ড° হীৰেন গোহাঁইৰ বিষয়ে চমুকৈ বৰ্ণনা

     ড° হীৰেন গোহাঁইৰ বিষয়ে চমুকৈ বৰ্ণনা


লেখক পৰিচিতি ঃ


স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্রণী ভূমিকা পালন কৰা চিন্তাবিদ,

শিক্ষাবিদ, সাহিত্যিক, সম্পাদক ড° হীৰেন গোহাঁই (জন্ম ১৯৩৯) গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা প্রাক্তন কলাগুৰু । তেওঁৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল । এতিয়ালৈকে প্রায় তিনি কুৰিখন গ্ৰন্থৰ উপৰিও বিভিন্ন কাকত-আলোচনী আৰু সংকলনত তেওঁৰ বহুতো প্ৰবন্ধ সিঁচৰতি হৈ আছে। 

তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল— সাহিত্য আৰু সমাজ সমালোচলনামূলক গ্রন্থ 'সাহিত্যৰ সত্য', ‘সমাজ আৰু সমালোচনা', ‘সাহিত্য আৰু চেতনা', ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্রোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্ত্তন পুথিৰ ৰস বিচাৰ’ আৰু ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা';

 আত্মকথামূলক গ্রন্থ— 'লস্ত লাগিজ', 'বতাহত ক'ৰ গধুলি গোপাল, ‘হেঙুল আকাশ, ক'লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিক্‌চৌ বনত’, 'ইমান তিতা সাগৰৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত'। ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা' নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাদেমি বঁটা লাভ কৰে (১৯৮৯)। ছাত্ৰ হিচাপে হীৰেন গোহাঁই আছিল অতি মেধাবী। তেওঁ গুৱাহাটীৰ কটন কলেজৰ পৰা সুখ্যাতিৰে আই. এ. পাছ কৰাৰ পাছত কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সুনাম সহকাৰে বি. এ. পাছ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্রী লাভ কৰাৰ পাছত তেওঁ কিছুদিন নতুন দিল্লীৰ কিৰোৰি মল কলেজত শিক্ষকতা কৰে আৰু পাছত গৱেষণাৰ উদ্দেশ্যে বিলাতলৈ যায়। ইংলণ্ডৰ প্রখ্যাত কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সন্মানীয় পি এইচ. ডি. ডিগ্রী লাভ কৰে।

 তেওঁৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল ‘Tradition and Para dise Lost' //

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form