অসমৰ ৰাজ্যিক প্রতীকসমূহ


অসমৰ ৰাজ্যিক প্রতীকসমূহ 


অসমৰ ৰাজ্যিক প্রতীকসমূহ অসমৰ ৰাজ্যিক প্রতীকসমূহ হ'ল ।


ৰাজ্যিক পশু ঃ এশিঙীয়া গঁড়। ভাৰতৰ এশিঙীয়া গড় বর্তমান পথিৱীত থকা জন্তুৰ ভিতৰত আকাৰত পঞ্চম স্থানত। আসমা আৰু পশ্চিমবংগত এনে গড় পােৱা যায়। টেৰাই অঞ্চলত আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকাত এনে গড়ে বাস কৰোগড়ৰ গড় বয়স ৩০-৪৫ বছৰ। গড়ে সাধাৰণতে অকলশৰীয়াকৈ বাস কৰে। অৱশ্যে। সন্তান জন্ম দিয়াৰ সময়ত মতা আৰু মাইকী গড় একেলগে থাকে। সন্তান জন্ম হােৱাৰ পাছত মাক | আৰু পােৱালি গড়ে কিছুদিন একেলগে বাস কৰে। গড়ে সাধাৰণতে ঘাঁহ খালেও মাজে মাজে গছৰ পাত, ফল আৰু জলজ উদ্ভিদো খায়। ভাৰতীয় গড় এসময়ত সমগ্ৰ উত্তৰ ভাৰততে বাস কৰিছিল। পাছে ঊনবিংশ শতিকাৰ আগভাগত বনভূমি মুকলি কৰি কৃষিভূমি কৰা, গঁড়ৰ আবাসভূমিৰ অৱক্ষয়, চোৰাং চিকাৰ আদিৰ বাবে প্ৰায়ভাগ অঞ্চলতে গড় বিলুপ্ত হৈ পৰিল। এতিয়া গঁড় নেপালৰ এক ক্ষুদ্র অংশ, আৰু ভাৰতৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ আৰু অসমতহে পােৱা যায়। ২০০৩ চনৰ ৪ এপ্রিলত অসম চৰকাৰে গঁড়ক অসমৰ ৰাজ্যিক পশু হিচাপে ঘােষণা কৰে। বিপন্ন জন্তু গড়ক সুৰক্ষা দিবলৈ এতিয়া বিভিন্ন ব্যৱস্থা লােৱা হৈছে। গঁড়ৰ বাসভূমিৰ উন্নয়ন, সুৰক্ষামূলক ব্যৱস্থা বৃদ্ধি, চোৰাং চিকাৰ বন্ধ কৰা, মানুহ আৰু বনৰীয়া জন্তুৰ মাজৰ সংঘাত হ্রাস, গঁড় সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় মানুহক ব্যৱহাৰ কৰা আদি ব্যৱস্থাৰ জৰিয়তে গড়ক বিলুপ্ত হােৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়।


ৰাজ্যিক পক্ষী ঃ দেওহাঁহ । দেওহাঁহ অসমৰ ৰাজ্যিক পক্ষী। বগা ডেউকাযুক্ত দেওহাঁহ, হাঁহৰ আটাইতকৈ ডাঙৰ প্ৰজাতিবােৰৰ এটা । ইয়াৰ গাটো ক'লা, ঠোটটো বগা হলেও তাত ক’লা ফোট আছে। ইয়াৰ ডেউকাত বগা দাগ কিছুমান আছে, যাৰ বাবে তাক ইংৰাজীত ‘হােৱাইট উইংড্ উড্ ‌‌‌‌ডাক বুলি কোৱা হয়। ইয়াৰ মাতটো অদ্ভুত, বহুতে দেও-ভূতৰ মাত বুলি ভয়াে খায়, সেইবাবে ইয়াক দেওহাঁহ নামেৰে জনা যায়। দোকমােকালি আৰু সন্ধিয়া সময়ত এইবিধ হাঁহ বেছি সক্রিয় হৈ থাকে। ইহঁতে শস্যৰ গুটি, পাচলি, মাছ আৰু আন সৰু জীৱ, পানীত থকা পতংগ, কুমজেলেকুৱা, মকৰা আদি খায়। মাইকী দেওহাঁহে ১৬টা মানলৈকে কণী পাৰিব পাৰে। ঐতিহাসিকভাৱে দেওহাঁহক উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত পােৱা গৈছিল। পাছে আবাসভূমিৰ অৱলুপ্তি আৰু চিকাৰৰ বাবে সম্প্রতি এনে হাঁহৰ সংখ্যা দ্রুত হাৰত কমি আহিছে। দেওহাহবর্তমানে ইন্টাৰনেছনেল ইউনিয়ন ফৰ কনজাৰভেছন। অব নেচাৰ'ৰ (International Union for Conservation of Nature, সংক্ষেপে IUCN)। বিপন্ন প্রাণীৰ ৰঙা তালিকা’ত স্থান লাভ কৰিছে। ২০০২ চনত এনে হাঁহৰ সংখ্যা ৮০০ মান হ’ব বুলি ধাৰণা কৰা হৈছিল। তাৰে ৪৫০টা মান দেওহাঁহৰ বাসভূমি আছিল অসম। অসমত এতিয়া এনে দেওহাঁহ ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই বন্যপ্রাণী অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পােৱা যায়। অসম চৰকাৰে ২০০৩ চনৰ ৪ এপ্রিলত দেওহাঁহক ৰাজ্যিক পক্ষী। | হিচাপে ঘােষণা কৰে।


ৰাজ্যিক ফুল : কপৌ ফুল । অসমৰ ৰাজ্যিক ফুল হ’ল কপৌ ফুল। কপৌ ফুল ভিয়েটনাম, মালয়েছিয়া, ইণ্ডোনেছিয়া আৰু ভাৰতত পােৱা যায়। ই হ'ল ভাৰতীয় অর্কিডৰ এক সাধাৰণ প্রজাতি। কপৌ ফুলৰ গাছ আন বাহক গছত গজে। ইয়াৰ চুটি কাণ্ডৰ দুয়ােফালে ছয়ৰ পৰা আঠযােৰ ফুল থাকে। এই ফুল এপ্রিল মেত ফুলে আৰু পায় তিনি সপ্তাহ থাকে। এই গছৰ পাতবােৰ ঠেক, ডাঠ আৰু দীঘল ফুলনেৰ গড় দৈর্ঘ্য ২০ ইঞ্চিত আৰু দৰাচলতে বহুত সৰু সৰু ফুলে, এই ফুলপাহ গঠিত হয় এই সব

 ফুলবােৰ গুলপীয়া বা বগা। কপৌ ফুল অৰুণাচল আৰু অসম, — দুয়ােখন ৰাজৰে ফুল। অসমত এনে ফুল ফুলিলে ই জাতীয় উৎসৱ বিহুৰ আৰম্ভণিৰ সংকেত দিয়ে। বিহুত নাচনীবােৰে কপৌ ফুল চুলিত গুজি নল’লে সাজ-সজ্জা সম্পূর্ণ নহয়। অসমৰ বিহুগীত আৰু আন গীততাে কপৌ ফুলে বিশেষ স্থান লাভ কৰি আহিছে। কপৌ ফুলক অসমৰ সাংস্কৃতি প্রতীক হিচাপে গণ্য কৰা হয়। ২০০৩ চনৰ ৪ এপ্রিলত অসম চৰকাৰে এই ফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়ে।।


ৰাজ্যিক বৃক্ষ  হােলােং হােলােং গছ চিৰসেউজ উদ্ভিদ হিচাপে দক্ষিণ-পূর্ব এছিয়াৰ প্রায় সকলাে দেশতে পােৱা যায়। এই গছ অসমৰ আটাইতকৈ ওখ গছ আৰু অসমৰ প্ৰায়বােৰ অৰণ্যতে এইবিধ গছ আছে। সাগৰপৃষ্ঠৰ পৰা প্রায় ৬০০ মিটাৰ উচ্চতালৈকে এনে হােলােং গছ পােৱা গৈছে। ভাৰতত হােলােং গছৰ ফুল। জুন-জুলাইৰ পৰা নৱেম্বৰলৈকে ফুলে আৰু তাৰ ফলবােৰ জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত পকে।। এই গছৰ কাঠ চাপযুক্ত কাঠ, প্লাইউড, কাগজৰ পাল্প আৰু এঙাৰ তৈয়াৰ কৰাত ব্যৱহৃত হয়। হােলােং গছৰ পৰা পাব পৰা এবিধ তেলজাতীয় ৰেজিন জলপ্রতিৰােধী কাগজৰ তৰপ তৈয়াৰ কৰাত আৰু কাঠৰ আচবাব, দুৱাৰ আদি বার্নিছকৰাত ব্যৱহাৰ কৰা হয়। ঔষধ প্রস্তুতকৰণতাে এই ৰেজিন আৰু হােলােং গছৰ পাতৰ ব্যৱহাৰ আছে। কাঠৰ ছাটাৰিং আৰু প্লাইউড নির্মাণ ক্ষেত্ৰত তৈয়াৰ কৰাত হােলােং গছৰ বেছ, চাহিদা আছে। পাছে নির্বিচাৰ অৰণ্য হননৰ বাবে হােলােং গছ ক্ৰমাৎ কমি আহিছে। অসম চৰকাৰে ২০০৩ চনৰ ৪ এপ্রিলত ৰাজ্যিক বৃক্ষ হােলােং হিচাপে স্বীকৃতি প্রদান কৰে।।




অসমৰ ৰাজ্যিক পানীয় হ’ল : চাহ। 

অসম আৰু চাহগছৰ মাজত অবিচ্ছেদ্য সম্পর্ক আছে। অসমৰ বাহিৰে সম্ভৱ বিশ্বৰ কোনাে ঠাইতে ইমান বেছিচাহ উৎপন্ন হয়। চাহ উদ্যোগে অসমৰ অৰ্থনীতিৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। ভাৰতৰ সকলাে ৰাজ্যতকৈ অসমে বেছি চাহপাত উৎপন্ন কৰে। ২০১১ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্রদান কৰে।।


ৰাজ্যিক জলজ পশু ঃ শিহু। অসমৰ ৰাজ্যিক জলজ পশু হ’ল শিহু। শিহু হ’ল এক প্ৰকাৰ নদী-ডলফিন। এনে নদী-ডলফিন। নেপাল, ভাৰত আৰু বাংলাদেশৰ নদীসমূহত পােৱা যায়। ভাৰতৰ সাতখন ৰাজ্যত এনে নদীডলফিন আছে। সেই কেইখন হ'ল অসম, উত্তৰ প্রদেশ, মধ্য প্রদেশ, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড

আৰু পশ্চিমবংগ। শিহুৰ গাৰ বৰণ মুগা। তাৰ এক দীঘল ঘূৰণীয়া পেট, আৰু ডাঙৰ ফান আছে। • ইয়াৰ চকুত লেন্স নাথাকে বাবে ইয়াক অন্ধ ডলফিন বুলি কোৱা হয়। মাতটো সুহুৰি মৰাৰ দৰে

বাবে ইয়াক শিহু বুলি কোৱা হয়। স্তন্যপায়ী প্রাণী হােৱা বাবেই পানীৰ তলত উশাহ ল’ব নােৱাৰে


আৰু উশাহ ল'বৰ বাবেই ই ৩০ৰ পৰা ১২০ ছেকেণ্ডৰ ভিতৰত ওপৰলৈ উঠি আহিব লাগে। ই সাধাৰণতে সৰু দলত থাকে। শিহুৱে মাছ, মিছামাছ, কার্প, কেটফিছ আদিৰ ওপৰত নিৰ্ভৰ কৰে। এসময়ত শিহু ব্ৰহ্মপুত্র নদী প্রণালীৰ আৰু উপনদীবােৰত সঘনাই দেখা পােৱা গৈছিল। পাছেএতিয়া আবাসভূমি কমি অহা, চিকাৰ, প্ৰদূষণ, খাদ্যৰ অভাৱ আদি কাৰণৰ বাবে শিহুৰ সংখ্যাও কমি গৈছে। ২০০৫ চনত ‘আৰণ্যক’ নামৰ এক সংস্থাই চলােৱা এক সমীক্ষাত ধৰা পৰিছিল যে সমগ্র ব্রহ্মপুত্র উপত্যকাত ২৫০টা ডলফিন আছে। তাৰে ২৭টা কুলসীত, ২৬টা সােৱণশিৰিত আৰু ১৯৭টা ব্রহ্মপুত্র নদীত আছে। ইণ্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰুভেছন অক্ নেচাৰে শিহুক বিপন্ন প্রাণীৰ ৰঙা তালিকাত অন্তর্ভুক্ত কৰিছে। ২০০৮ চনৰ ৫ এপ্রিলত অসম চৰকাৰে শিহুক ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি প্রদান কৰে।।


ৰাজ্যিক গীত ও অ' মােৰ আপােনাৰ দেশ’ 

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘অ' মােৰ আপােনাৰ দেশ’ গীতটো মােৰ দেশ’ নামেৰে ১৯০৯ চনৰ বাঁহী’ আলােচনীত প্রথম প্রকাশ হয়। ১৯২৮ চনৰ ২৭-২৮ অক্টোবৰত মাহত তেজপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ পৌৰহিত্যত অনুষ্ঠিত অসম ছাত্র সন্মিলনৰ বার্ষিক অধিৱেশনত গীতটো অসমৰ জাতীয় সংগীতৰূপে গ্ৰহণ কৰা হয়। গীতটো বেজবৰুৱাৰ কদমকলি’ (১৯৩০) নামৰ গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে।


প্রথম অৱস্থাত ‘মােৰ দেশ’ নামৰ গীতটো ইংৰাজী সুৰত পৰিৱেশন কৰিব পৰাকৈ চাৰিটা স্তৱকত লিখা হৈছিল যদিও সুৰবিন্যাস কৰি সুৰত সজাবলৈ যাওঁতে ৰচক বেজবৰুৱাৰ অনুমতি সাপেক্ষে শেষৰ পাঁচটা শাৰী, অর্থাৎ,

অ' মােৰ আপােনাৰ দেশ, অ' মােৰ সুকীয়াদেশ, 

ৰা তা তা, ৰা তা তা,

তা তা তা, ৰা তা তা, ৰা তা তা, মৰমৰ দেশ।— অংশছােৱা জাতীয় সংগীতটোৰ পৰা বাদ দিয়া হয়। গীতটোৰ স্বকীয়। বৈশিষ্ট্য, গভীৰ জাতীয় প্রেম তথা স্বদেশ প্রেম আৰু জাতীয় পর্যায়ত সর্বজনৰ মনােগ্রাহী হ’ব পৰা গুণসম্পন্ন হােৱা বাবে বিভিন্ন সময়ত ভালেকেইজন সংগীতজ্ঞ-সুৰকাৰৰ দৃষ্টি আকর্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰােপিত কৰি ইয়াক জাতীয় সংগীতৰ স্বীকৃতি পাব পৰা গীতৰূপে উপস্থাপন কৰে। গীতটোৰ ভাবার্থই অসমমাতৃক প্রতিনিধিত্ব কৰিব পৰা গুণৰ অধিকাৰীৰূপে বিবেচিত হৈ গীতটোৱে অসমৰ জাতীয় সংগীতৰূপে স্বীকৃতি লাভ কৰে। তেতিয়াৰে পৰা ই পূৰ্বৰ পৰিচয় মােৰ দেশ’ৰ ঠাইত ‘অ’ মােৰ আপােনাৰ দেশ’ৰূপে পৰিচিত হৈ প্ৰসাৰ লাভ কৰে।


উল্লেখযােগ্য, অ মােৰ আপােনাৰ দেশ’টো ইতিমধ্যে ইংৰাজী, বাংলা, বড়াে, হিন্দী আদি ডেৰকুৰিতকৈও অধিক ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হৈছে।


২০১৩ চনৰ ১৮ নৱেম্বৰত অসম চৰকাৰে গীতটোক ৰাজ্যিক গীতৰূপে ঘােষণা কৰে।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form