ছামছিং হাঞ্চে
ছামছিং হাঞ্চেৰ চমু পৰিচয়
ছামছিং হাঞ্চে এজন লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্রযােজক, ৰাজনীতিক, সাহিত্যপ্রেমী ব্যক্তি। নগাঁও জিলাৰ সৰুবাট মৌ জাৰ অন্তৰ্গত পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত ১৯৪৮ চনৰ এপ্রিল মাহৰ ১৮ তাৰিখে তেওঁৰ জন্ম হয়। পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাএৎ টেৰণপী। বাল্যকালতে পৰিয়ালটোৱে পুৰণি স্থান পৰিত্যাগ কৰি হংক্রাম নামৰ ঠাইলৈ স্থানান্তৰিত হয় আৰু তাতে স্থায়ীভাৱে বসতি কৰে। হংক্রাম প্রাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ হয়। পাছলৈ টীকা মধ্য ইংৰাজী বিদ্যালয়ত আৰু কামপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষা গ্রহণ কৰে। ডিফ চৰকাৰী বালক বিদ্যালয়ত ভর্তি হয় যদিও প্রৱেশকা। পৰীক্ষাত উত্তীর্ণ হ'ব নােৱৰাত সেনাবাহিনীৰ চাকৰি কৰে। তিনি বছৰৰ পিছত চাকৰি ইস্তফা দি ১৯৬৭ চনত বৈঠালাংছ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীর্ণ হয়। ১৯৭৩ চনত স্নাতক ডিগ্রী লাভ কৰে।
ভাষা-সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁ কেইবাখনাে পুথি কাৰবি আৰু অসমীয়া ভাষাত প্রণয়ন কৰি প্ৰকাশ কৰিছিল। সেইবােৰৰ ভিতৰত নাম তাই হাঈমু’, কাৰবি প্রণয়ী গীত’, ‘ছাবিন আলুন’ (কাবি ৰামায়ণ) কুমলীন’, ‘ৰােমীৰ এমুঠি কাৰবি কবিতা’ (অনুবাদ) আৰু “ছে হনজেং’ নামৰ গ্ৰন্থ উল্লেখযােগ্য। ১৯৮৩-৮৪ চনত কাবি লামেত আমেইৰ (কাৰবি সাহিত্য সভা) সাধাৰণ সম্পাদক ১৯৮৪-৮৫ চনত সভাপতিৰ আসন অলংকৃত কৰে।
১৯৮৫ চনত বিধান সভাৰ সাধাৰণ নিৰ্বাচনত ষ্টিৰ পৰা নির্বাচিত হৈ অসম মন্ত্রীসভাত কেবিনেট মন্ত্রিত্ব লাভ কৰিবলৈ সক্ষম হয়। ১৯৯৮ চনৰ জানুৱাৰী মাহৰ ১৩ তাৰিখে সকলােকে ম্রিয়মান কৰি ইহ সংসাৰৰ পৰা চিৰকালৰ বাবে বিদায় ললে। কাৰবি ভাষা-সাহিত্যৰ সাধক আৰু এজন পথপ্রদর্শক হিচাপে তেওঁৰ নাম আমাৰ মাজত সদায় অমৰ হৈ থাকিব।