লক্ষ্মীনাথ বেজবৰুৱা
লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়। কবিতা, নাটক, উপন্যাস, চুটিগল্প আৰু প্রবন্ধ – সকলাে ক্ষেত্ৰতে তেওঁ উল্লেখযােগ্য অৱদান আগবঢ়াই অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে। সাহিত্যৰথী’ খিতাপেৰে অভিহিত বেজবৰুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদ স্বৰূপ। সেইবাবে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে বেজবৰুৱা আৰু তেওঁৰ ৰচনাৰ বিষয়ে জ্ঞান লাভ কৰাটো নৈতিক কর্তব্যৰ ভিতৰত পৰে। বেজবৰুৱাই আত্মজীৱন কথা ‘মােৰ জীৱন সোঁৱৰণত প্ৰকাশ কৰাৰ উপৰিও আলােচনীৰ পাতত কেইবাটাও আত্ম-জীৱনীমূলক প্রবন্ধ আৰু ভ্রমণ কাহিনী লিখিছিল। তেওঁৰ আন গদ্যৰচনাৰ দৰে, সাহিত্যিক সৌন্দর্যৰ বিচাৰত নিমজ কথাশৈলীত ৰচিত এই প্রবন্ধকেইটিও উৎকৃষ্ট সৃষ্টি হিচাপে চিহ্নিত। ছাত্ৰ-ছাত্ৰীসকলক বেজবৰুৱাৰ | তেনে ৰচনাৰ সােৱাদ দিয়াৰ উদ্দেশ্যে এই পাঠটি নির্বাচন কৰা হৈছে।
লেখক পৰিচিতিঃ
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ (১৮৬৪ - ১৯৩৮) জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এস্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যায়। কলকাতাৰ জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যনৰ পৰা তেওঁ বি. এ. পাছ
কৰে আৰু ইংৰাজীত এম. এ আৰু আইন পঢ়া আৰম্ভ কৰে যদিও সিবোৰত ডিগ্ৰী নোহোৱাকৈ এৰে
তেওঁ কলকাতাত থকা কালতে ‘অসমীয়া ভাষা। উন্নতি সাধিনী সভা' (অ. ভা, উ. সা. সভা)ৰ প্রতিষ্ঠা আৰু ‘জোনাকী আলোচনী প্ৰকাশত আগভাগ লয়।
বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সূন্দৰী দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়।
লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত ‘জোনাকী'ৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰন্যাসৰ ধল প্রবাহিত হয়। তেওঁ অসমীয়া চুটিগল্পৰ জনক। জোনাকী পাতত, তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয়। বেজবৰুৱাৰ প্রতিভা বহুমুখী। কবিতা, নাটক চুটিগল্প, ৰম্যৰচনা, প্রবন্ধ, সমালােচনা, জীৱনী আদি অসমীয়া সাহিত্যৰ সকলাে দিশতে তেওঁৰ বৰঙণি অতুলনীয়।
তেওঁৰ উল্লেখযােগ্য গ্রন্থসমূহ হ'ল ঃ ধেমেলীয়া নাটক - লিতিকাই, পাচনি, নােমল, চিৰপতি-নিকৰপতি;
বুৰঞ্জীমূলক নাটক – জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ;
উপন্যাস - পদুম কুঁৱৰী';
কবিতা – কদমকলি; চুটিগল্প - জোনবিৰি, সাধুকথাৰ কুকি, সুৰভি, কেহােকলি;
সাধুকথা – বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি-ল’ৰা, জুনুকা;
হাস্য-ব্যংগ ৰচনা – কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপােলা, কৃপাবৰ বৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ। বুৰবুৰণি;
জীৱনী – ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্ৰীশ্ৰীশংকৰদেৱ, মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ;
আত্মজীৱনী – মােৰ জীৱন সোঁৱৰণ;
তত্ত্বমূলক গ্রন্থ – তত্ত্বকথা, শ্রীকৃষ্ণকথা।
বেজবৰুৱাই ‘বাহী’ আলােচনী সম্পাদনা কৰিছিল। ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হােৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল।