Assam general knowledge question answer in assamese
অসম বুৰঞ্জী
প্রঃ ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ?
উঃ নজনা কথাৰ ভঁৰাল।
প্রঃ কুৰুক্ষেত্র যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ?
উঃ ভগদত্ত ।
প্রঃ কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা কোন ?
উঃ পুষ্য বৰ্মণ।
প্রঃ বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ?
উঃ ভাস্কৰ বৰ্মণ।
প্রঃ যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?
উঃ ৪ ভাগত।
প্রঃ কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?
উঃ ৫৯৪ খ্ৰীষ্টাব্দত।
প্রঃ ‘নাগশংকৰ দেৱালয়’ কোনে সজাইছিল•
উঃ কামৰূপৰ ৰজা নৰশঙ্কৰে।
প্রঃ ‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?
উঃ শালস্তম্ভ।
প্রঃ শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্রীষ্টাব্দত ?
উঃ ৬৫০ খ্ৰীষ্টাব্দত।
প্রঃ ‘শালস্তম্ভ বংশ’ৰ অন্তিম ৰজাজনৰ নাম কি আছিল ?
উঃ ত্যাগ সিংহ।
প্রঃ শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল ?
উঃ নেপালৰ।
প্রঃ পালবংশৰ অন্ত পৰে কিমান চনত ?
উঃ ১১১২ চনত।
প্রঃ পাল বংশৰ প্রথম ৰজাজনৰ নাম কি আছিল ?
উঃ ব্রহ্মপাল।
প্রঃ পাল বংশৰ আৰম্ভণি হয় কিমান চনত ?
উঃ ৯৯০ চনত।
প্রঃ মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?
উঃ ১২৫৭ চনত।
প্রঃ অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন ?
উঃ চুকাফা
প্রঃ চুকাফা ব্রহ্মদেশৰ কোনখন প্রদেশৰ পৰা অসমলৈ আহিছিল ?
উঃ মাওলুং
প্রঃ ‘মুনডুং চুনখাম’ মানে কি ?
উঃ সোণৰ বাগিছাৰে ভৰা দেশ।
প্রঃ জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল ?
উঃ নৰিয়া ৰজা
প্রঃ আহোম ৰাজ্যত পোন প্রথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?
উঃ ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।
প্রঃ কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয় ?
উঃ চুডাংফা
প্রঃ অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে ?
উঃ চুডাংফা।
প্রঃ কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল ?
উঃ চুকামফা।
প্রঃ ‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয় ?
উঃ চুহুংমুং।
প্রঃ কোনজন আহোম ৰজাই অসমত প্রথম লোকপিয়ল কৰে ?
উঃ চুহুংমুং।
প্রঃ কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা’ বুলি কোৱা হয় ?
উঃ চুক্লেংমুং।
প্রঃ অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?
উঃ কাঁহৰ বাচন।
প্রঃ কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈবষৱ’ ধৰ্ম প্রচাৰ আৰম্ভ কৰে ?
উঃ চুহুংমুং।
প্রঃ কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয় ?
উঃ চুকামফা।
প্রঃ কোনজন আহোম ৰজাই ‘প্রতাপ সিংহ’ উপাধি গ্রহণ কৰে ?
উঃ চুচেনফা।
প্রঃ উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে ?
উঃ কালাপাহাৰে।
প্রঃ কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে ?
উঃ চুতিনফা।
প্রঃ পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্রৱেশ কৰে ?
উঃ আহোম জনজাতিৰ লোকে।
প্রঃ কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয় ?
উঃ ৰামধ্বজ সিংহ।
প্রঃ লালুকসোলা বৰফুকনক কোনে হত্যা কৰে ?
উঃ ভোটাই ডেকাই।
প্রঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল ?
উঃ চুখ্ৰামফা।
প্রঃ অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায় ?
উঃ চুৰামফা
প্রঃ আহোম ৰজা’ ‘চুৰামলা’ৰ হিন্দু নাম কি ?
উঃ জয়ধবজ সিংহ
প্রঃ কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ সৃষ্টি কৰে ?
উঃ চুচেনফা
প্রঃ প্রথম আহোম ‘বৰবৰুৱা’ কোন আছিল ?
উঃ মোমাই তামুলী বৰবৰুৱা
প্রঃ অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে ?
উঃ চুচেনফা।
প্রঃ অসমৰ কোনজন ৰজাক ‘কুঁজা ৰজা’ বুলি কোৱা কোৱা হয় ?
উঃ চুটিনফা।
প্রঃ কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল ?
উঃ শিৱ সিংহ ।
প্রঃ বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল ?
উঃ শিৱ সিংহ।
প্রঃ প্র থম আহোম ‘বৰৰজা’ কোন আছিল ?
উঃ ফুল্লেশ্বৰী।
প্রঃ অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয়•
উঃ সর্বেশ্বৰীক ।
প্রঃ ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে ?
উঃ সুকুমাৰ বৰকাইথ।
প্রঃ কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয় ?
উঃ ৰাজেশ্বৰ সিংহ।
প্রঃ মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল ?
উঃ ৰাজেশ্বৰ সিংহ।
প্রঃ ‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে ?
উঃ পুৰোষোত্তম বিদ্যানিধি।
প্রঃ কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয় ?
উঃ ১১৮৯ চনত।
প্রঃ কিমান চনত কনকলতা শ্বহীদ হয় ?
উঃ ১৯৪২ চনত।
প্রঃ কিমান চনত অসমত স্বায়ত্ব শাসন প্রৱৰ্তন কৰা হয় ?
উঃ ১৯৩৫ চনত।
প্রঃ কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিৱেশন বহে ?
উঃ ১৯২৬ চনত।
প্রঃ বিখ্যাত ‘কাৰেং ঘৰ’ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?
উঃ ৰাজেশ্বৰ সিংহই।
প্রঃ ১৭৬৯ চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল ?
উঃ ৰমাকান্তক।
প্রঃ কোনজন আহোম ৰজাই প্রথম ইংৰাজৰ সহায় বিচাৰিছিল ?
উঃ চুখ্ৰামফাই।
প্রঃ কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল ?
উঃ কমলেশ্বৰ সিংহ।
প্রঃ কিমান চনত মানসকলে প্রথম আহোম ৰাজ্য আক্ৰমণ কৰে ?
উঃ ১৮১৭ চনত।
প্রঃ কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?
উঃ ১৮১৮ চনত।
প্রঃ কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?
উঃ ১৮২০ চনত।
