সুবোধ মল্লবৰুৱাৰ বিষয়ে
লেখক পৰিচিতি ঃ
সুবোধ মল্লবৰুৱাৰ ১৯৬৩ চনত জন্ম হয়। গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰি বৰুৱাই ভাৰতৰ ক্রীড়া সাংবাদিকতাৰ জগতখনত প্ৰৱেশ কৰে। ১৯৮৭ চনৰ পৰা তেওঁ দৈনিক কাকত ‘আজিৰ অসম' আৰু ‘নতুন দৈনিক'ত উপ সম্পাদক হিচাপে কাম কৰিছিল। বৰুৱাই ১৯৯১ চনত অসমৰ পুৰণি আৰু সম্ভ্রান্ত কাকত ‘দৈনিক অসমত যোগ দিয়ে। বর্তমান এই কাকতত ‘চিফ অৱ নিউজ ব্যুৰ’ (Chief of News Bureau) হিচাপে কৰ্মৰত।
বৰুৱাৰ ক্ৰীড়া সম্পর্কীয় বিভিন্ন গ্রন্থ প্রকাশ হৈছে। এই গ্ৰন্থৰাজিৰ ভিতৰত উল্লেখযোগ্য হ'ল— 'এথেন্সৰ পৰা শ্বিলঙলৈ', 'One More Six’, ‘বিখ্যাত ফুটবলাৰৰ ল'ৰালিকাল', 'জীৱন যৌৱন ক্রীড়াংগন' আৰু "অসম ফুটবলৰ বৰ্ণিল যাত্রা'।