লংকাম তেৰণ : লংকাম তেৰণ ৰ বিষয়ে ,লংকাম তেৰণ চমু পৰিচয়
লংকাম তেৰণ
সু-সাহিত্যিক লংকাম তেৰণৰ জন্ম হয় ১৯৩২ চনত। তেওঁৰ দেউতাকৰ নাম ডিপ্ল তেৰণ আৰু মাকৰ নাম কাচাই হাঞ্চেপী। ১৯৫৭ চনত কাচে ৰংহাংপীৰ লগত বিবাহ হয়। ১৯৬৪ চনত মিকিৰ পাহাৰ জিলা পৰিষদৰ জন সম্পর্কৰক্ষী বিষয়া পদত মনােনীত হয়। তেওঁ কাবি আদৰবাৰৰ সাধাৰণ সম্পাদক আৰু সভাপতি পদকো অলংকৃত হৈছিল। কাৰবি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদতাে কার্যনির্বাহ কৰিছিল। ৰচিত, সংকলিত আৰু অনুদিত গ্রন্থ মুঠ ৪১-খন। তেওঁৰ দ্বাৰা ৰচিত গ্রন্থসমূহ হ'ল ৰং কেছেং’, ‘টামাহিদি’, ‘কিতাপ কিমি’, ‘কাবি লামকুৰু’, ‘কাবি জনগােষ্ঠী’, কাবি লামকুৰু-লামছেং’, ‘কাবি ভাষা পৰিচয়’, কাবি লামছাম’ আদি।
Tags
সাধাৰণ জ্ঞান