যতীন্দ্র নাথ দুৱৰা । Jatindra Nath Duwara । লেখক যতীন্দ্র নাথ দুৱৰাৰ বিষয়ে

                     যতীন্দ্র নাথ দুৱৰা

 লেখক পৰিচিতি : 

 ১৮৯২ চনত শিৱসাগৰৰ আমােলাপটিত যতীন্দ্র নাথ দুৱৰাৰ জন্ম হয়। ১৯০৯ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ শিক্ষার্থে তেওঁ কটন কলেজত ভর্তি হৈছিল যদিও পিছত কলকাতালৈ গৈ স্কটিছ চার্চ কলেজৰ পৰা বি.এ. পাছ কৰে। তাৰ পিছত আইন আৰু এম.এ. শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আহে।

ডিব্ৰুগড়ৰ জর্জ ইনষ্টিটিউছনত দুৱৰাই পােনপ্ৰথম শিক্ষকতা কৰিবলৈ লয়। তাৰ পিছত স্কটিছ চার্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে। কিছুদিন কলকাতা বিশ্ববিদ্যালয়ৰ এম.এ. শ্রেণীতে অংশকালীন অধ্যাপক হিচাপে কাম কৰিছিল। 

     ১৯৪৫ চনত ডিব্ৰুগড়ত হনুমানবক্স সূৰ্যমল কানৈ কলেজ স্থাপিত হােৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয়। এই পদৰ পৰাই তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। 


  ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতাৰ পুথিকেইখন হ’ল— ওমৰ তীর্থ’, ‘আপােন সুৰ’, ‘বনফুল’, ‘মিলনৰ সুৰ আৰু মৰমৰ সুৰ। 


কথাকবিতা একমাত্র কথা কবিতাৰ পুথি।


 ফার্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়তৰ প্রথম অসমীয়ালৈ ভাৱানুবাদ কৰি দুৱৰাই ‘ওমৰ তীর্থ’ পুথিখনি ৰচনা কৰে।।


| কনফুল’ কবিতাপুথিৰ বাবে দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেৱেঁই প্রথম অসমীয়া। ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুর্বিংশ অধিৱেশনত দুৱৰাই সভাপতিত্ব কৰিছিল।


১৯৬৪ চনত শিৱসাগৰত দুৱৰাৰ মৃত্যু হয়

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form