কোচ-ৰাজবংশীসকল | কোচ-ৰাজবংশীসকল বিষয়ে | কোচ-ৰাজবংশীসকল ভাষা আৰু সংস্কৃতি

 




কোচ-ৰাজবংশীসকল  | কোচ-ৰাজবংশীসকল বিষয়ে | কোচ-ৰাজবংশীসকল ভাষা আৰু সংস্কৃতি 


উনৈশ শতিকাৰ প্রথম দশকৰপৰা কুৰি শতিকাৰ শেষৰ দশকলৈ যিসকল নৃবিজ্ঞানী, গৱেষক, চৰকাৰী। পিয়লৰ কাম কৰোঁতা আয়ুক্ত, ডাক্তৰ বা চিকিৎসক, সমাজবিজ্ঞানী আদিয়ে কোচৰাজবংশীসকলৰ বিষয়ে। গৱেষণা কৰিছিল, সেইসকলৰ বেছিভাগেই একমত আছিল যে অসম, উত্তৰবংগ, নেপাল, ভুটান, বিহাৰ, মেঘালয় আৰু বাংলাদেশত যিসকল ৰাজবংশী লােক আছে তেওঁলােকৰ মূল হল কোচ। অসমত সেই। কাৰণে তেওঁলােকক কোৱা হয় কোচ-ৰাজবংশী। এওঁলােক হিন্দু ধর্মীয় লােক। বহুতে কোচ আৰু | ৰাজবংশীসকলক পৃথক পৃথকভাৱে প্রতিষ্ঠা কৰিব বিচাৰে। এটা সময়ত এনে প্ৰচেষ্টা কৰা হৈছিল যদিও । সেইটো সঠিক আছিল বুলি ক'ব নােৱাৰি। বহুত ঠাইত অকল কোচ আৰু অকল ৰাজবংশী বুলি লিখে যদিও। ৰাজবংশীৰ মূল যে কোচ সেইটো অস্বীকাৰ কৰা নাযায়। মেঘালয় আৰু মেঘালয়ৰ অসম সীমান্ত অঞ্চলত। কিছুমান কোচ লােকে সুপ্রাচীন কোচ-ভাষা আৰু সংস্কৃতি প্রতিপালন কৰি আছে— তেওঁলােকৰ ধাৰাটো হ'ল। আর্যেতৰ ধাৰা। আনফালে পশ্চিম অসম, উত্তৰবংগ, নেপাল, বিহাৰ ইত্যাদি অঞ্চলৰ ৰাজবংশী লােকসকলৰ ভাষা-সংস্কৃতি হ’ল আর্য ভাষা সংস্কৃতি। তেওঁলােকক অকল ৰাজবংশী বুলি কোৱা হয়। তেওঁলােকে হিন্দু ধর্ম গ্রহণ কৰি ৰাজবংশী বুলি পৰিচয় দিয়ে। বহুতে অকল কোচ হিচাপে আর্য ভাষা-সংস্কৃতি প্রতিপালন কৰে। দুটা পৃথক ধৰণৰ ভাষা-সংস্কৃতি প্রতিপালন কৰিলেও নৃতাত্ত্বিকভাৱে সকলাে কোচ-ৰাজবংশী লােকৰ মূল একেটাই, সেয়া হ’ল কোচ। ঠাই বিশেষে এওঁলােক কোচ, কোচ-ৰাজবংশী, ক্ষত্রিয় ৰাজবংশী বা ৰাজবংশী, কোনাে ঠাইত অকল ক্ষত্রিয় বুলিও জনা যায়। এওঁলােক ক্ষত্রিয় বুলি পৰিচিত হলেও আর্য। ক্ষত্রিয় নহয়। সকলােৰে সংস্কৃতিত জনজাতীয় ছাপ স্পষ্ট। অসম, বংগ, বিহাৰ, নেপাল আৰু বাংলাদেশ । আদি ঠাইত এওঁলােক ৰাজবংশী বুলি পৰিচিত। পৰৱৰ্তী সময়ত মদাহী ও মদাহী জনগােষ্ঠী ‘মদক’ নামৰ । জনগােষ্ঠী এটাৰ পৰা অহা বুলি তেওঁলােকে কব খােজে। তেওঁলােকে ‘কোচ’ৰ পৰা অহা বুলি নাভাবে।। তেওঁলােক এটা সুকীয়া জনগােষ্ঠী হিচাপে পৰিচয় দি আহিছে। হাজং, জলধা, ধিমাল, ঝলাে, মালাে, | বৰুৱা মগ, আদি অনেক সৰু সৰু জনগােষ্ঠীৰ লােকসকলে ৰাজবংশী বুলি পৰিচয় দি ধন্য হলেও এওঁলােকৰ

বহুতৰে মূল হ’ল কোচ। এই বিষয়ে কেইগৰাকীমান বিশিষ্ট পণ্ডিতৰ উক্তি উল্লেখ কৰিব পাৰি। বুকানন । হেমিলটনে কয় – ‘মােৰ কোনাে সন্দেহ নাই যে কোচ-জনজাতিৰ সকলােলােকৰ উৎপত্তি হৈছে এক উৎসৰ পৰা

আৰু অধিকাংশ ৰাজবংশীয়ে হ’ল কোচ। (B. Hamilton: 1809)। ১৮৮৯ চনৰ আদম সুমাৰি প্রতিবেদনত হান্টাৰে উল্লেখ কৰিছে সে।


প্রতিবেদনত হান্টাৰে উল্লেখ কৰিছে যে অর্ধ হিন্দু জনজাতি নয়। আলিয়া আৰু ৰাজবংশী জনগােষ্ঠীৰ লােকসকল, যিসকল কোচবিহাৰ ৰাজ্য আৰু সৎ তেওঁলােক মূলতঃ একে বংশজাত উপজাতি। (W. W. Hunter . 1877)


o Winter : 1877)। গ্রিয়াৰছনৰ মতেও যিসকল। কোচ বর্তমানেও হিন্দু ধর্মাৱলম্বী তেওঁলােকে প্রধানভাৱে ৰাজবংশী হিচাপে পৰিচয় দিয়ে ( 1903)।। | ৰিজলীয়েও কোচ, পালিয়া আৰু ৰাজবংশীসকলক নৃতাত্ত্বিকভাবে একে বংশােদ্ভৱ বুলি উল্লেখ কৰে। (Riselv : 1981)। এনেকৈ জে. এ. ভাসৰ তথ্যইও সমর্থন কৰে যে ৰংপুৰৰ (বর্তমান বাংলাদেশ) ৰাজবংশীসকল কোচ জাতিৰ পৰা উদ্ভূত আৰু মংগােলীয় গােষ্ঠীভুক্ত। তেওঁলােকৰ লগত দ্রাবিড়ী তেজৰ মিহলি হৈছে বুলি তেওঁ ধাৰণা কৰে। কিন্তু আর্য তেজ তেওঁলােকৰ শিৰাত প্রায় নাই বুলি ক'ব পাৰি (J. A. Vass : 1911)। উল্লিখিত পণ্ডিতসকলৰ নৃতাত্ত্বিক মতামত সাপেক্ষে কোচৰ পৰা যে ৰাজবংশীসকলৰ উৎপত্তি হৈছে তাত কোনাে সন্দেহ নাই। আনফালে তেওঁলােক যে মংগােলীয় গােষ্ঠীৰ লােক এই কথা। সর্বজন স্বীকৃত। | ভাষাতত্ত্ব অনুসন্ধানকাৰী দেশী-বিদেশী প্রাচীন পণ্ডিতসকলৰ মন্তব্যৰপৰা আধুনিক কালৰ পণ্ডিতসকলে। সিদ্ধান্ত কৰিছে যে কোচসকল আছিল বৃহত্তৰ তিব্বতবর্মী ভাষাগােষ্ঠীৰ লােক। পৰৱৰ্তী সময়ত এওঁলােক নিজৰ সুপ্রাচীন ভাষা-সংস্কৃতি এৰি আর্যভাষা সংস্কৃতি গ্রহণ কৰে। ঐতিহাসিক পণ্ডিতসকলৰ লিখিত ইতিহাসৰ পৰাও জানিব পৰা যায় যে ষােল্ল শতিকাৰ মধ্যভাগত কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোচসকলে সম্পূর্ণভাৱে তেওঁলােকৰ আপুৰণি ভাষা আৰু ধর্ম এৰি হিন্দু ধর্ম গ্রহণ কৰি ৰাজবংশী হয় আৰু পুৰামাত্রাই বর্ণ হিন্দুৰ নিচিনা ভাষা ব্যৱহাৰ কৰিবলৈ ধৰে। (A. Biswas : 2005)।


এই পৰিঘটনা ঘটিছিল বিশেষকৈ পশ্চিম অসম আৰু উত্তৰ বংগ অঞ্চলত। সেইবাবে বর্তমান সময়ৰ পশ্চিম অসমত অর্থাৎ ধুবুৰী, বঙাইগাঁও, গােৱালপাৰা, কোকৰাঝাৰ, চিৰাং আদি জিলাত উত্তৰবংগ, বিহাৰৰ উত্তৰাঞ্চলত, নেপালৰ ঝাপা, মােৰং, আদি জিলাত আৰু বাংলাদেশ প্রাচীন ৰংপুৰ জিলাত ৰাজবংশী বুলি  পৰিচয় দিয়া কোচসকলৰ সংখ্যাই বেছি। 

এওঁলােকৰ ভাষা-সংস্কৃতি জাতিতত্ত্ব আদি ৰাজবংশী বুলি পৰিচিত। 


ভাষা আৰু সংস্কৃতি 


 কোচ ৰাজবংশীসকলৰ ভাষাৰ বিষয়ে দেশী-বিদেশী অনেক পণ্ডিতে আলােচনা কৰিছে। তাৰ ভিতৰত বিখ্যাত হ’ল জর্জ এব্রাহাম গ্রিয়াৰছন। তেওঁক ভাৰতীয় ভাষাসমূহৰ জনক বুলি কোৱা হয়। ভাৰতৰ ভাষা


lic Survey of India)-ত তেওঁ ৰাজবংশী ভাষাৰ কথা উল্লেখ কৰিছে। কোচ পিয়ল গ্রন্থ (Linguistic Survey of India)-ত তেও ।ৰাজ‌বংশী ভাষাৰ কথা উল্লেখ কৰিছে


 ৰাজবংশীসকলৰ মাতৃভাষা ৰাজবংশী ভাষাৰ নিজস্ব শব্দ সম্ভাৰ, সর্বনাম, নিজস্ব ক্রিয়াৰূপ, শব্দৰূপ, মৌখিক আৰু লিখিত সাহিত্য, উচ্চাৰণ ভঙ্গী, নিজস্ব বাক্য গঠন পদ্ধতি আদি আছে। সেয়ে এই ভাষা অন্যান্য আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ পৰা পৃথক আৰু স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন এটি ভাষা।।


কোচ ৰাজবংশীসকলৰ সুপ্রাচীন এটি ভিন্নধর্মী উজ্জ্বল চমকপ্রদ সংস্কৃতি পাওঁ। ভাৰতবৰ্ষত আৰ্যসকলে। সৃষ্টি কৰা বর্ণ ভিত্তিক সমাজ ব্যৱস্থাৰ পৰা কোচ ৰাজবংশীসকল সম্পূর্ণ পৃথক। সময়ৰ সোঁতত তেওঁলােকে এই ব্যৱস্থাৰ আওতালৈ আহিলেও আক্ষত্রিয় হিন্দুসকলৰ সংস্কৃতিৰ লগত এওঁলােকৰ কোনাে মিল নাই। বর্ণ। হিন্দুৰ আচাৰ-নীতি গ্রহণ কৰিলেও কোচ-ৰাজবংশীসকলৰ নিজস্ব আচাৰ-সংস্কাৰ, পূজা-পার্বণ, ধর্মীয় বিশ্বাস, খাদ্য-সম্ভাৰ, পােছাক-পৰিচ্ছদ, আ-অলংকাৰ, গীত-মাত আদি বিদ্যমান। এই সকলােবােৰ স্বকীয় মহিমাৰে সমুজ্জ্বল।


| কোচ ৰাজবংশীসকলৰ জন্ম-মৃত্যু, বিয়াৰ নিজস্ব আচাৰ-নীতি, মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস, মৃতকৰ প্রতি শ্রদ্ধা, নানা ঐন্দ্রজালিক ক্রিয়া, তন্ত্র-মন্ত্রাদি বিশ্বাস, প্রকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা, বট গছক পূজা, টোটেমৰ প্রতি শ্রদ্ধা, জীৱ-জন্তুৰ পূজা, মানুহৰ ৰােগ-ব্যাধি আৰু বেয়া ঘটনাবােৰ অপশক্তি বা ভূত-প্রেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস। নানা ধৰণৰ বাধা-নিষেধ বা অনুশাসন, খােৱা, বেষমা বা বিষুৱা, পুষুণা, কাতিগজা, হােলি, চড়ক পূজা, গাজন, মনসা, বিষহৰি, শীতলা, মাসান, কালী আদি পূজাবােৰত অর্ধ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান। ৰাজহুৱা কামত চাউল, কল, কলৰ গছ, নাৰিকল, তামােল-পাণ, পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয়। ধর্ম পালনৰ বেলিকা বর্ণ হিন্দুৰ দেৱ-দেৱীক পূজা-অর্চনা, ভক্তি শ্রদ্ধা। কৰাৰ লগতে তেওঁলােকৰ নিজস্ব বিধিৰে, বুঢ়াবুঢ়ী, তিস্তাবুঢ়ী, হুদুম পূজা, গ্রাম পূজা, ধামপূজা, মাশান, যখা, সােণাৰায়, কাতি, ষাইটল আদি পূজা কৰে। ধর্মীয় সংস্কাৰৰ ভিতৰত আমাতি, যাত্রাপূজা, চড়ক পূজা, সত্য নাৰায়ণ, ত্রিনাথ পূজা আদি আছে।


| খাদ্য-সম্ভাৰৰ ভিতৰত তেওঁলােকৰ ছেকা, পেল্কা, ভেল্কা, সিদল, সুকা, টোপলাভাতৰ স্বকীয় বৈশিষ্ট্য। সম্পন্ন। পােছাক-পৰিচ্ছদৰ ভিতৰত—মহিলাসকলৰ পাটানী, বুকুনী, ফোতা, ছেউটা; আ-অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰি, শাখা, বাজু; গলৰ সূর্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ; কাণত মাকিৰি, অন্তি; নাকত নােলােক, ফুল; ভৰিত ভােলা খাৰু, ফেলা খাৰু আদি বিখ্যাত।


গীত-মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ ভাওয়াইয়া গান, বিভিন্ন পূজাৰ গান, বাণ গান, কুশান গান, দোতােৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুকখা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান । ডাকনাম, জাগ গান আদি স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন। এইদৰে সামগ্রিকভাৱে বিচাৰ কৰিলে দেখা যায় এওঁলােকৰ   সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ক্ষেত্ৰত নিজস্ব সংস্কৃতিৰ লগতে বৌদ্ধ, শৈৱ, শাক্ত, প্ৰভাৱৰ উপৰি বৰ্ণ। হিন্দৰ প্রতি আকৃষ্ট হােৱাৰ ফলত পৌৰাণিক প্রভাৱ, শঙ্কৰী বৈষ্ণৱ আৰু গৌড়ীয় প্রভাৱাে পৰিছে। তথাপি এওঁলােকৰ সংস্কৃতিত প্রাচীন জনজাতীয় বৈশিষ্ট্য উজ্জ্বলভাৱে জিলিকি থকা দেখা যায়।।




Post a Comment

Please Select Embedded Mode To Show The Comment System.*

Previous Post Next Post

Contact Form