অসমত ইংৰাজৰ ৰাজত্ব || Assam gk

  অসমত ইংৰাজৰ ৰাজত্ব 


অসমৰ অৰ্থনৈতিক  সামাজিক আৰু ৰাজনৈতিক অৱস্থা অতি শােচনীয় হৈ পৰা অৱস্থাত ইংৰাজ‌ সকল অসমলৈ অহাত অসমীয়া মানুহে পােনতে তেওঁলােকক অসমৰ ত্রাণকৰ্তা বুলি ভাবিছিল আৰু আদৰি লৈছিল। কিন্তু লাহে লাহে ইংৰাজ নিজেই অসমৰ অধিকাৰী হৈ পৰিল ফলত অসমৰ জনসাধাৰণৰ মাজত ইংৰাজবিৰােধী মনােভাবে গা কৰি উঠিল। এনে পৰিস্থিতিতে ১৮২৮ চনত আহােম আমােলা ধনঞ্জয় বৰগােহাঁই আৰু ৰাজবংশধৰ গমধৰ কোৱৰৰ নেতৃত্বত ইংৰাজৰ বিৰুদ্ধে প্রথম বিদ্রোহ হয়। কিন্তু এই বিদ্রোহ সফল নহ'ল।


ইয়াৰ পাছত ১৮৩০ চনতাে ইংৰাজৰ বিৰুদ্ধে এক বিদ্ৰোহৰ সূচনা হৈছিল যদিও সেই বিদ্রোহো সফল নহ'ল। ১৮৩৮ চনত ইংৰাজে সমগ্ৰ অসমখনকেই তেওঁলােকৰ স্থায়ী দখললৈ আনিলে। 

১৮৫৭ চনত সমগ্ৰ ভাৰতব্যাপি জ্বলি উঠা প্রথম স্বাধীনতা যুঁজৰ দাবানলে অসমকো স্পর্শ কৰেহি। সেই বিপ্লৱেৰে স্বাধীনতা আনিবলৈ চেষ্টা কৰা মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাই ১৮৫৮ চনৰ ২৬ ফ্রেব্রুৱাৰীত যােৰহাটত ফঁাচীকাঠত মৃত্যুবৰণ কৰে।


এনেদৰেই ক্রমে অসমত স্বাধীনতা সংগ্রামে তীব্রতৰ ৰূপত আত্মপ্রকাশ কৰিবলৈ ধৰে। ১৯১৯-২৯ চনত গান্ধীজীৰ নেতৃত্বত চলা অসহযােগ আন্দোলনতাে অসমে যােগদান কৰে।

১৯৪২ চনত সমগ্ৰ ভাৰতব্যাপি আৰম্ভ হ’ল ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন।'৪২ৰ গণ বিপ্লৱ নামেৰে খ্যাত এই আন্দোলনে অসমতাে তীব্র ৰূপ ধাৰণ কৰিলে আৰু গােপীনাথ বৰদলৈ, সিদ্ধিনাথ শৰ্মা, মহম্মদ তৈয়বুল্লা, ফখৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধি, দেৱেশ্বৰ শর্মা প্রভৃতি নেতাসকলক গ্রেপ্তাৰ কৰা হ’ল। এই আন্দোলনতে গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে যাওঁতে কনকলতা, মুকুন্দ কাকতিৰ পুলিচৰ গুলীত মৃত্যু হয়।


ঠায়ে ঠায়ে এই আন্দোলনে হিংসাত্মক ৰূপাে লয়। ৰেল লাইন সংযােগবিহীন কৰা, ডাকঘৰ, পুলিচ থানা ধ্বংস কৰাৰ দৰে কার্য সংঘটিত হয়। সৰুপথাৰৰ ৰেল দুর্ঘটনাৰ বাবে অভিযুক্ত কৰি কুশল কোঁৱৰক ফঁাচী দিয়া হয়। এই সংগ্রামতে ভােগেশ্বৰী ফুকননী, লক্ষীৰাম হাজৰিকা, ঠগীৰাম সুত, ৰাউতা কছাৰী, মদন বর্মন আদিয়ে পুলিচৰ গুলীত প্রাণাহুতি দিয়ে। তদুপৰি । প্রায় ৩০,৫০০ লােকে কাৰাবৰণ কৰে।।

Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form