লেখক প্ৰণয় বৰদলৈৰ বিষয়ে
লেখক পৰিচিতিঃ
প্ৰণয় বৰদলৈ অসমৰ দুঃসাহসিক ক্ৰীড়া জগতৰ এটি অগ্রণী নাম। পেছাত সাংবাদিক প্রণয় বৰদলৈৰ নিচা হ'ল দুঃসাহসিক অভিযান। হিমালয়ৰ সুউচ্চ যোগীন-১, যোগীন-৩, কাং, চ’চ' কাং-নেলডা আদি বিভিন্ন শিখৰত বিজয়ধ্বজা উৰুৱাই বৰদলৈয়ে ইতিমধ্যে বিভিন্ন দুঃসাহসিক ক্রীড়া অভিযান সফলতাৰে সম্পন্ন কৰিছে। হিমালয়ৰ প্ৰায় সকলো অংশলৈ ট্রেকিং অভিযান চলোৱা বৰদলৈয়ে ভাৰতৰ বিভিন্ন খৰস্ৰোতা নৈত ৰাফটিং অভিযানতো অংশ লৈছে। গুৱাহাটী কন্যাকুমাৰী, গুৱাহাটী-লেহ-লাডাখ, গুৱাহাটী-কাঠমাণ্ডু-পোখৰা- গুৱাহাটী, গুৱাহাটী-থিম্ফু-চামদ্রুপ জংখাৰ আদি মটৰ চাইকেল অভিযানো সফলতাৰে সম্পূৰ্ণ কৰিছে
এই অভিযাত্রীজনে। চাইক্লিং, পেৰামটৰিং, পেৰা গ্লাইডিং, পেৰা জাম্পিং আদি দুঃসাহসিক ক্ৰীড়াত সিদ্ধহস্ত বৰদলৈয়ে ইতিমধ্যে 'হিমালয়ৰ শিখৰে মাতিছে’, ‘উত্তুংগ যোগীন' আদি গ্ৰন্থ ৰচনা কৰিছে। দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছ (Explorers)ৰ বৰ্তমান কাৰ্যবাহী সভাপতিৰ দায়িত্বত আছে বৰদলৈ। তেওঁ ‘জ্ঞানদ্বীপ' আলোচনীৰ উপ-সম্পাদকৰ পদত থকাৰ উপৰি ‘আজিৰ অসম', 'আজিৰ বাতৰি’, ‘আমাৰ অসম', 'জনসাধাৰণ আদি কাকত আৰু অসমীয়া নিউজ চেনেলৰ উপ-সম্পাদক তথা কার্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।