হোমেন বৰগোহাঞি‌ৰ বিষয়ে

 হোমেন বৰগোহাঞি‌ৰ বিষয়ে 


লেখক পৰিচিতি :


হোমেন বৰগোহাঞি (১৯৩২) বৰ্তমান অসমৰ সাহিত্য আৰু সংবাদ জগতৰ এক বৰেণ্য প্ৰতিভা। অসমীয়া উপন্যাস, চুটিগল্প, কবিতা, ব্যক্তিনিষ্ঠ নিবন্ধৰ লগতে সংবাদ জগতত তেওঁৰ অৰিহণা লেখত ল'বলগীয়া। ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চাত জড়িত হোমেন বৰগোহাঞি বৰ্তমান 'নিয়মীয়া বাৰ্তা' কাকতৰ প্ৰমুখ সম্পাদক। 

   তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য পুথি কেইখনমান হ'ল— “সুবালা’, ‘পিতাপুত্ৰ’ ‘হালধীয়া চৰায়ে বাওধান খায়', 'তিমিৰ তীৰ্থ’, ‘অস্তৰাগ’ আদি উপন্যাস: উল্লেখযোগ্য চুটিগল্পৰ পুথি— “বিভিন্ন কোৰাচ’, ‘বিভিন্ন নৰক;


 আত্মজীৱনীমূলক ৰচনা— ‘আত্মানুসন্ধান’, ‘ধুমুহা আৰু ৰামধেনু’ আদি। ইয়াৰ উপৰিও তেওঁ কেবাখনো চিন্তামূলক প্রবন্ধ সংকলনৰ ৰচক। তেওঁ ‘সাপ্তাহিক নীলাচল', 'নাগৰিক' আৰু ‘অসমবাণী’ বাতৰি কাকত সম্পাদনা কৰিছিল। ১৯৭৮ চনত পিতাপুত্ৰ' উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটা লাভ কৰে। বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ সভাপতিৰূপে ২০০১-০২ বৰ্ষত কাৰ্যনিৰ্বাহ কৰিছিল।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form