ আৰু কটন কলেজত অধ্যাপনা কৰাৰ পিছত তেওঁ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত প্রবক্তা হিচাপে নিযুক্তি লাভ কৰে।(লোক-সংস্কৃতি বিষয়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৫ চনত তেওঁ ডক্টৰেট উপাধি লাভ কৰে। ১৯৮১ চনত লোক সংস্কৃতি গৱেষণা বিভাগৰ অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। কেঁচা পাতৰ কঁপনি গোস্বামীৰ এখন বিখ্যাত উপন্যাস। তেওঁৰ আন উল্লেখযোগ্য গ্রন্থসমূহ হ'ল – ‘শেষ ক'ত' (উপন্যাস), ‘মনৰ পক্ষী 

উভতি উৰে' (আত্মজীৱনী), ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন' ‘অসমীয়া জন সাহিত্য', 'ইউৰোপৰ মনীষা’, ‘মোৰ ৰাছিয়া ভ্রমণ', ‘মাণিক চন্দ্ৰ বৰুৱা', 'নিতে নৱৰূপ তাৰ' আৰু 'বুৰঞ্জী আৰু সংস্কৃতি'। গোস্বামীয়ে ইংৰাজী ভাষাতো কেবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰে।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form