Assam GK for comparative exams || Assam GK in Assamese

 Assam GK for  comparative exams || Assam GK in Assamese


প্রঃ ‘খেল-ধেমালী’ বুলিলে কি বুজা ?

উঃ শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি-নিয়ম মানি চলি সাধাৰণ সঁজুলিৰ সহায়ত অংগ সঞ্চালন কৰা কাৰ্যক ‘খেল-ধেমালী’ বোলে ।


প্রঃ ‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল ?

উঃ ১৯৫৫ চনত।


প্রঃ বৰদলৈ ট্ৰফী প্রতিযোগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ?

উঃ ১৬ টা।


প্রঃ অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত হয় ?

উঃ জীয়া ভৰলীত।


প্রঃ প্রথম অসমীয়া ফিফা ৰেফাৰী কোন ?

উঃ বাবুল বাৰ্মিজ।


প্রঃ গুৱাহাটীত প্রথম এদিনীয়া আন্তঃৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজতঅনুষ্ঠিত হৈছিল ?

উঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।


প্রঃ ‘লোকপ্রিয় বৰদলৈ ট্ৰফী ফুটবল’ প্রতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল ?

উঃ ১৯৫২ চনত।


প্রঃ কোন তাৰিখত ‘অসমত ক্ৰীড়া দিৱস’ উৎযাপন কৰা হয় ?

উঃ ১৭ অক্টোবৰ ।


প্রঃ ‘ডুগৰ শিল্ড ফুটবল’ প্রতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল ?

উঃ ১৯৬২ চনত।


প্রঃ অসমৰ স্বাধীনতা কাপ ফুটবল প্রতিযোগিতা কিমান চনত আৰম্ভ হৈছিল ?

উঃ ১৯৪৭ চনত।


প্রঃ ‘বৰদলৈ ট্ৰফী’ প্রতিযোগিতা’ৰ প্রথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল ?

উঃ ১৯৯৩ চনত।


প্রঃ কোন চনত গুৱাহাটীত সৰ্বপ্রথম এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্রতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল ?

উঃ ১৯৮৩ চনত।


প্রঃ ৰঞ্জী ট্ৰফী ক্ৰিকেট প্রতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্রথম অসমীয়া খেলুৱৈ গৰাকী কোন ?

উঃ অনুপ ঘটক।


প্রঃ উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী’ কাৰ দ্বাৰা গঠন কৰা হৈছিল ?

উঃ উইলিয়াম মেগৰ দ্বাৰা।


প্রঃ ‘ভাৰতীয় ফুটবল সংস্থা’ৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন ?

উঃ নুৰুল আমিন।


প্রঃ অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ?

উঃ আৰ. জি. বৰুৱা।


প্রঃ এদিনীয়া আন্তর্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন ?

উঃ সুৰেণৰাম ফুকন।


প্রঃ বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্রেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈ গৰাকী কোন ?

উঃ তোষেশ্বৰ দত্ত ।


প্রঃ অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন ?

উঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।


প্রঃ ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন ?

উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।


প্রঃ ‘আকাঙ্খাৰ আটলান্টিক’ নামৰ ক্ৰীড়া ভিত্তিক উপন্যাসখনৰ লিখক কোন ?

উঃ শ্যামা প্ৰসাদ শৰ্মা।


প্রঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্ৰতিযোগিতাত জয় লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন ?

উঃ চুচেন দাস।


প্রঃ ১৯৮৫ চনত বেংককত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন ?

উঃ ফ্রান্সিচ বৰুৱা।



Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form