গল্পকাৰ চৈয়দ আব্দুল মালিকৰ বিষয়ে
গল্পকাৰ পৰিচিতিঃ
চৈয়দ আব্দুল মালিক (১৯১৯-২০০০)ৰ জন্ম হয় গোলাঘাট জিলাৰ নাহৰণি গাঁৱত। বহুমুখী প্রতিভাৰ অধিকাৰী মালিক একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, কবি, ব্যংগলেখক, গৱেষক, গীতিকাৰ, শিশু-সাহিত্যিক আৰু ৰাজনীতিক। তেওঁ দুইকুৰিখনতকৈও অধিক উপন্যাস ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত ‘ৰথৰ চকৰি ঘূৰে’, ‘সুৰুযমুখীৰ স্বপ্ন’, ‘পহুমৰা হাবিৰ বাট’, ‘জেতুকা পাতৰ দৰে”, ‘ৰূপতীৰ্থৰ যাত্ৰী’, ‘ধন্য নৰ তনু ভাল’, ‘অঘৰী আত্মাৰ কাহিনী', ‘ৰূপাবৰিৰ পলস' আদি প্ৰধান।
‘অঘৰী আত্মাৰ কাহিনী' উপন্যাসখনৰ
বাবে তেওঁ ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰে। ‘পৰশমণি' তেওঁৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলন। তাৰ পাছত ‘এজনী নতুন ছোৱালী', 'ৰঙাগড়া', 'প্রাণাধিকা’, ‘মৰম মৰম লাগে' আদি চুটিগল্প সংকলন প্রকাশ পায়। ‘মাজত মাথোঁ হিমালয়' তেওঁৰ দ্বাৰা ৰচিত ভ্রমণ কাহিনী। এই গ্ৰন্থখনৰ বাবে ১৯৬৫ চনত ‘চোভিয়েট দেশ নেহৰু বঁটা' লাভ কৰে। এইবোৰৰ উপৰি ‘অসমীয়া জিকিৰ আৰু জাৰি’, ‘আজান ফকীৰ আৰু সুৰীয়া জিকিৰ’, ‘চুফী আৰু চুফীবাদ' আদি তেওঁৰ গৱেষণামূলক গ্রন্থ।
চৈয়দ আব্দুল মালিকৰ উপন্যাস, গল্প আদিৰ মাজেৰে অসমীয়া সমাজ-সংস্কৃতিৰ প্ৰতিফলন ঘটাৰ উপৰি মানৱতাবে৷ধ উজ্জ্বল ৰূপত পৰিস্ফুট হৈছে। আনহাতে, গৱেষণামূলক ৰচনাৰাজিৰ মাজত চিন্তাশীলতা, অনুসন্ধিৎসু আদিৰ প্ৰকাশ দেখা যায় !